যোৰা মোৰ ভাঙিলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

যোৰা মোৰ ভাঙিলি

 


যোৰা মোৰ ভাঙিলি


                                        সীমা প্ৰধান


যোৰা মোৰ ভাঙিলি

অ’ নিৰ্দয়ী মানৱ…..

ৰং চাই আছে যে !

যোৰা মোৰ ভাঙিলি 

অকলশৰীয়া কৰিলি

তোৰ চোতালত খুদকণ হে বিচাৰিছিলোঁ

যোৰা মোৰ ভাঙি কিনো পালি ত‍ই‍?

মানৱ হোৱাৰ  অহংকাৰ দেখুৱালি 

সৰু চৰাই বুলি এবাৰো যে নাভাবিলি

শক্তি প্ৰদৰ্শন কৰি নিৰীহ জীৱক হত্যা কৰি

চকু পানী টুকিবলৈ বাধ্য কৰালি

ঈশ্বৰৰ সৃষ্টিৰ উত্তম জীৱৰ এনে অধঃপতন কিয় !

যোৰা মোৰ ভাঙিলি তথাপিতো নাকান্দিলে হিয়া তোৰ 

আজি মানৱে মানৱক হত্যা কৰিবলৈ নকৰে কুন্ঠাবোধ

মোৰ দৰে সৰু চৰাই এজনীৰ কথা ভৱাৰ আছেনো সময় কাৰ!

কাবৌ কৰিছো তোক দানৱৰ ৰূপ এৰি প্ৰকৃত মানৱ হোৱাৰ কুচ-কাৱাজ কৰ…


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages