গধূলি
মৰ্জিনা বেগম
নলবাৰী
নিয়ৰ সনা গধূলি
সোৱৰণীৰ কোমল বতাহজাকে,
বৰকৈ উৰে মন দুলনাত
ঠিকনা বিচাৰি তোমাৰ।
মৌসনা অচিনাকী মাত সাৰে
পুণৰ সাৰ পোৱাই,
এটি নিৰৱধী গধূলি
যত ঠিকনা কেৱল তোমাৰ মোৰ।
এচলু মৰমৰ আচল তিয়াই
দি যোৱা কৃষ্ণচূড়া,
দিয়া নিদিয়াৰ প্ৰতিশ্ৰুতিৰে
নিয়ৰ সৰা শেৱালিৰ।
Doksiri দকচিৰি, মে, ২০২৪
No comments:
Post a Comment