আঘোণৰ পথাৰ
অভিজিৎ বৰা
যোৰহাট
ককাই ঐ আজি ডাঙৰী আনিবি
মই ডাঙৰী বান্ধি থ’ম,
মৰনা এটা পেলাই অলপ ধান বানি
দেওবাৰলৈ ন খাব লাগিব।
সোণগুটিৰে ভৰা সোণালী আঘোণৰ
এই দিনবোৰেই কৃষকৰ বাবে অপাৰ আনন্দৰ উৎস।
পথাৰৰ সোণোৱালী চাদৰখন বুকুত মেৰিয়াই লৈ
চঞ্চলা দাৱনীয়ে খিল্খিলাই হাঁহে
তাৰ মাজতেই থাকে
আঘোণৰ অপাৰ সৌন্দৰ্য সম্ভাৰ।
তাহানি পিতাইৰ
পথাৰলৈ যোৱাৰ আগত
আইক দিয়া সেই মাতষাৰ,
তাতো যেন আঘোণ সোমাই থাকে,
পথাৰৰ ৰবাব টেঙাৰ নিমখীয়া গোন্ধ
তাতো কেৱল আঘোণ
আৰু আঘোণ
আঘোণ মানেই আনন্দ
আঘোণ মানেই পকা ধান
আঘোণ প্ৰকৃতিৰ
অনিন্দ্যসুন্দৰ ৰূপ !
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment