চঞ্চল বতাহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

চঞ্চল বতাহ



 চঞ্চল বতাহ


                      কৰবী গগৈ দুৱৰা

                  দুলিয়াজান, ডিব্ৰুগড়


চঞ্চল বতাহে ধূলিয়ৰী বাটত

ফাগুনৰ ৰহন সানিব,

এতিয়া যেন চৌদিশে

আমোলা-মোলাই বিয়পি পৰিব

ফাগুনৰ আৱিৰৰ সুৱাস।


উন্মুক্ত বলিয়া ফাগুনৰ পৰশ লাগি

উন্মনা হৈ পৰিব মন

কি যে এক মিঠা অনুৰণন।


ফাগুনৰ চঞ্চল বতাহত

বিৰিখৰ শুকান পাতবোৰে

বতাহৰ ৰাগিত হালি-জালিকৈ নাচিব।

আৰু 

প্ৰকৃতিৰ আচ্ছাদনত উতনুৱা হৈ

ফাগুনে কঢ়িয়াই আনিব

এজাক প্ৰেমৰ বৰষুণ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages