মৰ-চেওঁৰা
ববী দত্ত
দীঘ পুতলৰ হিচাপ নৰখাকৈ অভজা অংকটো সমাধান কৰিবলৈ চেষ্টা কৰা হয়
পাটী গণিতৰ সৰুনেওতা খনৰ নিজ নিজ স্থানত অহংকাৰী মন লৈ বহি থকা
যুগ্ম বা অযুগ্ম সংখ্যাবোৰ কেতিয়া, কাৰ ক্ষেত্ৰত প্ৰয়োজন হয় ক’ব নোৱাৰি।
শেষ বাৰৰ বাবে যেন নীৰৱ আকুতি।
শিৰৰ পৰা ভৰি আঙুলিলৈকে শিপাই পৰে সি।
নিজৰ শৰীৰ উলিয়াই আনক ঢাকি ৰখাৰ যি
অবৰ্ণনীয় উদ্যম আৰু বিমৰ্ষ ত্যাগ
তাক দেখি জীৱিত বুকুবোৰত বিষ গজে।
প্ৰতিটো বস্তু আৰু কৰ্মৰ গৌৰৱৰ থ'ল আছে
“থলত থল ৰজা পোতা পুখুৰীত বাকেই ৰজা”
কথাষাৰ সত্যৰ সাঁকোৱেদি বগুৱা বাইছে।
মৰ-চেওঁৰাই সাৱতে কঠোৰ শিল পিন্ধা বাস্তৱ
পায়েল পিন্ধা সময়ৰ সুখবোৰক সোপা দি
চিৰন্তন সত্যক ঢাকি ৰখাৰ যি অবিৰত প্ৰচেষ্টা
সেইয়া জটিল সময়ৰ পাগত দৃঢ়পিনদ্ধ।
মৰ-চেওঁৰাই পোহৰৰ হাতবোৰ আন্ধাৰৰ শিললৈ ৰূপান্তৰিত কৰে।
বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ কঠোৰ ৰূপ,
মলিন অমলিন সকলো সপোন আৰু
মহৎ আকাংক্ষা মৰ-চেওঁৰাৰ তলত শুই পৰে।
বগা ক’লা, ধনী দুখীয়া, অথবা ওখ চাপৰ একো বিভাজন অবিহনে মৰ-চেওঁৰাই নিজৰ দায়িত্ব পালন কৰে।
জীৱনৰ শেষ মুহূৰ্তত সকলো মৰ-চেওঁৰাৰ তলত লুকাই বিনা প্ৰতিবাদে
আত্যন্তিক নিঃসংগতাৰে।
মৰ-চেওঁৰাৰ গোন্ধ আছে
মৰ-চেওঁৰাৰ ৰং আছে
মৰ-চেওঁৰাৰ বিশাল বুকু আৰু অহংকাৰ আছে
মৃত দেহৰ খঞ্জ ভৰি ঢাকি ৰাখিব পৰাৰ দক্ষতাৰে।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪

No comments:
Post a Comment