মৰ্মন্তুদ
শৰৎ হাজৰিকা
“খাবলৈ কিবা এটা দিয়ক দাদা।” বৰ ভোক লাগিছে।
ফিচিকি পৰা ফ্ৰকটোৰে বাছ আস্হানটোত হাত পাতি ঘূৰিফুৰা ছোৱালীজনীৰ দৃশ্যটি দেখি তেজস্বীৰ বুকুখন উচপিচাই উঠিল।
উহ! এই দৃশ্য সহ্য নহয় তাইৰ। ভগৱান কি নিদাৰুণ! দৰক লাগি ৰ’ল কিছুপৰ তাই। পৃথিৱীখন যিমান ধূনীয়া আৰু বিশাল তাৰ সমানে ইয়াৰ এটা ফাল বৰ কৰুণ আৰু নিঃস্ব।
তাইৰ বিহবলা চকুযুৰিৰে কাষেৰে অহাযোৱা কৰা
মানুহবোৰলৈ চাই হাত পাতে।কিন্ত মানুহবোৰৰ অন্তৰখন নগলে। তাই খালি হাতেৰে ইফালে সিফালে চায়। কাৰো পৰা সঁহাৰি নাপাই মুখখন শুকাই পৰে। চকু দুটা সেমেকি আহে।
তেজস্বীৰো বুকুৰ এটা কোণ সেমেকি উঠে। আগবাঢ়ি আহে তাইৰ ওচৰলৈ। ভেনিটি বেগটোৰ পৰা পাঁচশটকীয়া নোট এখন উলিয়াই তাইক দি ঘৰলৈ যাবলৈ কয়।
তাই আচৰিত হৈ তেজস্বীলৈ চাই এখোজ এখোজকৈ ঘৰলৈ আগবাঢ়ে। তাই একো বুজি নাপায়। কিন্ত মৰ্মন্তুদ এই দৃশ্যই তেজস্বীৰ অতীত দৰিদ্ৰ জীৱনটোক শেল এপাতৰ দৰে বিন্ধি থৈ গ’ল।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment