ইয়াত কেতিয়াও এটা কবিতা নাছিল
ভাৰতী বসুমতাৰী
ধেমাজি
ইয়াত কেতিয়াও এটা কবিতা নাছিল
ইয়াত কেতিয়াও কাৰো ক'তো প্ৰেম হোৱা নাছিল
ইয়াত ৰঙ আছিল - ফাগুন
ইয়াত ফুলি আছিল - চিঙ্গি আপ্পুন
ইয়াত - লৃগাঙৰ গুমৰাগ
ঐনিতমৰ ওঁঠে ওঁঠে নামি অহা
পুৰাঙ আৰু আপঙৰ সমুদ্ৰ ৰাগী
ইয়াত কেতিয়াও এটা কবিতা নাছিল
ইয়াত কেতিয়াও কাৰো ক'তো প্ৰেম হোৱা নাছিল
ইয়াত - গছে হাত-ভৰি মেলি দিছিল
ইয়াত - পকা পাতবোৰ ডাল এৰি
এটি এটিকৈ সৰি আছিল
ইয়াত - ধূলিয়ৰী বাটে
খোজবোৰ হেৰুৱাই আছিল
হেৰুৱাই আছিল জেকা মাটি আৰু
কেচু-কুমটিৰ কেচেমা গোন্ধ
হেৰুৱাই আছিল ঝিলিৰ মাত
ইয়াত কেতিয়াও এটা কবিতা নাছিল
ইয়াত কেতিয়াও কাৰো ক'তো প্ৰেম হোৱা নাছিল
ইয়াত নাছিল শাওঁনৰ চোকা ৰ'দ
ফুলা নাছিল খৰিকাজাঁই-আমোলমোলাই
শীতৰ হিমবাহ খহাই
বুকু আৰু আঁঠু
কঁপি উঠা নাছিল
ইয়াত - সেউজ সম্ভাৱনা আছিল
আছিল বসন্তৰ অধীৰ অপেক্ষা।
ইয়াত কেতিয়াও এটা কবিতা নাছিল
ইয়াত কেতিয়াও কাৰো ক'তো প্ৰেম হোৱা নাছিল।
No comments:
Post a Comment