স্বাধীনতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, October 31, 2024

স্বাধীনতা



স্বাধীনতা


                   জেনিফা হাজৰিকা

                              ডিব্ৰুগড়


      (১)

আপুনি যদি অকণমান 

স্বাধীনতা দিলে হয়


মই মিছা কোৱাৰ 

প্ৰয়োজনতা নহ’লহেতেন।


      (২)

আৰু কিমান.....

ক্ষমতাৰ পিছত 

দৌৰি দৌৰি ভাগৰি পৰিছো।

পাহৰি পেলাইছো

ক্ষমতাৰ বাবে যুদ্ধ নে

যুদ্ধৰ বাবে ক্ষমতা।


      (৩)

কেৱল মাথো জ্বলিছো 

জ্বলিছো আৰু জ্বলিছো

ধোৱা আৰু ছাইৰ মাজত।


      (৪)

সপোনৰ আখ্যা লৈ

মোৰ সৰু সৰু সপোনবোৰো

দৌৰি ফুৰিছে...



চোৱা চোৱা সৌৱা 

মোৰ সপোনবোৰো 

দৌৰিয়ে ফুৰিছে.......


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages