সময়
গীতিমালিকা গগৈ
আজি প্ৰভাতৰ সূৰ্যোদয় উপেক্ষিত
লীন হৈ যাব ধৰিছে….
জোনাকৰ ৰং আৰু আশাৰ সজাল কঠিয়া,
জীৱন জীয়াৰ চেষ্টা নকৰা নহয়,
জয়ধ্বনি দিবলৈ কিন্তু নাই
তোমাৰ সেই দুখনি সুকোমল হাত !
অপেক্ষাৰত মনে তথাপিও ভাৱে
তোমাৰ দৃষ্টি যেন নিৱদ্ধ আছে ...!
সকলোবোৰ যদি হঠাতে সলনি হৈ গ'ল হয় সপোনৰ দৰে….
আঁউসীৰ অন্তহীন ভ্ৰমণ কেতিয়া যে স্থবিৰ হ’ব ???
কিছুদিন আগেয়ে যদি গম পালোঁ হয়
তোমাৰ এই চিৰাচৰিত সিদ্ধান্তৰ কথা,
হয়তু বাট বুলিলোহেঁতেন
প্রযুক্তিৰ উৰ্দ্ধত বিধৌত জাগৰণলৈ....
য’ত মেলি দিলোঁ হয় তোমাৰ, আমাৰ আৰু অজানাজনৰ
দীঘলীয়া হেঙুলীয়া হাত .....!
প্ৰত্যাহ্বান জনায় সময়ক ...!
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৪
No comments:
Post a Comment