সময়ৰ সুদৰ্শন ঘূৰে
অংকুৰণ আৰ্ফ
নামতি, শিৱসাগৰ
সনাতনৰ কলাকাৰ হে বংশীধাৰী বনমালী, ঘূৰাই দিয়া সময়ৰ সুদৰ্শন বিনাশ হওক অশুভ অধ্যায়ছিটিকি পৰক যুগৰ তামসৰঙী তেজ
জটিল সময়ৰ জৰায়ু ফালি
নবীন সূৰুযৰ হওক আগমণ
আৱাহনী প্ৰাৰ্থনাৰ পথেদি হওক
প্ৰজ্ঞাৱতী পোহৰৰ নিমন্ত্ৰণ
ব্ৰহ্ম সত্য জগত মিথ্যা পঞ্চভূতৰ প্ৰক্ৰিয়াৰে আমি দেখিছো কেৱল মাটিৰ কায়াৰ মায়া । মায়াৰ মহামায়া। হে মুৰুলী মনোহৰ, মোহমতী চকুত আমাৰ পিন্ধাই দিয়া দিব্য দ্যুতিৰে জ্ঞানৰ জোনাকী তৱ পূণ্য পৰশেৰে আমিও জ্বলাব পাৰো যেন ‘ধন্য নৰ তনু ভাল’ কৰি এই যুগৰ সংসাৰ বৈতৰণী অতিক্ৰমি সত্য শিৱ সুন্দৰৰ চাকি পীতবসনধাৰী পাৰিজাত ফুল মুখৰ হাঁহিৰ হে দ্বাৰকানাথ, আমি শুনিব খোজো ভোগৰ সাগৰত ককবকাই থকা মানুহৰ মাতত ৰূপান্তৰৰ পাঞ্চজন্যৰ মাত চাব খোজো তেজ আৰু চকুপানীৰ উপত্যকাত চিৎকাৰ কৰি উঠা মানুহৰ শিল হেন কলিজাত এখন বাগিচা য'ত ফুলিব প্ৰেমৰ পাৰিজাতদিনে দিনে ইমান বিষাক্ত হৈ পৰিছে আমাৰ তেজৰ তলৰ ফেটীসাপ আন্ধাৰৰ আঁৰত কৰি গৈছো বহুতো পাপ আমি পাহৰি গৈছো -পূৰ্ণিমামুখী প্ৰেমৰ প্ৰাৰ্থনা মানৱী পৃথিৱীৰ সাতামপুৰুষীয়া সূৰুযমুখী সভ্যতাৰ সাধনা আৰু সোণবৰণীয়া সংস্কৃতিৰ থাপনা বিবেক- বুদ্ধিৰ বিষ্ণুক পাহৰি ক্ৰমশঃ হৈ পৰিছো একো একোটা হিংস্ৰ হিৰনাক্ষপ্লাষ্টিকৰ পৃথিৱীৰ ৰঙীণতাৰ দৌৰত মাতাল হৈ কঁপাই তুলিছো বসুমতীৰ বক্ষঘূৰি আছে ঘূৰি থাকিব সময়ৰ সুদৰ্শন কৈ আছে কৈ থাকিব কেনেকৈ হ’ব লাগে ‘ধন্য ধন্য ভাৰত বৰিষ’ত মানৱতাৰ কৰ্ষন এয়া আত্মবোধৰ বাটেদি গৈ বিবেক-বিষ্ণুৰ উপলব্ধিৰে ৰূপান্তৰৰ বৰাহ অৱতাৰৰ সময়!!আমাৰ মনৰ হিংস্ৰ হিৰনাক্ষই ভোগৰ সাগৰত পেলাই দিয়া পুৰাতন প্ৰেম-প্ৰমূল্যবোধৰ পৃথিৱীক তুলি অনাৰ সময় ! এয়া 'যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত অভুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম'ৰ সময় !!
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment