মনৰ কেনভাছত এখন ছবি
দীপ্তি ঠাকুৰ গোস্বামী
মই মেঘ হ’ব বিচাৰোঁ
ডাৱৰৰ মাজে মাজে
ঝিৰ ঝিৰ্ কৈ বৈ অহা
বৰ্ষাৰাণীৰ কোমল কোলাৰ
সেউজীয়া গজালিৰ
জীপাল ৰূপ চাবলৈ
মই চৰাই হ’ব বিচাৰোঁ
আকাশৰ বিশালতাক স্পৰ্শ কৰাৰ হেঁপাহ
মই মৌমাখি হ’ব বিচাৰোঁ
ফুলৰ ৰেণুৰ মৌ পান কৰি
মৌচাক এখন সাজিবলৈ
মই বৃক্ষ হ’ব বিচাৰোঁ
গছৰ ছাঁত জিৰণী ল’বলৈ
মই এছাটি সমীৰণ হ’ব বিচাৰোঁ
দেশৰ হকে কাম কৰা মহানসকলক
জুৰ মলয়া দিবলৈ
মই জোনাক হ’ব বিচাৰোঁ
জোনাকৰ বৰষুণৰ ৰূপালী ৰহনৰ মাজত
আইতাৰ সাধু কথা শুনিবলৈ
মই আন্ধাৰ হ’ব বিচাৰোঁ
জোনাকী পৰুৱাৰ আলোকেৰে আলোকিত
তৰু তৃণৰ সোণালী ৰূপ চাবলৈ
মই এপাহ পদুম হ'ব বিচাৰোঁ
সৌৰভ বিলাবলৈ
মই এজাক ধুমুহা হ’ব বিচাৰোঁ
অহংকাৰৰ গম্বুজত থকা
কলুষিত মনবোৰ
উৰুৱাই নিবলৈ
মই চিত্ৰালংকাৰেৰে সজাব খোজোঁ
সেউজীয়া ধৰণীৰ সুন্দৰ ৰূপ
উটি যায় মোৰ আশাৰ সপোন
জীৱন নদীৰ সোঁতে সোঁতে
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment