ফাগুনৰ অনুভৱ
ৰিজু মণি বৰা
নগাঁও
ফাগুন! উফ কি যে এক মায়াসনা অনুভৱ। ফাগুন মানে উন্মাদনা, ফাগুন মানে নতুনত্বৰ সৃষ্টিৰ সম্ভাৱনা। ফাগুন মানে যেন নীলা আকাশত ওলমি থকা শুকুলা মেঘৰ চপৰা। শীতৰ বাট কাটি কুঁৱলীৰ আঁচল খহাই ফাগুন এই ধৰালৈ নামি আহে। ফাগুন মানে ফিৰ ফিৰকৈ বৈ যোৱা এজাক পছোৱা বতাহ। ফাগুনে যেন নিশাৰ আকাশখনক চন্দ্ৰিকাৰ জোৰোণ পিন্ধাই আনন্দৰ মেলা পাতে। যদিও ফাগুন মানে ধূসৰিত চৌপাশ,উদং পথাৰ, সৰাপাতৰ উচুপনি, ধূলিয়ৰি ধূসৰ আকাশ, তৰাং নদীৰ বেদনাৰ আলাপ তথাপিও ফাগুনেই আনে ৰঙৰ বতৰা। ফাগুনে আকাশত ৰঙা ৰং সিঁচি সকলোকে মতলীয়া কৰে। প্ৰেমৰ ভাৱনাত সকলো উটি ভাহি ফুঁৰে। লঠঙা শিমলু, মদাৰ, পলাশত ৰঙা ৰং সানে। ফাগুনৰ প্ৰথমজাক বৰষুণে ৰুক্ষ আৰু খৰাং হৈ থকা এই ধৰাক সম্ভাৱনাৰ বীজ সিঁচি পুনৰ সেউজীয়াৰ দিশে আগবঢ়াই নিয়াৰ ঠিকনা দিয়ে। সেয়েহে ফাগুনতে উন্মীলিত হয় সেউজীয়াৰ ঠিকনা। উদং পথাৰ, তৰাং নদী, শুকান অৰণ্যক পুনৰ সজীৱ কৰাৰ সম্ভাৱনা কঢ়িয়াই আনে ফাগুনে। ফাগুনেই দিয়ে নৱচিন্তাৰ উন্মেষণ। ফাগুন মানে নিচা, ফাগুন মানে হৃদয়ৰ পৰা হৃদয়লৈ কঢ়িয়াই ফুৰা প্ৰেমৰ বতৰা। সেয়েহে এই ফাগুনৰ মায়াত ডুব গৈ বহু কবিয়ে কবিতা লিখিছে, বহু গীতিকাৰে গীত ৰচিছে।ফাগুন বুলিলেই শৈশৱৰ সেই সোণোৱালী দিনবোৰলৈ ওভতি যাবলৈ মন যায় য'ত ল'ৰা-ছোৱালীবোৰে উদং পথাৰলৈ গৈ ৰং বিৰঙৰ চিলা উৰুৱাই আনন্দত আত্মহাৰা হৈ পৰিছিল, পলাশৰ পাহিবোৰ নখত লগাই আনন্দত ওমলিছিল।ফাগুন বুলিলে ৰঙৰ উৎসৱ ফাকুৱালৈ মনত পৰে য'ত হোলী গীত গাই ইজনে সিজনক ৰং বিৰঙৰ ফাকু সানি ৰং- ধেমালি কৰে। ফাগুনে সানে উকা মনত আনন্দৰ ৰং। সঁচাই ফাগুন অনন্য। ফাগুন মানে পাৰ ভঙা আৱেগ। মন মতলীয়া কৰা চৌদিশ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment