নিদ্ৰামগ্ন নীলাচল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

নিদ্ৰামগ্ন নীলাচল

 


নিদ্ৰামগ্ন নীলাচল


চন্দ্ৰপ্ৰভা বৰ্মন

গুৱাহাটী


ঐন্দ্ৰজালিক নীলোৎপল

নীলাচলৰ চূড়াত ইন্দ্ৰজাল

কবিতাৰ মুখৰতা নীৰৱ হ’ল

নিজম পৰিল সংগীতৰ সুৰ !

মহাজাগতিক প্ৰকৃতিৰ নীৰৱতা

সসীমত অসীম লয় ...

অৱচেতনাৰ উৰ্ধস্বৰত 

যুগান্তৰৰ উৰ্ব্বৰা শক্তি

পুৰুষ প্ৰকৃতি শায়িত 

নিদ্ৰিত নীলাচল...

এয়া কি শেষ এন্ধাৰৰ হাতবাউল !

ওঠৰ ভাষা ডুবিল ! ভাৱ প্ৰাণৰ স্পন্দনত

সৰ্ব্বেন্দ্ৰীয় অতীন্দ্ৰিয়তাত আদিশক্তি

স্পন্দনহীণ ৰোমাঞ্চকৰ অনুভূতি !

বাহিৰত ডুবে নৱজাগৰণৰ আহ্বান

আভ্যন্তৰত নিগূঢ় মৰম !

এয়া কি নিদ্ৰা ! এয়া কি স্বপ্ন !

নে এয়া কি জাগৰণ !

নিজম নিশা নিয়তিৰ নিস্তব্ধ 

নিঃশ্বাসত নতঃশিৰ নিশাপতি

নিদ্ৰালস নিস্পলক

নীলা নীলা নীৰ নীৰৱধি

নিদ্ৰামগ্ন প্ৰেমৰ মহাকাল নীলাচল !!!


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages