আহাৰ এক আশাৰ বতৰা
নৱজ্যোতি বৰা
আহাৰত পকা আম পাবা য’তে-ত’তে
শাওনত বানপানী হয় সকলোতে।
এয়া ঋতু পৰিৱৰ্তন, বৰ্ষাক আদৰি অনা মাহ আহাৰ। আহাৰ মাহত পানী পাই গছ-লতিকাবোৰত কুঁহিপাত উলাইছে। আহাৰ মাহতে কৃষ্ণচূৰা ফুলৰ লগতে ৰাধাচূড়া, নাহৰ, সোণাৰু, এজাৰৰ ফুলে ন-প্ৰকৃতীক সজায় পৰাই তুলিছে। এই আহাৰ মাহটো আমাৰ কৃষিজীৱী জনগণৰ বাবে অতিকৈ আপোন তথা ব্যস্ততাপূৰ্ণ মাহ। আহাৰ মাহত পৃথিৱীৰ বোকুলৈ নামি অহা ৰিম্ঝিম্ বৰষুণে পথাৰ জীপাল কৰে, শাঁত কৰে হালোৱা ডিম্পুল, নয়ন, ৰুপম, সমীল, দীপজ্যোতি, তন্নয়, ভাইকন, বাবাটি, জিৎত, ভবেনহতৰ লগতে ৰোৱনী-পুতুলী, কনমাই, অংকি, প্ৰীতিৰেখা, অনামিকা নীলাৰঞ্জনা, দলী, অৰ্চনা গীতা, কুঁকি, কবিতাহতে আধাখোন্দাৰ পথাখনৰ কামবোৰত ব্যস্ততাৰে দিনৰ দিনটো ৰোৱা কামত লাগি পৰে। জেঠ-আহাৰত যদি কঠীয়া সিঁচা নহয় তেন্তে শাওনৰ পথাৰত সোনগুটি ৰোৱাৰ আশা কৰিব নোৱাৰি। আহাৰ মাহতে আধাখোন্দা পথাৰখন সাজু হৈছে সেউজবুলীয়া হবলৈ। এই আহাৰ মাহতে গাৱঁৰে জীয়ৰি-বোৱাৰি--পুতুলী, প্ৰীতিৰেখা, অংকি, অনামিকা, নয়না, জানমনী, কুঁকি, অৰ্চনা, নীলাযঞ্জনা, মিন্টিবাই হতে ৰদ-বৰষুণকো আওকাণ কৰি জাকৈ মাৰি মাছ ধৰা দৃশ্য অতি আমোদজনক। গোমা আকাশৰ তলেৰে দূৰ দীগন্তলৈ উৰি উৰি যোৱা শুকুলা বগলীজাক, আধাখোন্দাৰ কাষেদি বৈ যোৱা কাছমাৰি বিলত জল কেলি কৰি খেলি থকা বনৰীয়া হাঁহজাক, সখিয়তী, বালিমাহী, পানী কাউৰি জনীয়ে ডলঙীত বহী নানা গীত গাই আহাৰৰ ছবিখনকে সকলোৰে আগত দাঙি ধৰে। আহাৰ আহা বৰষুন জাকে একে ৰাহে কেইবাদিনো নেৰা নেপেৰাকৈ দি পথাৰ, নৈ, খাল-বিল, জান-জুৰী উপচাই পেলায়। আহাৰৰ সময়তে খাল-বিল, পথাৰ, পুখুৰিত বসবাস কৰা ভেকুলীৰ মাতত বৰষাৰ ৰূপ প্ৰকাশ পায়। আহাৰৰ বোকা-পানী গছকি গছকি বৰষাৰ মাদকতাহে অনুভৱ কৰে চহা কৃষক সকলে। আহাৰ মাহৰ আধাখোন্দা পথাৰত কাম কৰি থকা ডিম্পুল, নয়ন, বাবাটি, ভাইকন, ৰুপম, দীপজ্যোতি, তন্ময়, সমীলহতে আহাৰৰ পখৰ ৰ’দৰ পৰা পৰিত্ৰাণ পাবলৈ আধাখোন্দা পথাৰতে থকা ৰাইজৰ পুখুৰিৰ পাৰতে সমীল লগতে সমীলৰ দেউতাকে লগাই থোৱা আঁহতজোপাৰ তলত জিৰণী লৈ ঘৰৰ পৰা পথাৰলৈ যাওঁতে বান্ধি দি পথোৱা কোমল চাউল, বুট, আদা, তেল-জলকীয়া কেতিয়াবা পইতা ভাতৰ লগত মাহৰ গুড়া, সৰু সৰু মাছৰ ভাজি, বেহুঁৱা, কঠাল গুটি পুৰা ইত্যাদিৰ লগত ভাতকিতা খাই জুৰ মলয়াছাতিৰ তলত জিৰণি লৈ দিনৰ দিনটোৰ সকলো দুখ-শোকবোৰ পাহৰি পেলায় এক নতুন আশাৰ বাবে।
আহাৰ মাহতে বিভিন্ন ফলৰ সমাহৰ ঘটে। এক প্ৰকাৰ আহাৰ মাহক ফলৰ ৰজা মাহ বুলিব পাৰি। আহাৰ মাহতে আম, জাম, লিচু, কঁঠাল, আনাৰস, লেটেকু, বগা-জামুক, পনিয়াল, আমফিছ, নৰা বগৰি ফলবোৰ পকি সকলোতে উভয় নদী হৈ পৰে। আজি কিন্তু সেই তাহানিৰ দ্বৰে আহাৰ মাদকতা লাহে লাহে ম্লান পৰি আহিছে। তাহানি পথাৰত দেখি অহা সেই গৰু-ম’হৰ হাল বোৱা মনোৰম দৃশ্য। হাল বাই যেতিয়া গৰু-ম’হক চৰিবৰ বাবে পথাৰতে মেলি দিয়ে তেতিয়া গৰু-মহৰ পিঠিত উঠি ফুৰা বগলীজাক দেখিলেই কিবা ভাল লাগি গৈছিল। আজি যান্ত্ৰিক যুগত তাহানিৰ মাদকতাবোৰ লাহে লাহে যন্ত্ৰৰ আবিষ্কাৰৰ ফলত লোপ পাবলৈ ধৰিলে। লাহে লাহে নাঙল যুঁৱলি, কোৰ, জৱকা আদি নোহোৱা হ’ল। আজি বতৰ সলনি হ’ল, সময় সলনি হ’ল। তথাপিও আজিও আহাৰমহীয়া বতৰে অসমীয়া চহা কৃষক সকলৰ মনত ন-সপোন ৰচিবলৈ অনুপ্ৰেৰনা যোগাই আহিছে।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment