চকুলোৰ ওজন কিমান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

চকুলোৰ ওজন কিমান



 চকুলোৰ ওজন কিমান


                                          ৰূপা গগৈ


নৈয়ে নাজানে 

নৈ হয় বাবে বৈ থাকে নে 

বৈ থকাৰ বাবে নৈ হয় 

কোনে জানে 

কাৰ বুকুৰ মাজেৰে 

কিহৰে নৈ বৈ আছে সংগোপনে…..


ভাললগাৰ বাবে ভালপোৱা নে 

ভালপোৱাৰ পাছত ভাললগা হয় 

আছে নে এই 

ভালপোৱা ভাললগাৰ কিবা 

সৰল সমীকৰণ 

যাৰ লাগিলে আউল 

ভাঙিব পাৰি সহজে 

ক'তো অকণ নলগাকৈ কেণা….


চকুলোৰে কঁঢ়াল বন্ধাৰ ক্ষণতে

মলয়াই আহি কাণে কাণে কৈ গ'ল 

কাষলৈ নাহিলেও

হৃদয়তে আঁকি থোৱা আছে 

গোপনে তোমাৰে ছবি 

দুচকুৰ কাজল নদীয়ে 

উঠিল পুনৰ উচুপি 

দুচকুৱে নাজানে 

চকুলোৰ ওজন কিমান….!


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages