ক্ৰণিক কনস্টিপেচন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

ক্ৰণিক কনস্টিপেচন

 


ক্ৰণিক কনস্টিপেচন


                                         গাৰ্গী ভূঞা

                                           যোৰহাট


কথাবোৰে আজিকালি উগুল-থুগুল লাগে 

উলিয়াই দিলেও অসুখ

ধৰি ৰখিলেও


মোৰ বেমাৰ বুজিও বৈদ্যৰ মুখেৰে বিধান নোলায়

আৰু মই বোন্দা পৰদি ৰৈ থাকোঁ 

কোনো চিকিৎসা শিবিৰৰ চৌহদত


মই, ৰৈ থকা দেখি এইবাৰ মন্দিৰভাগ মোৰ কাষলৈ খোজকাঢ়ি আহে

আৰু আত্মাক শুদ্ধ কৰাৰ সমিধান দিয়ে


নিদান-বিজ্ঞানীৰ মতেও

বদহজমবোৰ ওলিয়াই দিয়াই ভাল

পিছে কথাৰ মেৰপাকত ফাঁচ লগাৰ সকিয়নিও

মন্দিৰৰ টিলিঙাৰ দৰে বাজি থাকে


মোৰো ভয় লাগে

কাৰণ মই দ্বাপৰতহে বিদূষী আছিলোঁ 

তৰ্ক শাস্ত্ৰৰ জ্ঞানী


এতিয়া উকট-পাকট লাগিলেও

টেঙা-জ্বলা উগাৰ আহিলেও

কথাবোৰ নিজৰ মাজতে সামৰি ৰাখোঁ 

মন্দিৰ আৰু চিকিৎসা শিবিৰবোৰৰ পৰা

মই দহ ফাৰ্লং দূৰৈত থাকোঁ


আচলতে বয়সৰ দোষ নহয়

এই বেমাৰ মোৰ ক্ৰণিকেই

মোৰ দৰে আন কাৰোবাৰ আছে চাগে!

‘কথাৰ কনস্টিপেচন’


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages