তোমাৰ চিফুঙৰ সুৰত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

তোমাৰ চিফুঙৰ সুৰত

 


তোমাৰ চিফুঙৰ সুৰত


                                           ৰঞ্জন বর্মন 

বগীনদী, লখিমপুৰ

এঙেৰুৱা মেঘে আহি জোনটোৰ স’তে 

ঢাকি থলে আকাশৰ তৰাবোৰ


বাট হেৰুৱাই পানীপিয়া চৰাই এজনীয়ে 

মূৰ আফলীয়াইছে নিথৰ শিলত


উঁইচিৰিঙা মাতত 

শীতত কঁপি কঁপি গছৰ পাতবোৰে

বাছি লৈছে মৃত্যুৰ ঠিকনা


এনেকুৱা হাজাৰ ৰাতি 

বুকুত বান্ধি 

মই ৰৈ আছো তোমাৰ বাবে


নৱজাগৰণৰ সুৰ এটি হৈ

তুমি আহা

তোমাৰ চিফুঙৰ সুৰত

গলি গলি  নিঃশেষ হওঁক আন্ধাৰ আমানিশা 


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages