বন্ধুত্ব
অনুপম শৰ্মা
ভূল নুবুজিবা আজানিতে কয় দিলো,
নকব লগা কথাষাৰ।
সময় নহল ভাবি চোৱা,
নহল তুমি ভাল পোৱা নে বেয়া পোৱা।
কেতিয়াবা কবলৈ মন যায়,
মনত পুহি ৰখা গোপন কথা।
কথাষাৰ তোমাৰ নহব পাৰে পছন্দ,
তথাপি নাইকীয়া নকৰিবা আমাৰ বন্ধুত্ব।
কেনেকৈ আছো তুমি কি বুজিবা,
কি বুজিবা তুমি নহলে,
আজি মৰমৰ পৃষ্ঠা বোৰ উকা হৈ পৰিছে।
পাৰিম জানো নিজক বুজনি দিব,
নিজক সান্তনা দিব,
তোমাক লৈ দেখা সপোন,
মিঠা এক প্ৰেমৰ কবিতা...।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment