প্ৰেমৰ পৰিণতি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

প্ৰেমৰ পৰিণতি


 প্ৰেমৰ পৰিণতি


ইনু দত্ত

গুৱাহাটী


     খুন্দামাৰি ধৰা শোকটোক তাই চেপি ধৰি ৰাখিব নোৱাৰি টেবুল খনতে মূৰটো থৈ হুকহুকাই কান্দি উঠিল। চকুৰ পানীৰে তাই বাট নেদেখা হ’ল। ঘৰৰ কথা নুশুনি নেমেলি এই নৰধাম টোলৈ বিয়া হৈ তাইৰ এতিয়া এই অৱস্থা। ঘৰ খনৰ পৰা কিমান যে মানা কৰিছিল। তাইক এই মদপী কেলেহুৱা টোৰ লগত বিয়া হ’লে দেউতাকে এই ঘৰত আৰু সোমাবলৈ হাক দিছিল। মাকে মুখেৰে একো মাতিব পৰা নাছিল। কিন্তু এদিন সকলোৰে বাধা নেওচি মালতীয়ে জগতলৈ পলাই গুছি গৈছিল এখন সুখৰ সংসাৰ গঢ়াৰ সপোন লৈ। কাৰণ তাইৰ সেই সময়ত দুচকু প্ৰেমেৰে আৱৰি আছিল। তাই এতিয়া দুটা সন্তানৰ মাক। 

   প্ৰথমে সি ঠিকেই আছিল। কিন্তু দিন অতিবাহিত হোৱাৰ লগে লগে কেইজনমান বন্ধুৰ লগ পায় দিনৰ দিনটো সি টেটু লৈকে মদ এসোপা খাই পৰি থাকে।কামৰ নামত এগছ কুটা দগছ নকৰে। তায়েই লোকৰ ঘৰত বান্দী খাতি পৰিয়ালটো পুহি আছে। যি কেইটা টকা পাই তাৰ পৰা তাক মদ খাবলৈ দিব লাগে। তাকে নকৰিলে সি তাইক উৰাই ঘূৰাই পিতে। ল’ৰা-ছোৱালী হাল নথকা হ’লে তাই কেতিয়াবাই আপোন ঘাটি হৈ মৰিলেহেতেন। তাই মাথো নিজৰ ভাগ্যকে দুখ দিয়ে। ভাগ্য ভাল হোৱাহেঁতেন তাই এই নৰধামটোৰ লগত বিয়া নহ’ল হেঁতেন। কেতিয়াও জগতৰ লগত প্ৰেমত নপৰিলে হেঁতেন। মালতীয়ে ভাৱিলে এইয়াই নেকি সঁচা ভাল পোৱা, সঁচা প্ৰেমৰ পৰিণতি!


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages