সোৱণশিৰি তুমি জন্মদাত্ৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

সোৱণশিৰি তুমি জন্মদাত্ৰী



 সোৱণশিৰি তুমি জন্মদাত্ৰী


ড° দেৱজিৎ পেগু 


সোৱণশিৰি তুমি জন্মদাত্ৰী

সকলো জীৱাত্মাৰ তুমি মাতৃ 

তুমি চিৰ স্ৰোত অনাদি কালৰে 

বয়েই থাকা তুমি অনন্ত গতিৰে অনন্ত কাললৈ...

তোমাৰ বুকুত আছে অজস্ৰ মণি-মুকুতা

তোমাৰ বক্ষত বিৰাজমান মূল্যৱান খণিজ-লৱণ 

বয়েই থাকা তুমি অনন্ত গতিৰে অনন্ত কাললৈ...


তোমাৰ জলৰ প্ৰতিটো টোপালত প্ৰাণৱন্ত প্ৰাণৰ স্পন্দন 

কৌটি কৌটি আত্মাৰ ঐক্য তুমি 

তোমাৰ জলধাৰাত বিদ্যমান অহৈতুকী পৰম প্ৰশান্তি!! সন্তোষ!!


তোমাৰ দুটি পাৰ সেউজ ধৰণীৰে ভৰা অতি মনোৰম 

জোন বেলি তৰা নক্ষত্ৰৰে ঢকা সাতো ৰঙী আলোক বিন্যাস 

তোমাৰ পাৰতে মানৱ সভ্যতা-সংস্কৃতিৰ উৎকৰ্ষতা 

উত্তৰপৰীয়া অসমবাসীৰ চিৰ আপোন তোমাৰ নিৰ্মল বতাহ

আৰু সেউজ বননিৰ গছ-গছনী, চৰাই চিৰিকটি তথা পশু-পক্ষী

বয়েই থাকা তুমি অনন্ত গতিৰে অনন্ত কাললৈ....

সোৱণশিৰি তুমি জন্মদাত্ৰী 

সকলো জীৱাত্মাৰ তুমি মাতৃ!!!


Doksiri দকচিৰি, জুলাই, ২০২৪




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages