এন্দুৰ
নাছিৰ আহমেদ
শিমলাবাৰী, গোৱালপাৰা
মোৰ সন্মুখত তিনিডাল আঁচ টনা -
ধৈৰ্যৰ আঁচ,
ত্যাগৰ আঁচ
আৰু শক্তিৰ আঁচ।
ভোকোলা এন্দুৰটোৱে অহা যোৱা কৰে -
নতুনকৈ সজাই তোলা শাকনি বাৰীত
ন ন কুঁহিপাতবোৰ ধলফল ধলফল কৰে;
গজগজকৈ গজি আছে তজবজীয়া ফুল আৰু ফল।
কিন্তু, ভোকোলা এন্দুৰে খাই নিঃশেষ কৰিল কৰিলে মোৰ হেঁপাহৰ ফল।
ভোকোলা এন্দুৰটোৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি হ'ল -
মোৰ শস্য-শ্যামলা পথাৰখন খাই তহিলং কৰিলে,
ভঁৰালৰ ধান কুটি কুটি খালে,
জোঙা দাঁতেৰে মোৰ বিছনাৰ তুলি, গাৰু, চাদৰ টুকুৰা টুকুৰ কৰিলে।
ভোকোলা এন্দুৰটোৰ ইমান স্পৰ্ধা ?
মোৰ সন্মুখত থকা তিনিডাল আঁচকো স্পৰ্শ কৰিলে;
গোটেইখন চোতালত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খান্দিলে;
য'ত বিষাক্ত সাপ আৰু বৃশ্চিকৰ সৈতে ভোকোলা এন্দুৰৰ এতিয়া সহবাস !
মোৰ সন্মুখৰ আঁচ তিনিডাল
এতিয়া থৰক-বৰক
জোঙা দাঁতেৰে মোক কামোৰা
ভোকোলা এন্দুৰটোক ফান্দত পেলাবলৈ
ময়ো পাতিছোঁ এটি ঘন ফুটাৰ জাল!
No comments:
Post a Comment