বিদায়! হে মহান....
বিদায়! ইতিহাসৰ শ্ৰেষ্ঠ ভাৰতীয়.....
কেশৱানন্দ ওজা
পৰিসমাপ্তি এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ,
যৱনিকা এক প্ৰাণোচ্ছল জীৱনৰ।
নিয়তিৰ পৰিহাস কি যে নিষ্ঠুৰ...
সময়ৰ কালচক্ৰত এনেদৰেই
হেৰাই জীৱনৰ সাঁথৰ।
কান্দিছে আজি সমগ্ৰ ভাৰতে
মহীৰুহৰ মহাপ্ৰয়াণৰ বেলাত,
কান্দিছে আজি সমগ্ৰ বিশ্বই
হেৰুৱাই এক বিৰল ‘ৰত্ন’ক।
মহাপ্ৰয়াণৰ এই কৰুণ বেলাত
নিবেদিলো বিনম্ৰ অশ্ৰু অঞ্জলি,
অনাগত দিনবোৰত প্ৰতিটো প্ৰজন্মই বিচাৰিব
আপোনাৰ আশীষ নিৰ্মালি।
ভৱিষ্যত প্ৰজন্মৰ বাবে আপুনি
প্ৰেৰণাৰ এক উজ্বল বেলি,
আপোনাৰ বৰ্ণিল জীৱন আদৰ্শেৰে
আমি ল’ম ভৱিষ্যতক আকোঁৱালি।
আপোনাৰ কৰ্মৰাজিৰ বাৰেৰহনীয়া ৰামধেনুৰে
বৰ্ণিল হৈ ৰ’ব ভাৰতমাতাৰ ইতিহাস,
তাৰেই বুকুত অনুভৱৰ বিশালতাত
আমি বুটলিম হেৰুৱা জীৱনৰ সুৱাস।
(স্ব-গৰিমাৰে মহিমামণ্ডিত প্ৰখ্যাত উদ্যোগপতি তথা পদ্মবিভূষণ সন্মানেৰে বিভূষিত ভাৰতৰ উদ্যোগ জগতৰ অন্যতম বিৰল “ৰত্ন” ৰতন নৱল টাটাৰ মহাপ্ৰয়াণত.....)
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment