নীলা খামৰ চিঠি
ৰুবি বুঢ়াগোহাঁই
গোলাঘাট
মৰমৰ নীলাভ,
অন্তৰৰ সাঁচতীয়া মৰমবোৰ পত্ৰৰদ্বাৰাই পঠালোঁ নীলাভ, হিয়া উপচাই ল'বা। বহুদিনেই হ'ল তোমাৰ খবৰ এটাও নোপোৱা, ক'ত আছা, কেনে আছা জানিবৰ হেঁপাহেৰে পত্ৰখনি পঠালোঁ। উত্তৰ পালে সন্তোষ পাম।
নীলাভ, বহুদিনেই হ'ল আমাৰ সপোনবোৰ অবাটে যোৱা, মনৰ আশাবোৰে অমাৱস্যাৰ নিশাৰে বাট লোৱা, যেন অভিশপ্ত হ'লো মই প্ৰেমৰ ভিক্ষাৰী হৈ। হেঁপাহৰ হৃদয়খনিও লৈ গুচি গ'লা। তাতেই আছিল মোৰ প্ৰেমৰ জোলোঙাটি। নীলাভ, কেনেদৰে ৰাখিছা বাৰু মোৰ হেঁপাহৰ জোলোঙাটি ? সযতনে ৰাখিবা, কষ্ট নিদিবা কাহানিও। নিদিবা আনক বিলাই মোৰ মৰমবোৰ, সেইবোৰ যে কেৱল তোমাৰ বাবেহে সাঁচি ৰাখিছিলো। মাজে - মাজে সপোনত তোমাৰ আগমনে মোক ব্যাকুল কৰি তোলে জানা। কিন্তু দিঠকত নাই, চাৰিওফালে কেৱল বিষাদ, মাথোঁ বিষাদ। আহিবানে আকৌ সেই অমাৱস্যাৰ নিশাৰে বাট লোৱা তোমাৰ অভিশপ্ত প্ৰেয়সীৰ সৈতে এগছি বন্তি জ্বলাবলৈ, আকৌ এবাৰ খুলি চাবানে মোৰ মৰমৰ টোপোলাটোত কি আছে - ! কিমান আছে - !
আশাবোৰে বাট চাই ৰ'ব নীলাভ, ওৰেতো জীৱন। হাজাৰ বুজালেও বুজি নোপোৱা এই মনটোক বুজাবলৈকে চিঠিৰ উত্তৰ লিখিবা। বহু আশাৰে বাট চাম।
শেষত য'তেই আছা, যেনেকৈ আছা ভালে থাকা, সদায় ভালে থাকা। মোৰ শুভ কামনা সদায় থাকিব। পুনৰ হিয়াভৰা মৰমেৰে আজিলৈ আহোঁ।
ইতি -
তোমাৰ
"আশা”
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment