বুকু ভঙা মাত
চন্দনা ভাগৱতী
সেইদিনাৰ বাৰ,তাৰিখ,বছৰ আদিৰ কথা মনত নাই।মাথোন এটা কথাই মনত আছে। শৰৎকালীন ৰাতিপুৱাৰ বতৰটো বেছ ফৰকাল আছিল।গতিকে প্ৰাতঃভ্ৰমণৰ কাৰণে সেই সময়খিনি অতি উৎকৃষ্ট আছিল। অপ্ৰয়োজনীয় ভাবে ৰাষ্টাৰ কাষৰ ষ্ট্ৰিট লাইটবোৰ তেতিয়ালৈ জ্বলিয়েই আছিল। পথযাত্ৰী হিচাপে মহিলা-পুৰুষ উভয়কে ধৰি কেবাগৰাকীও ব্যক্তি আছিল। দৰাচলতে ৰাতিপুৱাৰ এই সময়খিনিত মোৰো খোজ কাঢ়াটো এটা পুৰণি অভ্যাস। খুউব বেগা-বেগীকৈ খোজ কাঢ়ি থাকোতে হঠাৎ মোৰ ল'ৰালিৰ বন্ধু বিবেকক দেখা যেন পালোঁ।
–ঐ ঐ বিবেক বুলি কেবাবাৰো মাতিলোঁ।সি কোবাকুবিকৈ গৈয়ে আছিল।মই প্ৰায় দৌৰি যোৱাদি তাক পিছফালৰ পৰা চোলাটোত খামুচি ধৰিলোঁ।
: বিবেক,তই ইমান কোবাকুবিকৈ ক'লৈ গৈ আছ-?
: অহ-! তই-? ইয়াত কেনেকৈ-? সি প্ৰায় আচৰিত হোৱাৰ দৰে কৰি মোক সুধিলে।
: মই ইয়াতেই থাকোঁ।সৌতো মোৰ ৰূম।আঙুলিৰে ৰূমটোলৈ বুলি মই তাক দেখুৱাই দিলোঁ।
: মোৰ কাম এটা আছিল। তোক এনেদৰে দেখা পাম বুলি ভবাই নাছিলোঁ। ভালেই হ'ল দে।কিমান বছৰৰ মূৰত নহয় নে-? বহুত কথা আছে তোৰ লগত।যথেষ্ট দূৰ্বল আছিল তাৰ কণ্ঠস্বৰ। মই তাৰ মনত কিবা হাঁহাকাৰৰ প্ৰতিধ্বনি শুনা যেন পালোঁ।
: ব’ল, ব’ল মোৰ ৰূমলৈকে ব’ল বুলি ৰাষ্টাত একো কথা নাপাতি তাক মোৰ ৰূমলৈকে লৈ আহিলোঁ।
মোৰ ৰূমটোত অ’ত-ত’ত সিঁচৰিত হৈ পৰি থকা কিতাপ আৰু কাগজবোৰলৈ সি নিস্পৃহভাবে চালে। ৰূমটোৰ একাষে থকা সৰু টেবুলখনৰ ওপৰত পৰি থকা ছিগাৰেটৰ বাকচটোৰ ওপৰেদি তাৰ দৃষ্টি নিগৰি গ'ল। তাৰ পিছত সি মোৰ একমাত্ৰ ৰূমটোৰ খিৰিকিখনত দৃষ্টি নিবদ্ধ ৰাখিলে। মই খিৰিকিখন খুলি দি ফেনখন চলাই দিলোঁ। আহিন-কাতিৰ মাহ যদিও আমি দুয়োটা ওৱাকিং কৰি অহা বাবে ঘামত তিতি গৈছিলোঁ। মই তাৰ শৰীৰটোলৈ দৃষ্টি দিয়াত সি তাৰ মুখখন অন্যফালে ঘূৰাই দিলে।
বিবেক আৰু মই ল'ৰালিৰে বন্ধু। একেখন গাৱৰে নহয় যদিও দুয়ো একেখন স্কুলতে পঢ়ি একেলগে ডাঙৰ হোৱা খুব ভাল বন্ধু। কলেজৰ ডেওনা পাৰ হৈ বিবেকে যেতিয়া গুৱাহাটি ইউনিভাৰছিটিলৈ পঢ়িবলৈ আহিল তেতিয়াৰ পৰা আমাৰ দুয়োটাৰ সংযোগ ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ আহিল। এটা সময়ত আমি দুয়োটাই খুব লেখা-মেলা কৰিছিলোঁ। বিশেষকৈ বিবেকে কবিতা লিখি বৰ ভাল পাইছিল।
: ক'ত আছিলি তই ইমানদিন-? মই গেচটোত চাহৰ পানী উঠাই দি তাক সুধিলোঁ।
সি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন নকৰিলে। বিষণ্ণ যেন লাগিছে তাক।
দুয়ো বিচনাখনতে বহি চাহৰ কাপত সোহা মাৰিলোঁ।
: আজিকালি তই আগৰদৰে নিয়মিত লিখনে-? খালি চাহৰ কাপটো টেবুলখনত থৈ বিবেকে মোক সুধিলে--
: আমাৰ দৰে ঘটিৰাম-বাতিৰামবোৰে লেখা-মেলা কৰি কি হ'ব-? বাঘা বাঘা সাহিত্যিকবোৰৰ লেখা প্ৰকাশ নহ'লে প্ৰশ্ন কৰিবলৈ মানুহ থাকে।কিন্তু আমাৰবোৰৰ--! মোৰ শ্লেষমিশ্ৰিত উত্তৰ।
: আমি বিপ্লবীবোৰৰ কাৰ্যকলাপৰ ওপৰত মুকলি আলোচনা হওক বুলি লিখা তোৰ লেখা এটা আজি দুবছৰ আগতে পাইছিলোঁ। তাৰ পিছত আৰু তোৰ এনেধৰণৰ কোনো লেখা পোৱা নাই।
: এ...থ এইবোৰ। তেনে লেখা লিখিবলৈ কেতিয়াবাই বাদ দিলোঁ। কিয়নো,তহতৰ সংগঠনৰ এচামে সৰ্বহাৰা, শোষিত, নিষ্পেষিত সকলৰ বাবে,ক্ষোভিত সকলৰ বাবে এখন নিকা সমাজ গঢ়াৰ সপোন দেখিছে। আনহাতে আন এচাম উদণ্ড, সুবিধাবাদী যুৱকে সংগঠনৰ নাম লৈ ভাবুকি দি মুনাফা আদায় কৰি নিজ ভঁৰাল টনকিয়াল কৰিছে।
: তাকেই।বিবেক ক্ষোভত জ্বলি উঠিল।
: আমি যে বনে বনে ঘূৰি কিমান অখাদ্য খাই জীৱন ধাৰণ কৰিছোঁ কেৱল মাত্ৰ সমূহীয়া স্বাৰ্থত।সৰ্বস্ব ত্যাগ কৰি অস্ত্ৰ প্ৰশিক্ষণ লৈ অ'ত ত'ত ঘূৰি ঘূৰি কি বিচাৰিছোঁ আমি আজি নিজেই নজনা হৈছোঁ।
: এতিয়াও সময় আছে। বাস্তৱতাক মানি ল।ঘৰৰ ল'ৰা ব'ল ঘূৰি ঘৰলৈ। মই তাক বৰ নিৰ্লপ্ততাৰে ক'লোঁ।
: হুস-! কেনেকৈ যাবি-? নোৱাৰোঁ।আমাৰ যে বহু কৰণীয় আছে। জাতিটোক সংকটৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ যে পণ লৈ থৈছোঁ।
: তহতৰ পণ-! মই তাক প্ৰায় বিদ্ৰুপ কৰাৰ দৰেই ক'লোঁ।
: মই বৰ অস্বস্তিত আছোঁ অ'--
এইবোৰ দেখি শুনিও আমি যে একো এটাই কৰিব পৰা নাই।মই যে কি আছিলোঁ কি হৈ গ’লোঁ-! বুলি সি নিজকে ধিক্কাৰি বৰ উষ্মাৰে কথাখিনি ক'লে।জান অৰ্ণব, যি পৰিয়ালৰ যুৱকে আধুনিক সংস্কৃতি গ্ৰহণ কৰি সমাজখনত ভ্ৰষ্টাচাৰ আৰম্ভ কৰিছে। সেই সকলেই নিবনুৱা বুলি ব্যৱসায়, বাণিজ্যৰ বাবে পাৰ্মিট আদিও ল'ব ধৰিছে। মই জানো, চাকৰি এটা যোগাৰ কৰিব নোৱাৰি বহুতে অবাটে গৈছে, কিন্তু বহুতে দল সংগঠনৰ লগত জড়িত হৈছে এইকাৰণেই যে -
আমাৰ যুৱচামৰ সৰহভাগৰে এতিয়াও ব্যৱসায়-বাণিজ্য কৰাৰ মানসিকতা গঢ়ি উঠা নাই। চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে ব্যৱসায় কৰিবলৈ ঋণ উপলব্ধ কৰাইছে যদিও তাৰ কাৰণে প্ৰাথমিক কামখিনিও কৰিবলৈ সামৰ্থ নথকাৰ কাৰণে সৰহভাগেই সুবিধাবোৰ ল’ব পৰা নাই। বেংকৰ পৰা ঋণ লাভ কৰিবলৈ হ’লে প্ৰয়োজন হোৱা সামান্য মূলধনখিনিও বিনিয়োগ কৰিবলৈ বেছিভাগ অপাৰগ হয়। নিজৰ গাঁঠিৰ ধন ভাঙি ব্যৱসায় এটা আৰম্ভ কৰাৰ পাছত ঋণ লাভ কৰিবলৈ সহজ হয়। কিন্তু পৰিতাপৰ কথাযে, নিজৰ গাঁঠিৰ ধন ব্যৱসায়ত খটুওৱাতো দূৰৰে কথা, চৰকাৰী আঁচনি মতে পোৱা ঋণ আমাৰ যুৱকে ব্যৱসায়ত ব্যৱহাৰ নকৰি বাইক – মটৰ চাইকেল কিনি, খাই বৈ উৰুৱাই দিয়াৰহে বহুতো নজিৰ আছে।
মানুহে সকলো সময়তে নিজৰ কামৰ সমৰ্থনৰ বাবে যুক্তি উপস্থাপন কৰে।যেনেকৈয়ে নহওক নিজক ৰক্ষা কৰিবলৈ কিবা এটা উপায় উলিয়ায়।কিন্তু বিবেকৰ হাতত যে একো এটাই উপায় নাছিল। সংগঠনৰ কাম কৰি অসন্ত্তষ্ট হ'লেও তাৰ পৰা ওলাই অহাৰ সকলো পথেই ৰুদ্ধ হৈ পৰিছিল। এফালে বিবেকৰ বিবেকে সংগঠনৰ নামত হোৱা ভ্ৰষ্টাচাৰবোৰ কোনোপধ্যে মানি ল'ব পৰা নাছিল। আহত হৈছিল সি। কিন্তু একো কৰিবও পৰা নাছিল।
খুব সুন্দৰকৈয়ে মনত আছে তাৰ। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ দিনা সিঁহতৰ চোতাল মানুহেৰে ঠাহ খাই পৰিছিল। প্ৰথম বিভাগত পাছ কৰা বিবেকৰ চোতালত আনন্দৰ হুলস্থুল। গোটেই দিন অসংখ্য মানুহেৰে ভৰি থকা সিঁহতৰ চোতালত চাহ-মিঠাই খাই তাক অভিনন্দন জনোৱা মুহূৰ্তটো তাৰ মানসপটত আজিও সজীৱ হৈ আছে। সি তাৰ অলস শৰীৰটো বিচনাখনত পেলাই দিলে। মই আৰু তাক আমনি নকৰিলোঁ। বাহিৰৰ পৰা এচাটি বতাহ সোমাই আহিছে। শেৱালিৰ মলমলীয়া গোন্ধটো নাকত লাগিল। ঘামি থকা চোলাটোৰ ভেকেটা গোন্ধটো মুহূৰ্তৰ বাবে যেন নাইকিয়া হৈ গ'ল যদিও চোলাটো সোলোকাই সি তাৰ বেৰত ওলোমাই থোৱা ৰছী সদৃশ আলনাডালতে চোলাটো আঁৰি দিলে।
বিচনাতে পৰি মাক আৰু দেউতাকৰ মুখখন তাৰ চকুৰ আগত ভাঁহি আহিল। দহ-মাহ দহদিন গৰ্ভধাৰণ কৰা মাতৃৰ ঋণ শুজিব পাৰিনে জীৱনত-? আলফুলে জীৱন যাত্ৰাৰ প্ৰাৰম্ভক্ষণত কপালত কোনে দিয়ে এবুকু হেঁপাহৰে ভৰা চুমাটো-! মোৰ সেই ফলাফলৰ তৃপ্তিত জ্বলি থকা মাৰ সেই দুচকু মোৰ নিচিনা সন্তানে দেখা পায়নে-? কথাখিনি সদায় ভাবে বিবেকে। মাক-দেউতাকে তাক লৈ দেখা সপোনবোৰ-! আস্থাবোৰ-! একমাত্ৰ সন্তান বিবেকে কৰিলে কি-? নিজ গাৱত শিক্ষকতাৰ চাকৰি কৰা দেউতাকে বৰ আমদানিকৈ নহলেও মোটামুটিকৈ ঘৰখন চলাই নিছিল। কিতাপ কাগজ আদি সকলো বস্তুৰে নিয়মিত ভাবে যোগাৰ কৰি তাৰ পঢ়া শুনাতো বৰ গুৰুত্ব দিছিল। দেউতাকৰ প্ৰতিটো কথাই সিও আখৰে আখৰে মানি চলিছিল।
দেউতাকে তাক সদায় এষাৰ কথা কৈছিল– “নিজকে যদি সৎ হিচাপে গঢ়িব নোৱাৰ মোৰ কষ্ট অথলে যাব।” শিক্ষকৰ সন্তান বিপথে গ’লে যে বদনাম হ’ব। কিন্তু আজি সি নিজকে কিছুমান প্ৰশ্ন কৰি কৰি ভাগৰি গৈছে।
বিশৃংখল সদস্যই সমাজত বক্তৃতাৰ ফুলজাৰিহে মাৰিব পাৰে কিন্তু সমাজ সংশোধন কৰিব নোৱাৰে।তেনে উদাহৰণ হ'ব নোখোজা সি যেন আজি নিজেই উদাহৰণ হৈ থিয় দিব লগা হৈছে।মুকলি আকাশ সকলোকে লাগে।কোনো কাৰো বন্ধক নহয়।প্ৰত্যেক মানুহেই কম-বেছি পৰিমাণে স্বাধীনতা প্ৰিয়। কিন্তু সিঁহতে এনেদৰে কি স্বাধীনতা বিচাৰিছে-! দণ্ড-খৰিয়ালৰ মাজত সি যেন নিজক হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে।মনৰ ভিতৰত তাৰ সদায় ধুমুহা এজাক বলি থাকে আজিকালি।কি সেই ধুমুহাৰ নাম! যি জাক ধুমুহাই তাৰ জীৱনটো তচনচ কৰি পেলালে। এনেকৈয়ে এইজাক ধুমুহাৰ সন্মুখীন হ'ব লাগিব বুলি সি এবাৰলৈও ভবা নাছিল। তাৰতো এটা সোণালী অতীত আছিল। তাৰ বৰকৈ মনত পৰে সেই সুদিনৰ বুৰঞ্জী। কিমান দিন আৰু এনেদৰে অতিবাহিত কৰিব-! নিজৰ বিবেককটো জলাঞ্জলি দিব নোৱাৰে। গতিকে সি আত্মসমৰ্পণো কৰিব নোৱাৰে। কিন্তু এইজাক ধুমুহাক সি কিদৰে নিয়ন্ত্ৰণ কৰিব তাকে ভাবি ভাবি পাগলৰ দৰে হয়।
হঠাৎ সি বিচনাৰ পৰা হুৰমুৰাই উঠি বহিল।
: ঐ অৰ্ণব, তয়ে ক’চোন- মানুহে প্ৰতিবাদ কৰে কেতিয়া-? ইতিমধ্যে অৰ্ণবৰ ভাত বনোৱা হৈ গ’ল। সি গামোচাখনত হাত মচি মচি তাৰ ওচৰত বহি ল'লে আৰু ক'বলৈ ধৰিলে--শোষণ, বঞ্চনা, প্ৰতাৰণাৰ পৰা মুক্তিৰ বাবে যিয়ে আগুৱাই আহি কোনো কাৰ্যক্ৰমণিকা হাতত তুলি লয়, সহজ অৰ্থত তহতৰ এই আন্দোলনৰ অৰ্থও এয়াই নহয় জানো-অৱশ্যে তাতেই এটা কথা নিশ্চিতভাবে জড়িত আছে যে তহতে এতিয়ালৈ কি কৰিব পাৰিছ-? তহতে বন্দুক-বাৰুদ লৈ প্ৰতিবাদ কৰিছ।
: তেন্তে--? তেন্তে আমি কেনে প্ৰতিবাদ কৰা উচিত-? সৰল পথেৰে একো এটাই সম্ভৱ নহয়, এই কথা তয়োতো জান-?
: নহয়, সকলো কথাই তহতে ভবাৰ দৰে নহয়। দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰাৰ স্বপ্ন দেখা গান্ধীজীৰ প্ৰতিবাদ সত্যাগ্ৰহৰ দৰে অসহযোগ আন্দোলনবোৰ নাছিল জানো-?
: হয়, আছিল।
: তেনেহ'লে। আচলতে, তহতৰ এয়া এক ক্ষয়ংকৰী যুগৰ আহ্বান। এনে প্ৰতিবাদে সমাজক সমৃদ্ধ নকৰে, বৰং বহু বছৰ পিছুৱাইহে নিব। প্ৰতিদিনে সংঘটিত লেখ-জোখহীন হত্যা, সন্ত্ৰাস, বিস্ফোৰণ আদিৰ দৰে দুষ্কাৰ্যৰ এদিনৰ খতিয়ান কিমান হ’ব পাৰে তহতে জানো এবাৰলৈ ভাবি চাইছ-?
– সি দীঘলকৈ এটা হুমুনিয়াহ কাঢ়িলে আৰু টেবুলখনৰ ওপৰত পৰি থকা চিগাৰেটৰ পেকেটতোৰ পৰা এটা চিগাৰেট উলিয়াই জ্বলাই ল'লে। মই কিছুপৰ নিৰৱে থাকিলোঁ। লক্ষ্য কৰিলোঁ, সি খিৰিকীয়েদি দূৰ দিগন্তলৈ উদাস দৃষ্টিৰে চাই আছে। নাজানো সি এই মুহূৰ্তত কি ভাবি আছে।
মই দুখত থালত দুয়োৰে বাবে ভাত বাঢ়িলোঁ।
একান্ত নিৰৱতাৰে দুয়ো ভাত মুঠি খাই অলস ভাবে মই বিচনাখনতে অলপ পৰি দিলোঁ।
সিও মোৰ ৰূমটোৰ একমাত্ৰ চকীখনত বহি কিবা ভাবত মগ্ন।
: মোৰ আজিকালি কি ভাব হয় জান, বহুতো ব্যক্তিয়েই যেন সকলোধৰণৰ মানৱ আৰু বিশ্ব পৰিপন্থী চিন্তাৰ পৰা নিজক বিচ্ছিন্ন কৰি ৰাজ্য, দেশ, কাল, জাতি, ধৰ্মৰ উৰ্দ্ধত থাকি কেৱল নিজৰ উত্তৰণৰ কাৰণে চিন্তা আৰু কামত নিজক সদাব্যস্ত ৰাখিবলৈ নিৰন্তৰ প্ৰয়াসত ৰত থাকে। এইবাৰ মই তাৰ এনে ধৰণৰ কথাবোৰকে পাগুলিয়াই থাকিলে ভাল নহ’ব বুলি ভাবি তাক বাহিৰলৈ উলিয়াই নিয়াৰ মনোভাবেৰে তাক ক’লোঁ, ব’ল অলপ ওলাই যাওঁ। পশ্চিম আকাশত সূৰ্য্যটোৱে তেতিয়া হেঙুলীয়া ৰহণ ছটিয়াইছে। সি আপত্তি নকৰিলে। আমি ৰূমটোৰ পৰা ওলাই গ’লোঁ। হঠাৎ সি ৰাষ্টাৰ মজতে ৰৈ দিলে আৰু মোক ক’লে– জান অৰ্ণব, আজিকালি মোৰ কিবা এটা হৈছে।
: কি হৈছেনো--? মই সুধিলোঁ
: বুকুৰ ভিতৰত কিবা এটা হৈছে। হাৰ্টৰ সমস্যা নহয়তো-! মই মুহূৰ্তৰ বাবে অলপ ভয় খাই গ’লোঁ।
: তোৰ গা বেয়া লাগিছে নেকি--?
: নাইলগা। তই মোৰ বুকুত কান পাতি শুনচোন।
: কিয়-?
: শুনচোন।
তাৰ বুকুৰ ওচৰলৈ কান নিলো। তাৰ বুকুৰ কলিজাটোৱে অলপ বেগাই দৌৰিছে।
: শুনিছনে মাত এটা-?
: কিহৰ মাত-? মই পুনৰ সুধিলোঁ--
: শুন,শুন। মোৰ বুকুখনত কানপাতি শুন।
মই তাক তাৰ মনৰ ভ্ৰম বুলি কিবা এটা ক’ব খোজাৰ আগতেই সি ক’লে,-- আজিকালি প্ৰায়ে এই মাতটোৱে মোক বৰ অশান্তি দিয়ে। বৰ হাঁহাকাৰ কৰি থাকে বুকুখনত। ক’তো এখন্তেকো ৰ'ব নোৱাৰা হওঁ। চকুৰ সন্মুখত চিনেমাৰ ৰিলৰ দৰে বহু ছবি পাৰ হৈ গৈ থাকে। জান, এই মাতটো বৰ বৃহৎ, যেন বৃকৎ চিঞৰ এটা। এই মাতটোৱে মোৰ বুকুখন তাল মাৰি ধৰে। বোবা যন্ত্ৰণা এটাই মোক হেচুকি দিয়ে। সঁচাকৈ, আমাৰ দ্বাৰা যে বিশেষ একোৱেই কৰা নহ'ল। য’ত ত’ত কৰা আক্ৰমণকাৰীৰ লগতে প্ৰৰোচিত কৰা সকল, প্ৰত্যাক্ৰমণকাৰীসকল, প্ৰশাসনৰ ব্যৰ্থতা, শ্লীলতাহানী আদি মচিবলৈ আমি যি পৰ্যায়ত প্ৰতিবাদ কৰা উচিত আছিল, এইবোৰৰ আমি একোৱেই কৰিব নোৱাৰিলোঁ। অথচ, আমাৰ সংস্কৃতিত এনে ‘বোধ’ৰটো অভাব নাছিল। তাৰ কোটৰত সোমোৱা দুচকুলৈ চাবলৈ যেন এই মুহূৰ্তত মোৰ কিবা ভয় লাগিছে। তাৰ ফালে নোচোৱাকৈ মই ৰাষ্টাৰ কাষতে থকা চাহৰ দোকানখনৰ ওচৰলৈ গৈ দুকাপ চাহৰ অৰ্ডাৰ দি বেঞ্চখনত বহিলোঁ। বুকু ভগাৰ যন্ত্ৰণাত সি যেন বিধস্ত মই সেই কথা ইতিমধ্যে বুজি উঠিছিলোঁ। বুকুৰ ভিতৰৰ পৰা সি শুনি থকা দৰাচলতে সেইটো যে তাৰ বুকু ভঙা মাত তাৰ উমানো মই কেতিয়াবাই পাইছিলোঁ।
Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:
Post a Comment