ৰাতিৰ মানুহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

ৰাতিৰ মানুহ

 


ৰাতিৰ মানুহ


                        বলিন বৰদলৈ 

                 আলামি, গোলাঘাট 


শুনিছানে বাৰু কিহৰ সেই শব্দ বন্ধু,

হত্যা, হিংসা, ধৰ্ষণ, নিৰ্য্যাতন

সন্ত্ৰাসৰেই নহয় ?

সভ্যতানো কি অসভ্যতানো কি

আজি সিহঁতে চিনি নাপায়।

সভ্যতা মানে নাঙঠ সভ্যতা

সভ্যতাৰ বেশত মুখা পিন্ধা সভ্যতা -

নিজ সন্তানক সন্তান বুলি

গ্ৰহণৰ লজাবোধ কৰা 

নিজ কন্যা সন্তান, ভাৰ্য্যাক

বেশ্যালয়ত বিক্ৰী

জুৱা, সুৰা আৰু আড্ডাত মত্ত

এই দেশৰ ৰাতিৰ মানুহ।

সিহঁতৰ ওঁঠত ৰঙৰ ফাকু

ভগ্নীৰ নগ্ন দেহ দেখি

ঈশ্বৰ, ভগৱান, আল্লা, গড

সিহঁতৰ বাবে হেনো নিকিনা গোলাম।

আজি দিন দুপৰতে মুখত

ক'লা কাপোৰ বন্ধা 

এদল যুৱকে হত্যা কৰি 

গ'ল আপোন ভাইটোক

তেজৰ ডোঙাত পৰি ৰ’ল অন্ধ ভিক্ষুকজন।

এইখনেই দেশ য’ত যুৱতীক

ৰাজপথত উলঙ্গ কৰি কৰা হয় দলবদ্ধ ধৰ্ষণ,

নাৰী আজি ক’তোৱেই সুৰক্ষিত নহয় 

নৱজাতকৰ স্থান ডাষ্টবিনত

তাক লৈ কুকুৰ-শিয়ালৰ কঢ়া-আঁজোৰা।

ৰক্তস্নাত কচাইখানাত

মঙহৰ লোভত ভেনামাখিৰ দৰে মানুহৰ সমাগম  

মৃত-স্বজনৰ প্ৰতি নযঁচা হ’ল অশ্ৰুঞ্জলি

শ্মশানৰ কাষত হাঁহি-খিলখিলনি,

সকলোৰে প্ৰৱঞ্চিত হৃদয়

সঁচা মানুহৰ নিকা মাটি চাকিৰ পোহৰত 

পলসুৱা শইচ শ্যামলী চাপৰিত

জুই হৈ জ্বলিছে সময়...

সকলোৰে প্ৰৱঞ্চিত হৃদয় !


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages