প্ৰকৃতিৰ লগত পৃথিৱীৰ বিভিন্ন প্ৰাণীৰ সম্পর্ক
তুলসীৰাম পাংগিং
ডিব্ৰুগড়
প্রথম কথা, প্রকৃতি বুলি ক’লে কি বুজা যায়? মই জনাত ভগৱানে সৃষ্টি কৰা মাটি, বালি, বতাহ বৰষুণ, নদ-নদী, সমুদ্র আৰু গছ-গছনি, হাবি-জংঘলবোৰকে প্রকৃতি বুলি কোৱা হয়। কিন্তু অভিধানত লিখা মতে ঈশ্বৰে সৃষ্টি কৰা শক্তি বা ইচ্ছা; প্ৰকৃতিৰ পৰা হোৱা বস্তুসমূহ বা সৃষ্টি, যেনে- প্রকৃতিৰ শোভা। ইয়াৰ ভিতৰত প্ৰধানকৈ পৰ্বত-পাহাৰ আৰু ভৈয়ামত থকা সেউজীয়া গছ-গছনি আৰু লতা জাতীয় গছবোৰো অন্তর্ভুক্ত। আনহাতে অভিধানৰ মতে প্ৰাণীৰ অৰ্থ হৈছে, প্রাণ বা চেতনা থকা বস্তু। তাৰমানে উদ্ভিদক বাদ দি আকাশ বতাহত বিচৰণ কৰা কীট-পতংগ আৰু পক্ষী, জলচৰ প্ৰাণীবোৰ, স্থলত চৰি ফুৰা তৃণভোজী, মাংসভোজী ইত্যাদিবোৰক প্ৰাণী বুলি ক’ব পৰা যায়। স্থল আৰু জলত গজা অসংখ্য গছ-গছনি আৰু লতাৰ নাম লিখি শেষ কৰিব নোৱাৰি। ঠিক তেনেদৰে পৃথিৱীৰ স্থলচৰ, জলচৰ আৰু আকাশত উৰি ফুৰা প্ৰাণীৰ নামো লিখি অন্ত কৰিব নোৱাৰি।
প্ৰকৃতিৰ ভিতৰত গছ-গছনি, হাবি-জংঘল আদিয়ে প্রাণী জগতক জীয়াই থকাৰ বাবে কি আৰু কেনেকৈ উপকাৰ কৰি আছে এইবোৰৰ বিষয়ে যিমান পাৰো অতি চমুকৈ বর্ণনা কৰিব বিচাৰিছোঁ। আনহাতে পৃথিৱীৰ বিভিন্ন প্রাণীৰ ভিতৰত মানৱ জাতিকে শ্রেষ্ঠ প্রাণী বুলি ধৰা হয়। সেউজীয়া গছ-গছনিৰ লগত মানৱ জাতিৰ ওতপ্রোতভাবে সম্পর্ক আছে। যিহেতু গছ-গছনিৰপৰা মানৱ জাতিৰ লগতে পৃথিৱীৰ অন্যান্য প্রাণীবোৰেও অক্সিজেন লৈ পৃথিৱীত জীয়াই থাকিবলৈ পাইছে। মানুহৰ লগতে অন্য জীৱ-জন্তুবোৰে উশাহ-নিশাহ লওঁতে এৰি দিয়া বিষাক্ত কার্বন-ডাই-অক্সাইড গেছ গছ-গছনিবোৰে শুহি লোৱাত ইটোৰ লগত সিটোৰ ঘনিষ্ঠ সম্পর্ক সৃষ্টি হৈছে। কেৱল মানৱ জাতিয়ে গছে এৰি দিয়া অক্সিজেন গেছ শুহি লৈ জীয়াই আছে, এনে কথা নহয; পৃথিৱীৰ আটাইবোৰ প্ৰাণীয়ে বিনা অক্সিজেনত জীয়াই থকাটো অসম্ভৱ। মুঠৰ ওপৰত মানৱ জাতিৰ লগতে আন প্রাণীবোৰে উদ্ভিদৰ লগত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ আদান-প্রদান কৰাটোৱেই দুই পক্ষৰ মাজৰ প্ৰধান সম্পর্ক। গছ-গছনি আৰু হাবি-জংঘলৰপৰা মানৱ জাতিৰ উপৰিও অন্যান্য উৰণীয়া চৰাই-চিৰিকটি, তৃণভোজী, মাংসভোজী আৰু পানীত থকা প্রাণীবোৰে প্রত্যক্ষ বা পৰোক্ষভাবে খাদ্য সামগ্রী খাই জীয়াই থকাৰ বাহিৰে অন্য উপায় নাই। আমি গছ-গছনিৰপৰা যিখিনি উপকাৰ পাই আছোঁ, তাকে চমুকৈ লিখিবলৈ প্ৰয়াস কৰিলোঁ। নদীৰ পাৰৰ অথবা গাঁৱৰ ওচৰৰ সেউজীয়া গছ-গছনিৰপৰা মানুহে ৰাতিপুৱা আৰু গধূলিপৰত পৰিষ্কাৰ বতাহ শুহি লোৱাটো স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। দুপৰীয়া ৰ’দৰ তাপত গছৰ তলত বহি যিটো আৰাম পোৱা যায়, তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।
গছ-গছনিক লৈ কবিয়ে কবিতা ৰচে, চিত্ৰকৰে চিত্ৰ আঁকে, বেজ-জ্ঞানীসকলে বনৌষধ তৈয়াৰ কৰে, গছৰ ফলমূল আৰু শিপাক লৈ আয়ুবেদিক ঔষধ তৈয়াৰ কৰে। বৰ্তমান পতঞ্জলি ঔষধ মানুহৰ ৰোগৰ বাবে অতি উপকাৰী। সেউজীয়া গছ-গছনিৰে ভৰি থাকিলে গাঁওখনৰ লগতে নগৰ-চহৰৰো সৌন্দর্যবর্দ্ধনত সহাযক হয়। বছৰৰ বিভিন্ন ঋতুত ভিন্ন ৰঙৰ ফুলবোৰ চাই মনবোৰ আনন্দৰে ভৰি উঠে। ঘৰৰ পদূলিমুখত অথবা বাৰাণ্ডাৰ টাবত ৰোৱা ফুলবোৰ পুৱা-গধূলি পৰিয়ালসহ চাই ভাল নালাগেনে? কিন্তু তাকে নুবুজি এচাম উদণ্ড যুৱকে মাঘৰ বিহুৰ ভোজ খোৱা ৰাতি ফুলবোৰ টাবৰ সৈতে দাঙি নি ভাঙি-ছিঙি ৰাস্তাত পেলাই থৈ যোৱাটো মানৱ সভ্যতাৰ লক্ষণনে? গছ-গছনি, ফল-মূল আৰু ফুলৰ ওপৰত জীৱ শ্রেষ্ঠ মানুহৰ কিমান নির্যাতন চলিছে, তাক ভাবি চালে আচৰিত লাগে। মানুহৰ ঘৰ-দুৱাৰ সাজিবলৈ হাবি-জংঘলৰপৰা গছ কাটি অনা হয়। ঘৰৰ ঘাই খুঁটা, পালি খুঁটাৰ উপৰি কৰতেৰে ফালি তক্তা, বৰঙা, মাৰলি ইত্যাদি প্রয়োজনীয় আকাৰৰ ঘৰ সজা আহিলাসমূহ প্রস্তুত কৰা হয়। হাবি-জংঘলৰপৰা সংগ্ৰহ কৰা নল, খাগৰি, ইকৰাৰে ঘৰৰ বেৰ বোৱা হয়। নদীৰ পাৰত আৰু বালি চাপৰিত গজা খেৰ কাটি আনি ঘৰৰ চাল চোৱা হয়। হাবি-জংঘলৰ গছ-গছনিৰ উপৰি গ্ৰীষ্ম কালত ভৰ বাৰিষাত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ কোবাল সোঁতত উটি অহা পাহাৰৰ সৰু-ডাঙৰ কাঠৰ কুন্দাবোৰ নাৱেৰে উজানত মাছ ধৰাৰ দৰে গাঁৱৰ ৰাইজে ধৰি আনি নিজৰ নিজৰ ঘাটত চপাই বান্ধি থয়। সেই কাঠবোৰক খৰালি দিনত কৰতেৰে বা মেচিনেৰে ফালি প্রয়োজন অনুসৰি ঘৰুৱা কামত ব্যৱহাৰ কৰা দেখা যায়। ফলা কাঠৰ তক্তাৰে কাঠমিস্ত্রীয়ে চকী, টেবুল, বিছনা আদি গৃহস্থই ব্যৱহাৰ কৰা আচবাব তৈয়াৰ কৰে। তেনেকৈ কাঠমিস্ত্রীয়ে নামঘৰৰ মণিকুট, থাপনা আদিও সাজে। নদীত উটি অহা মূল্যবান কুন্দা বা কাঠৰ তক্তাৰে সৰু-ডাঙৰ কাঠৰ নাও তৈয়াৰ কৰা হয়। জান-জুৰি, উপনৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ ইপাৰ-সিপাৰ হ'বলৈ, কৃষিজাত সামগ্রী, উৎপাদন কৰা খাদ্য সামগ্রী কঢ়িয়াবলৈ নাও প্রয়োজন হয়। যিহেতু অসম এখন জান-জুৰি, নদ-নদীৰে ভৰপুৰ ৰাজ্য, এই সকলোবোৰত চৰকাৰে পকী দলং দিয়াটো সম্ভৱ নহয়। গতিকে নৈ পৰীয়া বানাক্ৰান্ত ঠাইত আমাৰ ডেকা কালত গৰু-ম’হৰ ঘাঁহ কাটিবলৈ, জান-জুৰি পাৰ হ’বলৈ, ঘৰৰ পৰা মথাউৰিলৈ অহা-যোৱা কৰিবলৈ সৰু হাত নাও এখন অপৰিহাৰ্য আছিল।
বর্তমান নগৰত থাকি যিমান নামী-দামী গাড়ী এখন কিনি আনিলেও তাহানি নাও এখন কিনি অনাৰ সমান আত্ম-সন্তুষ্টি নাপাওঁ। ওপৰত লিখা আটাইবোৰৰ মূলতে হ’ল প্রকৃতিয়ে সৃষ্টি কৰা গছ-গছনি। গছৰ ভিতৰত আটাইতকৈ লাগতিয়াল গছ হৈছে বাৰীৰ বাঁহজোপা। বাঁহ হৈছে গাঁৱৰ খেতিয়কৰ পৰম বন্ধু। বাঁহ-বেত নহ'লে ঘৰ-দুৱাৰ সজা আদি কৰি খেতি-পথাৰ আৰু শাক-পাচলিৰ বাৰীত জেওৰা দিবলৈ অসুবিধা হয়। বাঁহ-বেতেৰে মাছ ধৰা সঁজুলি আৰু দৈনন্দিন ঘৰুৱা জীৱনৰ প্ৰয়োজনীয় সঁজুলি তৈয়াৰ কৰিব পাৰি। “যাৰ নাই বাঁহ তাৰ নাই সাহ” বুলি অসমীয়া সাহিত্যত প্রবচন এশাৰী আছে। আনহাতে অসমৰ পাহাৰ-ভৈয়াম আদি বিভিন্ন জিলাসমূহৰ বাঁহ সংগ্ৰহ কৰি যন্ত্ৰ-পাতিৰ সহায়ত যোগীঘোপা আৰু নগাঁৱত কাগজ উৎপাদন কৰা হয়। মানুহৰ জীৱিত কালৰপৰা মৃত্যুলৈ বাঁহন হ’লেই নহয়। মানুহৰ মৃত্যুৰ পিছত শৱটো বাঁহৰ চাঙীত তুলি চাৰিজনে কান্ধত নি মৰিশালিত গাঁতত পুতি শেষ কৰালৈকে বাঁহ আৱশ্যক। ঘৰৰ আশে-পাশে বাঁহ থাকিলে ঘৰৰ চাল, টিনপাত ধুমুহা-বতাহে উৰুৱাই নিয়াৰ পৰা ৰক্ষা পৰে।
পাহাৰীয়া আৰু নদীৰ কাষৰ মাটিবোৰ বৰষুণৰ পানী বা ব্ৰহ্মপুত্ৰ নদীৰ গৰা খহনীয়াৰপৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত বাঁহৰ শিপাই সহায় কৰে। বাঁহৰ জেং আৰু পাতবোৰে নদীৰ পানীৰ সোঁত নদীৰ ফালে ঠেলি পঠিয়ায়। বাঁহ কেৱল মানৱ জাতিৰ বাবে উপকাৰী এনে নহয়, চৰাই-চিৰিকটিবোৰেও বাঁহনিত বাহ সজাৰ উপৰি বাঁহ বা অন্যান্য গছ-গছনিত ৰাতি জিৰণি লয়। তৃণভোজী প্রাণীবোৰেও ঘাঁহ আৰু গছ-লতা খাই জীয়াই থাকে। কিন্তু জীর শ্রেষ্ঠ মানর জাতিয়ে গছ-গছনি, হাবি- জংঘলৰ পৰা ইমানবোৰ উপকাৰ পোৱাৰ বিনিময়ত নদীৰ কাষৰ, হাবি-জংঘল আৰু পথাৰত বোপা ককাহঁতে ৰুই যোৱা মূল্যৱান গছ আৰু বাঁহ কাটি পৰিৱেশ বিনষ্ট কৰিছে। আনকি নিজৰ ঘৰৰ কাষত গছ বা বাঁহ এজোপা যে ৰুব লাগে, সেই কথা নৱ-প্ৰজন্মৰ মনলৈ কেতিয়াও নাহে। সৰুতে আইতাহঁতে কৈ যোৱা কথা এষাৰ মনত পৰে। আদি জামালত হেনো এই দৰে লিখা আছে- “কলি যুগত উত্তৰে নগৰ আৰু দক্ষিণে সাগৰ হ'ব।” সঁচাকৈ ব্রহ্মহ্মপুত্র নদীৰ উত্তৰাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ উপৰি নগৰ-গাঁওবোৰ সেউজীয়া গছ-গছনিৰে পৰিপূৰ্ণ। পাহাৰৰ কথাতো ক'বই নালাগে। অন্য সম্প্ৰদায়ৰ কথা বাদ দি আমাৰ নদী কাষৰীয়া মিচিং অধ্যুষিত কিছুমান এলেকাত নদীৰ কাষত থকা হাবি-জংঘলৰ গছ-গছনিবোৰ ভাত ৰন্ধা খৰিৰ বাবে নাকাটি নদীৰ সিপাৰে থকা ঝাও বন আৰু বালি চাপৰিৰপৰা খৰি বিচাৰি আনিলে দক্ষিণ পাৰৰ গছবোৰ অক্ষত হৈ থাকিব আৰু বাৰিষাৰ পানীৰ সোঁত সিপাৰলৈ ঠেলি দিয়াত, গৰাখহনীয়া প্ৰতিৰোধ কৰাত সহায়ক হ'ব। ফলত নিজৰ ওপজা গাঁৱৰ মাটি-বাৰীও সুৰক্ষিত হ’ব।
বর্তমান চৰকাৰে ৰন্ধন গেছ যোগান ধৰাৰ পিছতো মথাউৰি আৰু নদীৰ কাষৰ ঝাওবন, হাবি-জংঘলবোৰ কাটি শেষ কৰা মানে নিজৰ ভৰিত নিজে কুঠাৰ মৰা নহয়নে? চৰকাৰী বন বিভাগৰ ৰিজাৰ্ভৰ গছবোৰ বাহিৰৰ পৰাহে দেখিবলৈ ধুনীয়া; জংঘলৰ ভিতৰখন তেনেই উদং। এইবোৰলৈ সোমাই কোনে চাব? তেন্তে আনক কৈ কি লাভ? গছ-গছনিৰ ওপৰত এনেদৰেই মানব জাতিয়ে অত্যাচাৰ চলাই আছে। বিভিন্ন স্বাদৰ ফলমূলবোৰ কলি হোৱাৰ পৰা পকালৈকে তাৰ বোজা গছজোপাই বহন কৰি থাকে। চৰাই-চিৰিকটি, জীৱ-জন্তু আৰু মানুহে কেৱল ছিঙিয়েই খাবলৈ পায়। তাৰে কিছুমান বতাহত সৰি পানীত পৰিলে জলচৰ প্রাণীয়েও খাবলৈ পায়। গাঁৱৰ কিছুমান ল’ৰাই গছত উঠি বা ডাঁৰিকীৰে পকা ফলবোৰ পাৰি খায়। এনে কৰোঁতে কেতিয়াবা ডাল-পাতবোৰ ভাগি-ছিগি গছবোৰ টকলা হৈ পৰে। আন কিছুমান উদণ্ড যুৱকে ফলৰ লগতে গছৰ ডালবোৰো খৰিৰ বাবে কাটি নিয়াও গাঁৱত থকা কালত দেখা পাইছিলোঁ। তেনে নিৰ্মম অত্যাচাৰ মানৱ জাতিৰ বাদে অন্য বনৰীয়া জীৱ-জন্তুবে নকৰে। দেশৰ বিভিন্ন ৰাজ্যত নগৰৰ ওচৰে-পাঁজৰে সৰু-ডাঙৰ উদ্যোগ স্থাপন কৰা হৈছে। এই কল-কাৰখানাৰ ইঞ্জিনৰপৰা নির্গত ধোঁৱা বতাহত মিলি প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াৰ উপৰি আধুনিক যুগত মানুহৰ ঘৰে-ঘৰে গাড়ী মটৰ হৈছে। গাড়ীৰপৰা ওলোৱা ধোঁৱাৰ লগতে ধূলি-বালি আদিও গছৰ পাতে ধৰি ৰাখি প্ৰদূষণৰ পৰিমাণ হ্রাস কৰে।
বৰ্তমান ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ যিমানবোৰ সৰু-বৰ উদ্যোগ আৰু কল-কাৰখানা প্রতিষ্ঠা কৰা হৈছে, এইবোৰ যিমান পাৰে নগৰ-চহৰ বা মানুহৰ বাসগৃহৰ পৰা কমেও আঠ কিলোমিটাৰ দূৰত্বত স্থাপন কৰিবলৈ চৰকাৰে পদক্ষেপ লোৱা বুলি জানিবলৈ পাইছোঁ। ইয়াৰ উপৰি উদ্যোগবোৰৰ চাৰি সীমাৰ বাহিৰত যিমান পাৰে গছ-গছনিৰ পুলি ৰোৱাৰো আঁচনি লোৱা দেখা গৈছে। উদাহৰণ স্বৰূপে উত্তৰপ্ৰদেশত ভাৰতীয় তেল নিগম লিমিটেডৰ ৰাজহুৱা খণ্ডৰ মথুৰা তেল শোধনাগাৰটো মই ১৯৯৮ চনত দেখি আহিছোঁ। তেল শোধনাগাৰৰ চাৰিসীমা সেউজীয়া গছেৰে পৰিপূৰ্ণ হোৱাৰ উপৰি বিষয়া কৰ্মচাৰীসকলৰ বাসগৃহ আৰু ৰাস্তা-পদূলি গছ-গছনিৰে সেউজীয়া কৰি ৰখাৰ বাবে মথুৰা শোধনাগাৰৰ আন এটা নাম সেউজীয়া তেল শোধনাগাৰ (Green Refinery) বুলি খ্যাত হৈছে। এই ব্যৱস্থাৰ আন এটা কাৰণো আছে বুলি জনা যায়। মথুৰা তেল শোধনাগাৰৰপৰা নিৰ্গত লেতেৰা ধোঁৱা যদি তাজমহলত লাগেহি, তেন্তে তাজমহলৰ বৰ্তমানৰ চিচিকিয়া বগা ৰঙৰ পৰিৱৰ্তে অন্য ৰং ধৰাৰ সম্ভৱনা থকাৰ কথা চিন্তা কৰিয়েই পর্যাপ্ত পৰিমাণৰ সেউজীয়া গছ-গছনিবোৰ ৰোৱা হৈছিল। ৰন্ধন গেছৰ Botlling Plant বোৰ সৰ্বসাধৰণতে মানুহৰ বাস গৃহৰ পৰা নিলগৰ জংঘলৰ মাজত স্থাপন কৰাৰ কাৰণ হৈছে- হঠাৎ জুই লাগিলে ওচৰে-পাজৰে থকা মানুহৰ ঘৰ-বাৰী জ্বলি ছাই হৈ যাব পাবে। আনহাতে গেছবোৰ মানুহৰ পেটত সোমালে বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা আছে। পৃথিৱীত গছ যদি নাথাকে, মানুহ নালাগে অন্য প্রাণীও জীয়াই নাথাকে। ইয়াৰ আটাইবোৰ কাৰণ আগতে বৰ্ণনা কৰি আহিছোঁ। যিবোৰ ৰাজ্য সেউজীয়া গছ-গছনিৰে পৰিপূৰ্ণ, সেইবোৰ ৰাজ্য বা দেশৰ নগৰ-চহৰ প্ৰদূষণমুক্ত হোৱাৰ লগতে মানুহৰ চেহেৰাপাতিও দেখিবলৈ অতি সুন্দৰ আৰু স্বাস্থ্যৱান হয়। ইয়াৰ কাৰণ হ’ল, তেওঁলোকে পর্যাপ্ত পৰিমাণৰ অক্সিজেন গেছ আৰু পৰিষ্কাৰ বতাহ সেৱন কৰিবলৈ পায়। উদাহৰণ স্বৰূপে জাপানত প্রত্যেক এপার্টমেণ্টৰ ৰাস্তাৰ কাষত, পাৰ্কত, সমুদ্ৰৰ পাৰত যথেষ্ট পৰিমাণৰ সেউজীয়া গছ- গছনিৰে ভৰপূৰ। ৰাস্তাৰ কাষত ডাঙৰ ডাঙৰ আট্টালিকা আছে যদিও লগতে গছ-গছনি থাকিবই। চৰকাৰৰ বিনা অনুমতিত গছ কাটিব নোৱাৰে।
বন বিভাগৰ Forest Land ত বাহিৰৰ মানুহে হাত দিয়াতো কথাই নাই। জাপানীসকলে গছ-গছনিক নিজৰ সন্তানৰ দৰে লালন-পালন কৰি ডাঙৰ কৰি ভাল পায়। তেনেবোৰ কাৰণতে চাগৈ মানুহবোৰ স্বাস্থ্যৱান আৰু প্ৰায় গড় হিচাপে ৯০ বছৰৰ পৰা ১০০ বছৰ বয়সলৈ সক্রিয় হৈ থাকে। জাপানত কোনো দোকান-বজাৰত ভেজাল খাদ্য সামগ্রী বিক্ৰী কৰা নিষেধ। জাপান চৰকাৰে তেওঁলোকৰ জ্যেষ্ঠ নাগৰিকসকলক বৃদ্ধ কালত সা-সুবিধা প্রদান কৰি সন্মান কৰে। আমাৰ দেশবোৰত কিছুসংখ্যক নিজৰ সন্তানেও তেনে সুবিধা নিজৰ পিতৃ-মাতৃক দিয়া দেখা নাযায়।
ইচ্ছা কৰিলে পৃথিৱীত মানুহে কৰিব নোৱৰা কাম একো নাই। যাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ লগতে বাকীবোৰ প্রাণীও জীয়াই আছে, তাৰ বাবে বিশেষকৈ মানৱ জাতিৰ কিছুমান কৰণীয় আছে। প্রতিখন গাঁৱত, নগৰ-চহৰত আৰু ৰাজ্যত গছ-গছনি যিমান দিনলৈকে থাকিব, সিমান দিনলৈকে মানুহৰ লগত অন্য জীৱ-জন্তু আৰু পশু-পক্ষীও জীয়াই থাকিব। সিবোৰৰ ওপৰত নিৰ্যাতন কৰি থাকিলে এসময়ত এই ধুনীয়া পৃথিৱীখন মৰুভূমিত পৰিণত হ’ব। তেতিয়া কোনোৱেই জীয়াই নাথাকিব। আহক আমি প্রত্যেকে নিজৰ নিজৰ বাৰী, পথাৰত প্ৰতিবছৰত এজোপা-দুজোপাকৈ গছ পুলি ৰুবলৈ আৰম্ভ কৰি তলত উল্লেখ কৰা কবিতাৰ দৰে নিজৰ গাঁওখনক সজাই তোলোঁ-
“শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কত পাও তল সৰা।”
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment