মিচিং ভাষাৰ বানান পদ্ধতি আৰু কিছু কথা
প্ৰবীণ কুমাৰ মিলি
মিচিং ভাষাৰ এক বিজ্ঞান সন্মত সমাধান দুজন বৰণ্যে ব্যক্তি আগম মিগাং টাবুৰাম টাইদ আৰু আগম মিগাং নাহেন্দ্ৰ পাদুনদেৱে কৰি থৈছে বুলি ক'লেও ভুল কোৱা নহ"ব। কিন্তু, পাবত গজা কেইজনমান পণ্ডিতৰ বাবে ভাষাটো বৰ আহুকালত পৰিছে। এই কথাটো ক'বলগীয়া হৈছে এটা কথাৰ কাৰণে যে, কিছুমানুহে ভাষা জ্ঞানৰ দোহাই দি যিবোৰ কথা কয়- শুনিবলৈ ভীষণ বেসুৰা লাগে। কোনো ধৰণৰ গভীৰ তত্ত্ববোধ নথকা কথাৰে যিধৰণে social mediaত কথাবোৰ কৈ থাকে শুনিলে ক্ৰোধ জাগে। বিশেষকৈ মিচিং ভাষাৰ বানান পদ্ধতি সম্পৰ্কে যিবোৰ অভিযোগ শুনা যায় এয়া বহুলাংশে ভিত্তিহীন আৰু সস্তীয়া চিন্তা-চৰ্চাৰ পৰিচায়ক। উদাহৰণ- নামবাচক বিশেষ্য (Proper noun ) ৰ ক্ষেত্ৰত কিছুলোকে কয় - কেনেকৈ p,t,k,s নাইবা b,d,g ৰ তাৎক্ষণিক ধ্বনি পৰিৱৰ্তন ঘটিব? কিন্তু, বানান পদ্ধতিয়ে কৈছে যে- 'অসমীয়া ভাষাৰ বহুতো নামবাচক বিশেষ্য প, ত, ক ধ্বনিৰে শেষ হ'ব পাৰে। এনেক্ষেত্ৰত বানানৰ শৃংখলা ৰক্ষাৰ বাবে ওপৰৰ (১) নং ছেদত শব্দৰ শেষত 'প'ৰ সলনি 'ব', 'ত' ৰ সলনি 'দ' আৰু 'ক' ৰ সলনি 'গ' লিখিবৰ বাবে ছুপাৰিছ কৰা হৈছে। অসমীয়া বা অন্যান্য ভাষাৰ পৰা লোৱা বিভিন্ন নামৰ ক্ষেত্ৰত এই ৰীতি প্ৰযোজ্য ন'হব। গতিকে এনে নামৰ শেষত b,d,g ব্যৱহাৰ নকৰি p,t,k ব্যৱহাৰ কৰিম, যেনে- Protap, Prodip....' (ছেদ নং ১৫, পৃষ্ঠা নং ৩৬)। ঠিক তেনেদৰে নামবাচক বিশেষ্যৰ বেলিকা শব্দৰ শেষত প্ৰত্যয় যোগ হ'লে হাইফেন লিখাৰ দিহা কৰিছে। যেনে- Prodip-ké ইত্যাদি। আনকি Yammin ( সৰ্বনাম) পদবোৰো প্ৰায় প্ৰত্যয় হিচাপে ব্যৱহাৰ হোৱা মিচিঙত দেখা যায়। তেনেক্ষেত্ৰতো হাইফেন লিখিব লাগে। যেনে- Gumrag-bulu, Kangkan-ngolu, Tapung-bí আদি।
মিচিং ভাষাৰ বানান পদ্ধতিয়ে আৰু কিছুমান মনত ৰাখিব লগীয়া ডাঙৰ কথা কৈছে অথচ যাক আমি মনোযোগ নিদিও নাইবা মানিব নোখোজো। এইটো হ"ল la: বা lang ৰ ব্যৱহাৰ। যদি কোনো স্বৰ বৰ্ণ আৰু g,k আৰম্ভ হোৱা শব্দৰ আগত ওপৰোক্ত শব্দ লিখিব লগীয়া হয় তেন্তে lang লিখাৰ নিয়ম। উদাহৰণ- Talom lang Gomug-bí ataikumso, Pakkom-bí lang Kurbang-bí ésab ku:dung. ঠিক তেনেদৰে, প্ৰত্যেকটো স্বৰ বৰ্ণ (gomug abíg) ৰে লিখিত শব্দৰ আগত lang ব্যৱহাৰ কৰা দৰকাৰ। যেনে- Mising opín kébangé lang ohom migomé silo opín ngasod léga:pé luposuka, ইয়াত Ohom শব্দৰ প্ৰথম বৰ্ণটো o, আৰু o বৰ্ণটো স্বৰ বৰ্ণ (gomug abíg) গতিকে lang হোৱা একান্ত দৰকাৰী। তাৰবাদে বাকীবোৰত la: ব্যৱহাৰ হ'ব। আৰু এটা কথা, বানান পদ্ধতিৰ ৫ নং ছেদৰ ৫.২ ( পৃষ্ঠা নং -২৯) ত লিখা আছে যে, n ৰ পিছত y ধ্বনি থাকিলে y ৰ সলনি ny (ঞ) হৈ যায়। যেনে- Ben+yag= bennyag ইত্যাদি। কিন্তু, এই কথাটোকে মানিব নুখুজি বহুতে বহুত ধৰণে বিতৰ্ক কৰা দেখা যায়।
এইখিনিতে, প্ৰণিধানযোগ্য যে অসমীয়া ভাষাটোক ওচৰৰ ভাষা, আনকি শিক্ষালব্ধ ভাষা হিচাপে আমি ধনীভাষা বুলি গন্য কৰো যদিও আজিপৰ্যন্ত এই ভাষাটোৰে সুনিৰ্দিষ্ট বানান পদ্ধতি তৈয়াৰ হোৱা নাই। যিদৰে ভাষাৰ ক্ষেত্ৰত মিচিং ভাষাৰ নিৰ্দিষ্টতা এটা তৈয়াৰ হ'ল। ভাষা এটাৰ গতিপথ তৈয়াৰ হৈ নিজা জাতিটোৰ আন্তৰিক ভালপোৱা আৰু একাণপতীয়া সাধনাৰ বলত। কিন্তু, আমাৰ সমাজত জনা-বুজা মানুহ বেছি অথচ ভাষাৰ যুগাগ্ৰতিৰ বাবে নৈতিক দায়বদ্ধতাৰে ওলাই অহা মানুহ আঙুলিৰ মূৰত গণিব পৰা।
যি কি নহওক, অতি সম্প্ৰতিৰ মিচিং ভাষাৰ বানান পদ্ধতিক আমি বেদবাক্য বুলি কোৱা নাই। সময়ানুসৰি উপযুক্ত ভাষাবিদৰ হাতত এদিন ই সংশোধিত ৰূপ, নিশ্চয় পৰিগ্ৰহণ কৰিব। যোৱা ইং ২,৩ আৰু ৪ আগষ্ট ২০২৪ তাৰিখে অধ্যাপক, আগম মিগাং নাহেন্দ্ৰ পাদুনৰ তত্ত্বাৱধানত এক পুনৰীক্ষণ কমিটিয়ে কিছু সংশোধন, সংৱধৰ্ন কৰাৰ বাৰ্তা সকলোৱে পাইছে। ই নিশ্চয় অতি আশাৰ বতৰা। যুগে যুগে মানি চলিব লগীয়া চৰম শৃংখলাগত পদ্ধতি কেইটা হ'ল- p,t,k,s ৰ আগে-পিছে b,d,g নিলিখা অথবা b,d,g ৰ আগে-পিছে p,t,k,s নিলিখা। সিফালে কোনো শব্দৰ শেষত প্ৰত্যয় বা বিভক্তি যোগ দি বানান নিৰ্দিষ্ট কৰা, ধ্বনিতাত্ত্বিক যি নিয়ম এয়াও পৰম উল্লেখনীয়। Porok বা porog দুটাই শুদ্ধৰূপ বুলি মানি চলি যদি আমি আগবাঢ়ি যাওঁ তেন্তে কিছু বিশৃংখল ভাষাটোত পৰিব। গতিকে, é প্ৰত্যয়েৰে porogé অথবা lamkupé, lamkubé এই গোটেইবোৰ বানান বিভ্ৰান্তি দূৰ কৰিব পৰা হৈছোঁ।
ইয়াত আৰু দুটামান বানান অজ্ঞতা বা মনোযোগ নিদিয়াৰ কথা প্ৰসংগলৈ টানি আনিব পাৰো। যিহেতু, স,শ,ষ আখৰৰ ধ্বনি মিচিং ভাষাত নাই। পৰিপ্ৰেক্ষিতত ইয়াতো মিচিং ভাষাৰ ক্ষেত্ৰত এক ব্যাপক খেলি-মেলি সৃষ্টি হয়। যাৰ কাৰণে বিতৰ্কৰ সূচনা হোৱা দেখা যায়। বানান পদ্ধতিয়ে এনেক্ষেত্ৰত কৈছে- Osom Sahityo Sobha, Singimari ইত্যাদি লিখাৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাই কিন্তু, উচ্চাৰণগত কাৰণত h আখৰটো গ্ৰহণ কৰি প্ৰণালীবদ্ধ ৰূপ এটা দিবলৈ পৰামৰ্শ দিছে। যেনে- Ohom Hahityo Hobha আদি। কিন্তু, কথিত বা লিখিত যি বুলিয়েই নকওক বৰ্তমান বিশ্ব-সাহিত্যৰ মানদণ্ডৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ যিকোনো প্ৰকাৰে মহাপ্ৰাণ ধ্বনি উচ্চাৰণৰ পক্ষপাতিত্বৰ প্ৰয়োজন আছে। বানান পদ্ধতিয়ে দেখুওৱাই দিয়া- মিচিঙত 'স,শ,ষ' ৰ উচ্চাৰণ শব্দৰ আগত 'অ' আৰু শব্দৰ মধ্যত 'ক' ৰ দৰে উচ্চাৰণ হয় বুলি নঞৰ্থকভাৱে দাঙি ধৰা কথাটোকে কিছুলোকে মান্যৰূপ দিব খোজা কথাটো মুৰ্খামীস্বৰূপ। কলন ব্যৱহাৰৰ ক্ষেত্ৰটোও মিচিং ভাষাত জটিলতা আছে, যিহেতু,মিচিঙৰ mugyar (yargod) চিহ্নটো অসমীয়া কলন চিহ্নটোৰ দৰেই। কোনো বাক্যৰ শেষত কলন চিহ্ন ব্যৱহাৰ কৰি dash চিন দিলে মিচিঙৰ mugyarৰ বেলিকা দুই-দুমোজাৰ সৃষ্টি হয়। কাজেই বানান পদ্ধতি কৈছে- 'মুগয়াৰ-হাইফেন শব্দৰ মাজত থাকিব পাৰে কিন্তু শব্দ বা বাক্যৰ শেষত যতিচিহ্ন হিচাপে কলন-ডেশ্ব ব্যৱহাৰ কৰা নহ'ব।'
দেখা যায়, মিচিং ভাষাৰ বানান পদ্ধতিয়ে বহুত বাস্তৱিক কথা আমাক কৈছে। কিন্তু আমি গুৰুত্ব দিব নোখোজাৰ বাবেই নাইবা পাতলভাৱে ধৰি লওক কাৰণেই বিষয়টো ন, ন ৰূপত চৰ্চিত হৈ আছে। তাতোকৈ, আমি পোৱাটোকেই মুকুতাৰ দৰে ব্যৱহাৰ কৰিলে কেনেকুৱা হয়? যাৰ কাৰণে, ব্যৱহাৰিক ঐক্যবদ্ধতাৰ কথাই মিচিং ভাষাটোক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment