জাতিৰ বাবে লিখা হওঁক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

জাতিৰ বাবে লিখা হওঁক

 


জাতিৰ বাবে লিখা হওঁক


ৰীতে ৰিদম


জাতিৰ বাবে সেই বিশেষ বছৰটোত

লিপিবদ্ধ হওঁক সৃষ্টিৰ ইতিহাসত

এটা অধ্যায়ৰ এখিলা সোণালী পৃষ্ঠা

সজীৱ হওঁক আইৰ বিদীৰ্ণ কলিজা

সূৰ্যৰ পৰা বিচ্ছুৰিত হওঁক

চিৰ চেনেহী মোৰ ভাষা জননীৰ আভা


জাতিৰ বাবে লিখা হওঁক

আইৰ প্ৰথমটো নিচুকনি গীত

পিতাইৰ সুহুৰি আৰু দুখৰ বাঁহী হাঁহি

স্বদেশ আৰু স্বজাতিৰ বাবে

উদয় হওঁক পূৱাকাশৰ ৰঙা বেলি


আইৰ পৰশত প্ৰাণ পাই উঠক

বৰ্ণমালাৰ প্ৰথমটো আখৰ

গজি উঠক পৰ্বত-পাহাৰ আৰু পথাৰ

ঐচেঙহতঁৰ মুখত ফুটি উঠক

গমপদৰ প্ৰতিটো আখৰ

প্ৰতিটো পৃষ্ঠাত উমলি-জামলি থাকক 


হয়,আজিৰ সেই বিশেষ বছৰটোত

শইচৰ পথাৰত ৰোপন কৰা হওঁক

মিচিং ভাষাৰ কোমলীয়া কঠিয়া

আশাবোৰ সেউজীয়া হৈ উঠক

অংকুৰিত হওঁক শিৰে শিৰে

তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে


নিৰ্ণয় কৰা হওঁক ভূত ভৱিষ্যত 

সন্ধান কৰা হওঁক নিজক

আজিৰ সেই শুভ ক্ষণতে


নাঙলৰ সীৰলুত সপোন ৰচা কৃষক সকলক

সুমতি দিয়ক

শক্তি দিয়ক

সুন্দৰ-সুঠাম এটি শৰীৰ দিয়ক

সৃষ্টিৰ পথাৰত ভাষাৰ বৃষ্টি পৰক

ভাষাৰ নদী দুকূল উপচি পৰক


সৃষ্টিৰ পথাৰত ভাষা কৃষ্টিৰ কঠিয়া সিচাঁ

নাহেন্দ্ৰ আৰু টাবুৰাম তা:তৰ সপোনবোৰ

লহপহকৈ গজি উঠক।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages