এখনি প্রামাণ্য আলেখ্য ‘আলি-আয়ে লৃগাং’
ড° অভিজিৎ পায়েং
ফাগুন। ৰিব ৰিক্ মলয়া বতাহ। গছ-বিৰিখৰ কুঁহি কোমল পাতেৰে প্রকৃতি জাতিষ্কাৰ হৈ পৰাৰ বতৰা। তেজৰঙা শিমলু, মদাৰৰ ফুলে মৌ-পিয়াহ পক্ষীৰ মন-প্রাণ মোহিত কৰাৰ ক্ষণ। গীতিকাৰে সজাই তোলে গীতৰ কৰণি। 'আলি-আয়ে লৃগাং'ৰ মনোৰম বৰ্ণনাৰে কবিৰ কবিতাত জোৱাৰ উঠে -
"ফাগুন মানেই স্নেহৰ 'আলি-আয়ী লৃগাং' 'আলি-আঃয়ে লৃগাং' মানেই ফাগুন।
পুৰাং আপিন নগিন, পঃৰ আপং য়াঃমে-মৃমবৃৰে মিবু গালুক, গনৰ উগন, য়াকান এগে, ৰিঃবি-গাচৗং পিন্ধি প্রাণ ঢালি 'লঃলে, গুমৰাগ চঃমানৰ'ৰ বতৰা..."
(ফাগুন)
শদিয়াৰ পৰা বুৰৈ ভুৰলীলৈকে উখল-মাখল 'মুৰং ঘৰ'ৰ বাকৰিত ঢোলে-তালে, লেকে নিঃতম আৰু অই-নিঃতম গাই দিনে-ৰাতি একাকাৰ কৰা ডেকা-গাভৰু, ল'ৰা-ছোৱালী, আদহীয়া-বোৱাৰীৰে 'বৃঃবৃগ নিঃতম' আৰু 'গুমৰাগ চঃমান' গীত-নৃত্যৰ ঢল নামে - “গুমৰাগ, গুমৰাগ, কেকনলক গুমৰাগ, গুমৰাগ, গুমৰাগ আগিন আগিন গুমৰাগ..."
অসমৰ সৰ্ববৃহৎ দ্বিতীয় জনজাতি কৃষিজীবি মিচিং সকল। তেওঁলোকৰ জাতীয় উৎসৱ 'আলি-আয়ে লৃগাং'। ইয়াক ক্ষেত্র বিশেষে 'আলিয়াই লৃগাং' বা 'লৃগাং' বুলিও কোৱা শুনা যায়। এই উৎসৱ ফাগুনৰ প্ৰথম বুধবাৰে অতি উলহ-মালহেৰে উদ্যাপন কৰে। পূর্বতে ফাগুন বা চ'ত মাহত আহু ধান আদি সিঁচিবৰ সময়ত 'আলি-আয়ে নৃগাং' উদ্যাপন কৰিছিল। ১৯৫৬ চনত মিচিং বাঃনৗ কৗবাঙে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ আৰম্ভ বা অনুষ্ঠিত কৰাৰ ৰীতি প্ৰৱৰ্তিত কৰে। ফলস্বৰূপে লাহে-লাহে সকলো মিচিং গাঁৱতে এই উৎসৱ উদ্যাপিত হ'বলৈ ধৰিলে। ৰীতি অনুসৰি ঘৰৰ বাৰীৰ বা পথাৰৰ এচুকত ঘৰৰ বয়োজেষ্ঠ্য জনে মাটি চহ কৰি 'আলি-আয়ে লৃগাং' কৰে। অৰ্থাৎ ধানৰ গুটি, মাটি কুৰিয়াই সিঁচাৰ আৰম্ভণি কৰে। সৃষ্টিকর্তাৰ পৰা প্ৰকৃতিক শস্য-শ্যামলা কৰি তোলাৰ আশীষ বিচাৰে -
"উপৗকা, গুঃচিন্ গামমাঃঙী তল বল লাংকা। চিল তাগয়িং তাংঙক দর্পী তৃঃপীনামীম্ চিদদুং। অপান্ আঃবেনীম্ কগঃমাংগম্ বিচুয়েকু।"
"কুম্দাং বৃংঙঙী কাঃ তাত্তলাংকা, চিনী য়নী তাঃত য়াঃয় নলুতী কাঃলা-তাব্লাংকা।”
(দুখ আপদবোৰ, বিফলতা আৰু বাধা-বিঘিনীবোৰ ইয়াৰ পৰা আঁতৰি যাওক, আজি পাঁচ দহ বছৰৰ খাবলগীয়া শস্য সিঁচা আৰম্ভ কৰিছো, নিছলা, দুখীয়া, খোজনীয়া, মগনীয়াক দান দিম। ঘৰৰ লক্ষ্মীদেৱী দৃষ্টি ৰাখক, মৃত আতা-মাতা, পূর্ব পুৰুষ সকলে শস্যবোৰ ৰাখি ডাখি ৰাখক।)
মুৰং ঘৰৰ বাকৰিত সমূহীয়া ঢোল-তালৰ ছেৱ, লৗঃনং আৰু মাৰবাঙৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত হয়। এই 'মুৰং ঘৰ' মিচিং ডেকা-গাভৰুৰ কৃষ্টি-সাংস্কৃতি চর্চ্চাৰ কেন্দ্ৰ। ইয়াৰে চৌহদৰ কোনোবা এটা কোণত বর্গাকাৰ ক্ষেত্ৰৰ মাটি চহ কৰি ভেটি সাজি চাৰিওফালে মেগেলা গছ, মেগেলা গছৰ পাতৰ পাকে-পাকে কপাহ গুজে আৰু কেচাঁ সূতা টানি মাঙ্গলিক ৰীতি-নীতি মতে ধান, কচোঁ আৰু আদা আদি ৰোপন কৰে। জাকে-জাকে গাঁৱৰ ডেকা-গাভৰু, ল'ৰা- ছোৱালী, বুঢ়া-মেথা, আদহীয়া-বোৱাৰী ৰিবি গাচেং, য়াকানৗ এগে, লুগ্ৰ গালুক, গন উগন পিন্ধি প্রাণ ঢালি নাচি 'বৃঃবৃগ নিঃতম' (বিশেষ গীত) গাই-
"ল লালে লালে লঃলে দাব লালে লালে লঃলে
চিচুগ্ চুগ চুগব্ বদিয়া
ৰৗগাম গাম্ব গাম্ব বদিয়া”
(হৰিণাই হৰিণীৰ সৈতে আনন্দত জপিয়াই দৌৰি যোৱাৰ দৰে আমিও আজিৰ আনন্দ উৎসৱত মতলীয়া হৈছোঁ।)
"য় ঝঃচে পাঃম চুতকা
অমুম বুলুৱা, ঝঃচে পাঃম চুতকা।
য় কৗঙৗ বীৰীং চুতকা অমুম বুলুৱা, কেন্তুৗঙী বীৰীং চুতকা।"
(আহা বন্ধু-বান্ধৱীহঁত। সাজি কাচি আমাৰ লুগাং উৎসৱক আনন্দ মুখৰ আৰু ৰঙেৰে ৰঙীন কৰোঁ।)
মাংগলিক কাম সমাধা কৰাৰ পিছতে পথাৰত বা ঘৰত থকা খেতিৰ সঁজুলি কোৰ, নাঙল আদি ধুই-পখালি, লগতে ছাই মদ ঢালি চাঙত তুলি থোৱা হয় আৰু ন-জোন ওলোৱাৰ পিছতহে সেইবোৰৰ ব্যৱহাৰ পুনৰ আৰম্ভ কৰা হয়। পুৰাং আপিন, মাছ, মাংসৰ আঞ্জা, পঃৰ আপং (ছাই মদ) আদিৰে 'আলি-আয়ে নৃগাং' বা 'নৃগাঙ'ত ভোজন-বোৱাৰ আনন্দ উপভোগ কৰিবলৈ আগৰে পৰা সকলো যা-যোগাৰ কৰা হয়। অতীজতে হাবিৰ চিকাৰ (কি-ৰুগ্ কন্নাম) কৰিছিল। চিকাৰৰ মঙহৰ ভাগ গাঁৱৰ প্ৰতি ঘৰকে দিয়া হৈছিল।
আজিকালি হাবি নোহোৱা হ'ল, চিকাৰো বে-আইনী হ'ল। 'আলি-আয়ে লৃগাঙ'ত খোৱা-বোৱাৰ আনন্দ নিজৰ পৰিয়ালৰ সদস্যই উপভোগ কৰাতকৈ ঘৰলৈ অহা গাঁৱৰ লোক আৰু আন ঠাইৰ পৰা অহা আলহীক আপ্যায়ন কৰাটোৱে বেছি আনন্দদায়ক। বুঢ়া-বুঢ়ী, ডেকা- গাভৰু আৰু ল'ৰা-ছোৱালী, বিশেষকৈ ল'ৰাবোৰে ইঘৰ-সিঘৰ কৰি বহুতো ঘৰত খায় আৰু খুৱাওতা ঘৰখনক আর্শীবাদ দি ফুৰে। গাঁৱৰ মুখিয়ালৰ ঘৰৰ 'লৗংনং', 'মাৰবাং' বজাৰ পিছতহে খোৱা-বোৱা আৰম্ভ কৰিব পাৰে। প্ৰতি ঘৰৰ মূৰব্বীজনক এবাটি আপং, এটি পুৰাঙৰ টোপোলা (আম্পি ভাতৰ টোপোলা) দিয়ে। ঘৰৰ তেওঁৱে প্ৰথমে খোৱা আৰম্ভ কৰে।
তাৰ পিছত ‘মৃজিং বাৰৃক’ (বুঢ়া দলৰ বাৰিক) জনে গাঁৱৰ সিটো মূৰৰ পৰা প্ৰতি 'মূজিং' (বুঢ়া) সকলক মাতি লৈ যায় আৰু আনটো মূৰৰ পৰা খোৱা-বোৱা আৰম্ভ কৰে। প্ৰত্যেক ঘৰৰ বুঢ়া মানুহজনে এই দলত যোগ দিয়া নিয়ম আছে আৰু কৰিব লাগে। তেওঁলোকে খোৱা আৰম্ভ কৰাৰ আগতে 'আপং আপিন' (আপং ভাত), আমং আচি (মাটি পানীক) অর্থাৎ বসুমতী আইক প্রথমে দান দি এই ‘পেনাম’ (বচন) ক'ব -
“চিনা, চিল ৰুঃনৗ-পৃনৗ, চিনৗ-মঃব নলুম্ আপ্পৃঙৗম দৃতাগ্ দমান তৃঃমান্ক বিপঃদুং। অকুম আঁৰাঙীম আইমতইকা, আবৃগ আঁচিণ্ডীম আইমতইকা, লুন্ঞিং কমচুং চঃঞি চঙুম্ক আঃমৗম পাঃমতইকা।”
আগলৈ…..
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৪
No comments:
Post a Comment