প্ৰিয়তম এই জীৱন
পূৰবী চুতীয়া
ৰাজগড়, গুৱাহাটী-৩
(১)
চৰাইবোৰ ঘৰমুৱা হোৱাৰ পৰত
আকাশত কোনোবাই কবিতা লিখিছিল
আবেলি বেলিৰ ৰঙেৰে―
মই গম নোপোৱাকৈ
তুমি আহিছিলা কিজানি !
চিন থৈ গ'লা ―
কাব্যিক নান্দনিকতা ।।
তোমাক নোপোৱাৰ পৰা তোমাক পোৱালৈ যে
এক দীঘলীয়া পৰিক্ৰমা ।
(২)
মই য’তেই নাথাকোঁ কিয়, য’লৈকে নাযাওঁ কিয়
তোমাক এৰিবকে নোৱাৰোঁ খন্তেকলৈও
মায়াৰ বান্ধোন –
লগলাগি নুফুৰিলেও
লগে লগেই ফুৰা মোৰ স্মৃতিছাঁয়া হৈ।
কিবা এটা নোহোৱাৰ পৰা কিবা এটা হৈ কাষে কাষে।
(৩)
মন আনন্দীয়া, মন বিনন্দীয়া
মন দিহিঙৰ গৰা...
মন কেতিয়াবা নৈ হয় ― উজায়-ভটিয়ায়
কেতিয়াবা গৰা হৈ খহে ।
মন বুজা টান ― বহুৰূপী
ক্ষণে ক্ষণে বৰণ সলায় ।
তোমাৰ স্থিতিয়ে তাতে সাৰ-পানী যোগায় ।
মোৰ অস্থিৰ আবেগৰ ঢৌ তোমাতে লীন যায়।
(৪)
এনে লাগে কেতিয়াবা কাষতে থাকিও বহু দূৰত
অথবা ভিৰৰ মাজতো অকলশৰীয়া
অথচ দূৰত থাকিও একান্তই নিবিড় ।
নিসংগতাৰ আঙুলিৰ ফাঁকেৰে মই গুছি যাওঁ
ধূলিৰে ধূসৰিত অতীতলৈ ...
মলিয়ন দিনবোৰৰ পৃষ্ঠা লুটিয়াই
তোমাক আৱিষ্কাৰ কৰোঁ ন-কৈ ।
প্ৰেমৰ উচ্ছল নদীখন বুকুৰে বাগৰে থৌকিবাথৌ হৈ
জীৱন উদ্ যাপনৰ সমলেই যে প্ৰেম ।
(৫)
প্ৰিয়তম এই জীৱন ―
প্ৰিয় মানুহৰ সাহচৰ্যত
প্ৰিয় হৈ উঠে সময়বোৰ
প্ৰিয় সুৰৰ আমোলন ৰাগি এটাই মেৰিয়াই বান্ধে এৰাব নোৱাৰাকৈ
তথাপিও পৰমপ্ৰিয় কাৰোবাৰ বাবে অপেক্ষা
কৰিবৰ মন যায় কিয় !
এই ব্যাকুলতাৰ নাম দিওঁ কি !
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment