উপাসনা আৰু বিশ্বাস
জাতিৰাম কমান
বৰ দীঘলীয়া নকৰোঁ। বহুতে দীঘল লেখা পঢ়ি আমনি পায়। আলোচনাৰ প্ৰাসংগিকতা ৰাখি লেচেৰি বুটলিছোঁ। সেই যে আমি কওঁ মহাশূন্য, মহানাদ! আচলতে এই শূন্যৰ কোনো পৰিধি নাই অথবা এই নাদৰ কোনো বেৰ নাই।ততোধিক বহল ব্যাখা আৰু কৰিব নোৱাৰি।
পৰুৱা এটিক বিশাল মহাসাগৰৰ মাজভাগত এৰি দিলে বিন্দু সদৃশ পৰুৱাৰ যি অৱস্থিতি তথা অস্তিত্ব, ঠিক তেনে অস্তিত্ব আমাৰ এই বিশাল ব্ৰহ্মাণ্ডত। মহাশূন্য, মহানাদ, ব্ৰহ্মাণ্ড, সৃষ্টিকৰ্তা, অনাদি, অনন্ত আদি শব্দবোৰৰ সংজ্ঞা দিবলৈ বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো মস্তিষ্কধাৰী উন্নত প্ৰাণীৰ সাধ্য নাই। কাজেই আমাক সৰুতেই স্ৰজনকৰ্তা, পালনকৰ্তা কোন?তেনে কালিকা লগা প্ৰশ্নবোৰ নকৰিবলৈ শিকোৱা হয়। সেই স্ৰজোতাৰ আকৌ স্ৰজনকৰ্তা কোন? সৃষ্টিৰ আধাৰ কত? প্ৰাৰম্ভন কেতিয়া! ইত্যাদি প্ৰশ্নবোৰ উত্তৰবিহীন প্ৰশ্ন আৰু ই এটা শেষ নোহোৱা সাথঁৰ। গনিত শাস্ত্ৰৰ ভাষাত ০০ এটা infinity!...অনন্ত..০০! কাজেই, সেই পাৰাপাৰহীন কথাবোৰ ভাৱি নাথাকিবলৈ আমাক সকিয়াই দিয়া হয়। তেনে প্ৰশ্নবোৰ পাগুলি থাকিলে বলিয়া বা পাগল হৈ যায় বুলি ভৱা হয়।
সৃষ্টি তথা সৃষ্টিকৰ্তাক লৈ তেনে আপদীয়া প্ৰশ্নবোৰ মনত উদ্ৰেক নহবৰ হেতু মানৱ সমাজে নিজা নিজা ভাগে বিশ্বাসৰ এটা সীমা ৰাখি স্বয়ং অপাৰ মহিমাময় ভগৱন্তক এটা নিৰ্দিষ্ট ৰূপত মানস পটত আঁকি লৈছে,যদিও তেৰা নিৰাকাৰ, নিৰাধাৰ! তাকেই সনাতনী হিন্দুসকলে ৰাম, কৃষ্ণ, নৰ নাৰায়ণ ৰূপে মানৱী আকাৰত ভগৱন্তক দেখিছে। শৈৱধৰ্মৰ উপাসকে শিৱক মানৱী ৰূপত সজাই উপাসনা কৰিছে। শাক্তধৰ্মী সকলে কালী, পাৰ্বতী অথবা দুৰ্গাক পূজা অৰ্চনা কৰিছে দেৱী ৰূপে।বৈষ্ণৱী সকলে শ্ৰীমন্ত শংকৰদেৱকেই তেৰাৰ স্থানত ৰাখিছে। খ্ৰীষ্টধৰ্মী সকলে মানৱী জনম লোৱা যীচুকেই ঈশ্বৰ বা গড’ৰ আসনত ৰাখিছে ঠিক তেনেদৰে শাক্যমুনি গৌতম বুদ্ধক বৌদ্ধ ধৰ্মাৱলম্বীসকলে বুদ্ধ ভগৱান বুলি অভিহিত কৰিছে যদিওবা খোদ বুদ্ধই নিজেই কৈছিল যে তেওঁ ভগৱান নহয়। তেওঁ পৃথিৱীৰ মায়া মোহৰ পৰা নিৰ্বাণ প্ৰাপ্তিৰ হেতু কিছু মাৰ্গদৰ্শনহে দি থৈ গৈছে মনুষ্যক। ধৰ্মটো জীয়াই থকাৰ এটা মাৰ্গ,যি মাৰ্গদৰ্শনে মনুষ্য জীৱনক সাৰ্থক কৰে বুলি বিশ্বাস কৰা হয় তেওঁ কৰি যোৱা সৎ কৰ্মৰ বাবে। ধৰ্ম হল পদ্ধতিগত ভাৱে জীয়াই থকাৰ এটা উপায় অথবা বিধান।
বিশ্বৰ আদিম সন্তান সকল, যিসকলক এতিয়াও আদিবাসী অথবা জনজাতি বুলি অভিহিত কৰা হয়। সভ্যতাৰ পোহৰ নেদেখা সেই আদিবাসী সকলে প্ৰকৃতিৰ লগত যুঁজ বাগৰ কৰি অদৃষ্টৰ সতে সহাৱস্থান কৰিছিল আৰু এতিয়াও অব্যাহত ৰাখিছে।প্ৰকৃতি পূজাত মগ্ন সেই আদিম সন্তান সকলে সূৰ্য্য-চন্দ্ৰ, জীৱ-জন্তু, গছ গছনি, সৰীসৃপ আদিক পূজা অৰ্চনা কৰি আহিছে আদি কালৰে পৰা। সূৰ্যই জগতখন পোহৰাই ৰখা বাবে শক্তিৰ আধাৰ বুলি গন্য কৰি সূৰ্য্য উপাসনা কৰি আহিছে।ঠিক তেনেকৈ চন্দ্ৰাদি গ্ৰহ নক্ষত্ৰ সমূহ। ধুমুহা বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাত, ভূঁইকপ আদি প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ ইষ্টদেৱতা যেনে - বৰুণ, ইন্দ্ৰদেৱ, আই বসুমতী আদিক উপাসনা কৰি আহিছে। সেই সেই ইষ্ট দেৱ-দেৱী
সকলে কিন্তু তেওঁবিলাকক জীয়াই থকাৰ মাৰ্গ দেখুওৱা নাইকিয়া বৰঞ্চ তেনে দেৱ দেৱীৰ কূপদৃষ্টিৰ পৰা হাত সাৰিবলৈহে প্ৰকৃতিৰে লালিত পালিত নিৰীহ আদিবাসী সকলে পূজা অৰ্চনা কৰি আহিছে।
কিন্তু মানুহ সভ্য হোৱাৰে পৰা, সভ্যতাৰ শিখৰত উপনিত হোৱা দিন ধৰি ৰুষ্ট প্ৰকৃতিক মোকাবিলা কৰিব পৰাৰে পৰা জীয়াই থকাৰ উন্নত পদ্ধতি এটাৰ সন্ধানত ভিন্ন ভিন্ন পন্থাত অনুগামী হবলৈ ধৰিলে যাক আমি সৰল ভাষাত ধৰ্মাচৰণ অথবা ধৰ্মীয় পন্থা বুলিব পাৰোঁহক। সেই পন্থাবোৰেই হল বুদ্ধৰ মাৰ্গদৰ্শন, যীশুখ্ৰীষ্টৰ অমোঘবাণী, কোৰানৰ হাদিস, বেদান্ত দৰ্শন, শিখগুৰু নানকে দেখুৱাই যোৱা কৃচ্ছসাধন তথা কৃপান।
অপাৰ মহিমাময়ী সৃষ্টিকৰ্তাৰ পাৰাপাৰহীন অৱধাৰণাৰ পম খেদি যোৱাতো মুৰুখমতি মানৱৰ বাতুলামি মাত্ৰ। সেই বাতুলতাক পৰিহৰি ভিন্নপন্থীয় মানৱে নিজা নিজা ভাগে এটা পৰিসীমিত ধ্যান ধাৰণাৰে ভগৱন্তক মানৱী আকাৰে প্ৰতিষ্ঠাপিত কৰি সীমিত পৰিসৰত উপাসনা কৰি আহিছে, পূজা অৰ্চনা কৰি আহিছে আৰু সেয়াই হৈছে মানৱী ধৰম। সেই সেই মানৱ ধৰ্মত কোনো গোড়ামীৰ স্থান নাই। সনাতনী হিন্দুসকলে কেৱল ৰাম নামেই সাৰ বুলি গোড়ামী কৰাৰ অৱকাশ নাই, কিম্বা বুদ্ধই ভগৱান, যীশুৱেই সকলো অথবা কোৰাণেই অন্তিম সত্য বুলি আস্ফালন কৰাৰ কোনো অৰ্থ নাই। সকলাে ধৰ্মৰে নিজস্ব এটা পৰিসীমা থাকে বিশ্বাস আৰু উপাসনাৰ। সীমিত পৰিসৰত নিজ নিজ ভগৱানক আৱিস্কাৰ কৰে নিজস্ব ধৰ্মীয় পন্থাৰে। কাজেই, ধৰ্মাচৰণ হল নিজা নিজা বিশ্বাস আৰু উপাসনা পদ্ধতি। পদ্ধতি ভিন্ন ভিন্ন কিন্তু লক্ষ্য তথা উদ্দেশ্য একেই। আত্মাৰ সতে পৰমাত্মাৰ বিলয়।
গতিকে, উপাস্য দেৱতা তথা উপাসনাক লৈ কোনো ধৰ্মতেই গোড়ামিৰ স্থান নাই আৰু থকাতো উচিত নহয়। স্বধৰ্ম পালন কৰাতো নৈষ্ঠিক আচৰণ। কিন্তু স্বধৰ্মক লৈ গোড়ামি কৰি পৰধৰ্মক তিৰস্কাৰ কৰা অনৈতিক কাৰ্য্য যিটো ধৰ্মাচৰণৰ পৰিপন্থী। তেনে আচৰণৰ পৰা বিৰত থকাতোহে প্ৰকৃত ধৰ্মাচাৰ।
স্বধৰ্মক নীতিনিষ্ঠতাৰে পালন আৰু পৰধৰ্মক সন্মান প্ৰদৰ্শন কৰাতোহে প্ৰকৃত ধৰ্ম। কোনেও কস্মিনকালেও দাবী কৰিব নোৱাৰে যে - “মোৰ ধৰ্মই আচল, মোৰ উপাস্য দেৱতাই পৰমসত্য!” তেনে মানসিকতা পোষণ কৰাতো সদাচাৰ নহয়, এয়া দুৰাচাৰ। দুৰাচাৰীৰ স্থান না সৰগত আছে না বেহেস্তত কিম্বা পেৰেডাইচত। ঈছাৱস্যম ইদাম সৰ্বম। God is omnipresent !
ঈশ্বৰ সৰ্বত্ৰে বিৰাজমান।
সৰ্বধৰ্ম, সৰ্ব উপাসনাতেই ঈশ্বৰৰ ব্যাপ্তি।গতিকে ঈশ্বৰক কেৱল এটা ধৰ্মীয় পন্থাতেই সীমাবদ্ধ কৰিব নোৱাৰি।
সৰ্বধৰ্ম সমভাৱঃ
Sarvadharma samabhava
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:
Post a Comment