জাতিৰ বাবে লিখা হওঁক
ৰীতে ৰিদম
জাতিৰ বাবে সেই বিশেষ বছৰটোত
লিপিবদ্ধ হওঁক সৃষ্টিৰ ইতিহাসত
এটা অধ্যায়ৰ এখিলা সোণালী পৃষ্ঠা
সজীৱ হওঁক আইৰ বিদীৰ্ণ কলিজা
সূৰ্যৰ পৰা বিচ্ছুৰিত হওঁক
চিৰ চেনেহী মোৰ ভাষা জননীৰ আভা
জাতিৰ বাবে লিখা হওঁক
আইৰ প্ৰথমটো নিচুকনি গীত
পিতাইৰ সুহুৰি আৰু দুখৰ বাঁহী হাঁহি
স্বদেশ আৰু স্বজাতিৰ বাবে
উদয় হওঁক পূৱাকাশৰ ৰঙা বেলি
আইৰ পৰশত প্ৰাণ পাই উঠক
বৰ্ণমালাৰ প্ৰথমটো আখৰ
গজি উঠক পৰ্বত-পাহাৰ আৰু পথাৰ
ঐচেঙহতঁৰ মুখত ফুটি উঠক
গমপদৰ প্ৰতিটো আখৰ
প্ৰতিটো পৃষ্ঠাত উমলি-জামলি থাকক
হয়,আজিৰ সেই বিশেষ বছৰটোত
শইচৰ পথাৰত ৰোপন কৰা হওঁক
মিচিং ভাষাৰ কোমলীয়া কঠিয়া
আশাবোৰ সেউজীয়া হৈ উঠক
অংকুৰিত হওঁক শিৰে শিৰে
তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
নিৰ্ণয় কৰা হওঁক ভূত ভৱিষ্যত
সন্ধান কৰা হওঁক নিজক
আজিৰ সেই শুভ ক্ষণতে
নাঙলৰ সীৰলুত সপোন ৰচা কৃষক সকলক
সুমতি দিয়ক
শক্তি দিয়ক
সুন্দৰ-সুঠাম এটি শৰীৰ দিয়ক
সৃষ্টিৰ পথাৰত ভাষাৰ বৃষ্টি পৰক
ভাষাৰ নদী দুকূল উপচি পৰক
সৃষ্টিৰ পথাৰত ভাষা কৃষ্টিৰ কঠিয়া সিচাঁ
নাহেন্দ্ৰ আৰু টাবুৰাম তা:তৰ সপোনবোৰ
লহপহকৈ গজি উঠক।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment