নিশকতীয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

নিশকতীয়া

 


নিশকতীয়া


                  ৱাহিদ আহমেদ

                  কাটাৰ, ডোহা


নিমাতে থাকি হয়তো অনুভৱ কৰিছা

বহু প্ৰশ্ন মনলৈ অহাটো স্বাভাৱিক

আহিবই দিয়াচোন !

কেতিয়াও চিনি নোপোৱা এজনৰ

কথাবোৰে অলপ খেলিমেলি কৰি দিয়ে,

তাত সঁচা অনুভূতিবোৰে

লাহে লাহে থিতাপি লয়


আজি মন গৈছে কাপোৰ সলাই পিন্ধিছা

তোমাৰ লগত থকাবোৰে সহায় কৰিব,

তোমাৰ পৰা সহানুভূতি পোৱালৈকে

সকলোৱে আপোন বুলি ভাবিয়েই থাকিব,

কাইলৈ তুমি এলাগী হৈ যাবা

তোমাৰ লগত থকাবোৰ নাইকিয়া হৈ যাব

তোমাৰ কাইলৈ বিপদ হ'লে

কাকো বিচাৰি নাপাবা,

আজি যাৰ ওচৰত তোমাৰ মনৰ কথা কৈছা

তেওঁ আহিবলৈ সময় নাপাব

অথচ তোমাৰ ঘৰৰ ওচৰত তেওঁ থাকিব

তুমি ফোন কৰিবা জোৰেৰে চিঞৰিবা

নুশুনাকৈ তোমাক দূৰত ৰাখিব

মনটোক সুধিবা কৰবাত তুমি ভুল কৰিলা নেকি


তুমি সুযোগ পাইছিলা জীৱনৰ মাজৰাতি

বুজিয়েই নাপালা কেনেকৈ আদৰ কৰে,

আত্মসন্মান কি তুমি নুবুজা,

আত্মবিশ্বাসী হলেও আত্মবিশ্লেষণৰ প্ৰয়োজন

উপলব্ধি কৰিবা সেইদিনা

যিদিনা তুমি অকলশৰীয়া হৈ পৰিবা

তোমাৰ তেজৰ সম্পৰ্কবোৰে তোমাক এৰিব

তুমি কি ভাবিছা তুমি সদায় এনেকৈয়ে

আত্মীয়ৰ বুকুৰ মৰম পাই থাকিবা !

এইখন পৃথিৱীত নিজৰ মানুহবোৰেই

এদিন তোমাৰ শত্ৰু হৈ থিয় দিব

তুমি উজুটি খাই পৰিলেও কোনো নাহে

এন্ধাৰত অকলে পেলাই থৈ যাব


তোমাক ঘৰৰ মাজত সৰু বুলি মৰম দিছে

তোমাক কোলাত তুলি লৈছে

অলপ দিনৰ পাছত চাবা সকলো বদলি হৈ যাব

তুমি আকৌ কান্দিবা

তুমি আকৌ এখন সংগ্ৰাম কৰিবা

জীৱনটো উপভোগ কৰিবলৈ কঠিন হব

জীৱনৰ প্ৰতি বিতৃষ্ণা জাগিব

অলপ হলেও এতিয়া হাঁহিছা নহয়

এদিন ধিক্কাৰ দিবলৈও সময় নাপাবা

ধৈৰ্য্য এনেকুৱা এক অস্ত্ৰ

বন্দুক বাৰুদে বশ কৰিব নোৱাৰা হৃদয়খন

মৰমেৰে গলাব পাৰি…


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages