তুমি ক’বা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, April 30, 2024

তুমি ক’বা

 


তুমি ক’বা


                 পাপু মজুমদাৰ

                            নগাঁও


যদি নীৰৱতাই প্ৰশ্ন কৰে

তুমি ক’বা

মই এটি দুঃস্বপ্নৰ দৰে ! 

মোৰ জীৰ্ণ জীৱনৰ গল্পৰ

মূল চৰিত্ৰবোৰ

আজি সম্পাদকীয় অৱহেলাৰ চিকাৰ ! 


মোৰো অভাৱ আছে।


মনতে বসন্তৰ উন্মাদনা চোৱাৰ হেঁপাহ নথকা নহয়.... 

মন যায়

এটি প্ৰেমিক চৰাইৰ সুৰ হ’বলৈ

কিন্তু !

মোক যেন বিধ্বস্ত কৰি থৈ গ’ল

তোমাৰ মিছা ছলনা

আৰু

পৰিকল্পিত নাটকীয় অনুভূতিবোৰে...... 

মোৰ আজিকালি লিখিবলৈ

মন নাযায়

তথাপিতো

মই নিজৰ বাবে দায়বদ্ধ। 

ঠিক তুমি যেনেকৈ

বিলাসবহুল জীৱনৰ ওচৰত.... 

সৃজা, তুমি এতিয়াৰে পৰা

মাথোঁ মোৰ কবিতাৰ কাল্পনিক কোনো চৰিত্ৰ !


Doksiri দকচিৰি, মে, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages