কৰ্ণ-কথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

কৰ্ণ-কথা

 


কৰ্ণ-কথা


                  ইলামণি শইকীয়


পিতা হোৱা সহজ

পুত্ৰ হোৱা সহজ

স্বামী হোৱা সহজ

যোদ্ধা হোৱা সহজ


কৰ্ণ হোৱা সহজ নহয়


কৰ্ণ এখন মহাকাব্যৰ 

শেষ নোহোৱা

আৰম্ভণি

কৰ্ণ এখন যুদ্ধৰ প্ৰথম ৰণদুন্দুভি

কৰ্ণ এখন চিৰ ক্ৰন্দনৰতা

গহন তলীৰ নদী


আস্‌! কিমান চিক্‌মিকনিৰ চঞ্চলতাত বিমুগ্ধ হ’লে

কৰ্ণ সৃষ্টিৰ বিভ্ৰম ঘটিব পাৰে

কিমান লৌহময় হ’লে সময়

কৰ্ণ উটি গুছি যাব পাৰে

হেজাৰজনৰ চকুৰ আগেৰে

দৃষ্টিৰ আঁৰেৰে


কৰ্ণ হেজাৰ-বিজাৰ ভ্ৰুকুটি-কাকূতিৰ

অবিৰত বোৱতী গাথা


কৰ্ণ হোৱা সহজ নহয়

সহজতাত  লুব্ধতা কৰ্ণপন্থী

নীতিৰ ঘোৰ পৰিপন্থী


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages