নীলা খামৰ চিঠি
আতিক আহমেদ
মৰমৰ
বীনা,
কেনে আছা? নিশ্চয় ভালে আছা! মৰমৰ বুলি সম্বোধন কৰাৰ যুক্তি আছে নে নাই নাজানো। কিন্তু এদিন আছিল।
বীনা,যৌৱনৰ প্ৰথম কিৰণত তোমাক লগ পাইছিলো। হৃদয়ৰ সমস্ত উজাৰি ভাল পাইছিলো তোমাক।তুমিও মোক ভাল পাইছিলা,দুয়ো একেলগে কিমান সপোন যেন ৰচনা কৰিছিলোঁ মনত আছেনে(?) তথাপিও পাহৰিলা কিয় বীনা? তুমি যাবৰ সময়ত তোমাক লগ পোৱাৰ বহু ইচ্ছা আছিল।চেষ্টাও কৰিছিলোঁ। কিন্তু সফল নহ'লো।হাঁহি মুখেৰে বিদায় দিবৰ বাবে লগ পাব বিচাৰিছিলো।কিন্তু তোমাক লগ নাপালোঁ,তোমাৰ ওচৰত মোৰ কোনো অভিযোগ নাই। কাৰণ তোমাৰ পৰা যি পালোঁ সেয়া মোৰ বাবে যথেষ্ট, তোমাক নাপালেও মোৰ কোনো আক্ষেপ নাই।তোমাক মোৰ বুলিয়েই কল্পনা কৰিছিলোঁ।সেই কল্পনা মোৰ চিৰ দিনলৈ ৰৈ যাব। মোৰ এই কল্পনাতে মই তোমাক পাম। তুমি মোৰ জীৱনলৈ অহাৰ লগে লগে মোৰ অন্ধকাৰ জীৱনটো উজ্জ্বল হৈ উঠিছিল।তোমাৰ ভাল পোৱাৰ পৰশ পাই মোৰ জীৱনটোৰ ৰূপান্তৰ ঘটিল। এই প্ৰেমৰ স্মৃতি মোৰ মৰণ কাললৈকে ৰৈ যাব।ইয়াতকৈ বেছি আৰু নিবিচাৰোঁ।
অপ্ৰিয় হ'লেও সত্য যে মই তোমাৰ দুখ বাঞ্চা কৰোঁ।মোক মনত পেলাবলৈ যত্ন নকৰিবা। তুমি ভুল নুবুজিবা, মই চিটিৰ জৰিয়তে এনেদৰে মনৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে।বীনা,মানুহে চিটিৰ জৰিয়তে হৃদয়ৰ সমস্ত ভাৱ প্ৰকাশ কৰিব পাৰে,কিন্তু অন্য ধৰণেৰে নোৱাৰে।বৰ্তমান সময়তো চিটিৰ প্ৰয়োজন আছে বুলি ভাৱো,সেই কাৰণেই মই চিটিৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰিলোঁ। তুমি সুখী হোৱা তাৰেই কামনাৰে আজিলৈ সামৰো।
তোমাৰ....
আতিক আহমেদ
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment