স্মৃতি যেন স্ৰোতস্বিনী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

স্মৃতি যেন স্ৰোতস্বিনী

 

স্মৃতি যেন স্ৰোতস্বিনী


                                   মেঘালী গগৈ 


নিজৰ স’তে আলাপনৰ বাবে

বাচি লওঁ দিনান্তৰ অলপ নিৰ্জনতা

স্মৃতিত অৱগাহনৰ কিছু বিলাসিতা 


ধূসৰ স্মৃতিময়তাৰ পৰা বৰ্তমানৰ স্বচ্ছতালৈ

ঘূৰি অহা যাত্ৰাত মনত পেলাবলৈ চেষ্টা কৰো

ক’ত ক’ত মই নিজক হেৰুৱাইছিলো

আৰু 

ক’ত ক’ত নিজকে পুনৰাৱিষ্কাৰ কৰিছিলো


বিস্মৃত সময়ৰ কাতৰতাত 

সৰৱ হৈ উঠে বিষণ্ণতা 

মোক নিচুকাবলৈ তেতিয়াই 

কাষলৈ আহে কবিতা এটা 


ক’ৰবাত যেন এটা উৎস আছিল 

স্মৃতি এটা সুঁতি হৈ বৈ আহিছিল

চুই দিলেই উচুপি উঠা

বেহেলাৰ ৰেপনিৰ দৰে সেই স্মৃতি 

শীৰ্ণশ্ৰী সেই সুঁতিৰ চপলতাত

বিভোৰ মোৰ অচঞ্চল হৃদয় !!


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages