ভৱিষ্যত প্ৰজন্মৰ হাতত সুৰক্ষিত হ’বনে প্ৰকৃতি?
প্ৰতি বছৰেই চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত পৰিৱেশ সংৰক্ষণৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়। বিশেষকৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এই তৎপৰতা অধিক লক্ষণীয় হৈ উঠে। কাকত-আলোচনী, টেলিভিছন আৰু সামাজিক মাধ্যমত প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন বাৰ্তা আৰু সজাগতা সৃষ্টিমূলক কাৰ্যসূচীৰ প্ৰচাৰ হয়। কিন্তু বছৰৰ মূৰকত কেৱল এটা দিন উদযাপন কৰিলেই জানো পৰিৱেশ সুৰক্ষিত কৰিব পৰা যায়? এয়াই আজিৰ সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।
চৰকাৰে নিৰ্ধাৰণ কৰা কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে বা ব্যক্তিগত উদ্যোগত ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰি সামাজিক মাধ্যমত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিলেই পৰিৱেশ সংৰক্ষণ কৰা নহয়। তথাকথিত আধুনিকতাৰ ধামখুমীয়াত পৰি আমি আজি ‘পৰিৱেশ দিৱস’কো এক আনুষ্ঠানিক উৎসৱত পৰিণত কৰিছোঁ। ৫ জুনত ৰোপণ কৰা গছপুলিটো ৬ জুনত পানী এটুপিৰ অভাৱত মৰহি যায় নে নাই, তাৰ খবৰ ল’বলৈ যেন কাৰো আহৰি নাই। প্ৰকৃতিপ্ৰেমৰ এই ক্ষণস্থায়ী প্ৰদৰ্শনকামিতাই আমাক এক ভয়ংকৰ ভৱিষ্যতৰ দিশলৈ ঠেলি নিছে। প্ৰশ্ন হয়— আমি ভৱিষ্যত প্ৰজন্মৰ বাবে কি এৰি থৈ যাম? এখন সেউজীয়া পৃথিৱী আৰু বিশুদ্ধ বতাহ, নে কংক্ৰিটৰ অৰণ্য আৰু বিষাক্ত ধোঁৱা?
উন্নয়নৰ নামত যধে-মধে পাহাৰ খন্দা হৈছে, বনাঞ্চল ধ্বংস কৰা হৈছে আৰু নদ-নদীক আৱৰ্জনাৰ ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰা হৈছে। গোলকীয় উষ্ণতা বৃদ্ধি (Global Warming) আৰু অস্বাভাৱিক জলবায়ু পৰিৱৰ্তন এই ধ্বংসাত্মক কাৰ্যকলাপসমূহৰেই কুফল। আমি যদি কেৱল বিজ্ঞাপন, শ্লোগান আৰু আনুষ্ঠানিক উদযাপনতে আৱদ্ধ হৈ থাকোঁ, তেন্তে অহা কেইটামান দশকৰ পিছত আমাৰ উত্তৰ প্ৰজন্মই বিশুদ্ধ পানী আৰু অক্সিজেনৰ বাবে হাহাকাৰ কৰিবলগীয়া হ’ব।
প্ৰকৃতাৰ্থত প্ৰকৃতিক সুৰক্ষিত কৰিবলৈ হ’লে কেৱল এটা দিন বাচি ল’লেই নহ’ব; ইয়াৰ বাবে বছৰৰ ৩৬৫ দিনেই দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। সেই উদ্দেশ্যে আমি কিছুমান বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰিব লাগিব।
পৰিৱেশ শিক্ষাক কেৱল পাঠ্যপুথিৰ মাজত সীমাবদ্ধ নাৰাখি শিশুসকলক প্ৰকৃতিৰ সান্নিধ্যলৈ লৈ যাব লাগিব। গছ-লতা, জীৱ-জন্তু আৰু পৰিৱেশৰ প্ৰতি সহানুভূতি, দায়িত্ববোধ আৰু মমত্ববোধ জগাই তুলিবলৈ তেওঁলোকক প্ৰত্যক্ষ অভিজ্ঞতাৰ সুযোগ দিব লাগিব। লগতে বহনক্ষম উন্নয়ন (Sustainable Development) সম্পৰ্কে উপযুক্ত জ্ঞান প্ৰদান কৰাটোও সময়ৰ দাবী। দৈনন্দিন জীৱনত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰি সঠিক আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰতি সচেতন হ’ব লাগিব।
আমি সদায় মনত ৰাখিব লাগিব আৰু পৃথিৱীৰ প্ৰতিগৰাকী নাগৰিকক এই মৌলিক সত্যটো সোঁৱৰাই দিব লাগিব যে— প্ৰকৃতি মানুহৰ অবিহনে অস্তিত্ব বজাই ৰাখিব পাৰে, কিন্তু মানুহে প্ৰকৃতিৰ অবিহনে এটা মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। সেয়েহে ভৱিষ্যত প্ৰজন্মৰ হাতত এখন সুৰক্ষিত, সুস্থ আৰু সুস্থিৰ পৃথিৱী অৰ্পণ কৰিব বিচাৰিলে আজিৰ প্ৰজন্মই কেৱল বিশ্ব পৰিৱেশ দিৱসত আনুষ্ঠানিকতা পালন বা প্ৰদৰ্শনীমূলক কাৰ্যসূচীত সীমাবদ্ধ নাথাকি, সঁচা অৰ্থত প্ৰকৃতি সংৰক্ষণৰ বাবে আন্তৰিকতা, দায়বদ্ধতা আৰু দৃঢ় সংকল্পেৰে আগবাঢ়ি আহিব লাগিব।
ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবৰ দৰে সামাজিক মাধ্যমত কেৱল প্ৰচাৰ, প্ৰশংসা বা ‘লাইক’ৰ আশাত গছপুলি ৰোপণৰ ফটো প্ৰদৰ্শন কৰাতকৈ সেই গছজোপাক ডাঙৰ কৰি তোলা, বনাঞ্চল, নদ-নদী, জীৱবৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা গ্ৰহণ কৰাটো অধিক গুৰুত্বপূৰ্ণ। নিজৰ জীৱন, অস্তিত্ব আৰু মানৱ সভ্যতাৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰতিজন নাগৰিকে অন্তৰৰ পৰা প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব।
তেতিয়াহে অনাগত দিনত প্ৰকৃতি সুৰক্ষিত হ’ব, পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য অটুট থাকিব আৰু আমাৰ এই পৃথিৱীখন চিৰসেউজ, সুন্দৰ, স্বাস্থ্যৱান আৰু প্ৰাণৱন্ত ৰূপত ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ ৰ’ব।
তপন লাল
সম্পাদক, Doksiri দকচিৰি
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment