গুৰু-শিষ্যৰ সম্বন্ধ আৰু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰা কাৰকসমূহৰ চমু আলোকপাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

গুৰু-শিষ্যৰ সম্বন্ধ আৰু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰা কাৰকসমূহৰ চমু আলোকপাত

 


গুৰু-শিষ্যৰ সম্বন্ধ আৰু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰা কাৰকসমূহৰ চমু আলোকপাত 


পৱন বৰ্মন

পাখামাৰা, বাকসা


    “নালাগে নামিব যা গৈ” আমাৰ প্ৰজন্মই চাগে এই বাক্যশাৰীৰ শেষ শ্ৰোতা। সময় সলনি হৈছে এতিয়াৰ এই প্ৰতিযোগিতা আৰু প্ৰযুক্তিবিদ্যাৰ যুগত শিক্ষকক দেখিলে চাইকেলৰ পৰা নামি দিয়া দিন উকলিল। এতিয়া শিক্ষকৰো চাইকেল চলোৱা সময় প্ৰায় নোহোৱা হৈছে। এয়া যেন সময়ৰে আহ্বান। কিন্তু সমাজখনত ঘটি থকা কিছুমান ঘটনা দেখি–শুনি আমাৰ অনুভৱ হৈছে গুৰু-শিষ্যৰ মাজৰ সম্পৰ্কৰ কৰ'বাত যেন কিবা কেৰোণ লাগিছে। এই আলোচনাত এনেকুৱা কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ।

  

     ভাৰতীয় দৰ্শনত গুৰুৰ স্থান শীৰ্ষত

     “গুৰু ব্ৰহ্মা গুৰু বিষ্ণু

    গুৰুদেৱ মহেশ্বৰ

    গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম

    তস্মৈ শ্ৰী গুৰুৱে নমঃ ” এই গুৰু মন্ত্ৰৰে পূৰ্বজৰে পৰা আমাৰ সমাজ চলি আহিছে। বৈদিক যুগৰে পৰা শিক্ষাগুৰু সকলে সমাজৰ গুৰি ধৰোঁতা হিচাপে বিশেষ ভূমিকা পালন কৰি আহিছে। এনে নহয় যে গুৰুৱে ক’তো কেতিয়াও অকৰনীয় কাৰ্য্য কৰা নাই, কৰ’বাত কেতিয়াবা কিবা ভুল হ’লেও গুৰু শিষ্যৰ সংঘাতৰ খবৰ পোৱা নাছিলোঁ।বৈদিক যুগত শিষ্য সকলে গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰিব লাগিছিল, গুৰু সকলে বিভিন্ন বিষয়ত শিষ্য সকলক শিক্ষা প্ৰদান কৰিছিল। অভিভাৱক আৰু প্ৰশাসনতন্ত্ৰই এই ক্ষেত্ৰত হস্তক্ষেপ কৰা নাছিল। গুৰুৰ শিষ্যত্ব লাভ কৰাৰ পাছত ৰাজকুমাৰ সকলে যেনেদৰে শিক্ষা গ্ৰহণ কৰিছিল সাধাৰণ প্ৰজাৰ ল’ৰা জনেও একেধৰণে ৰাজকুমাৰ সকলৰ লগত থাকি শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল । গুৰুৱে শিষ্যৰ মাজতো ভেদাভেদ ৰখা নাছিল। মহাভাৰতৰ যুগৰ এগৰাকী অন্যতম শিক্ষাগুৰু আছিল দ্ৰোণাচাৰ্য্য। তেওঁ কৌৰৱ আৰু পাণ্ডৱৰ শিক্ষাগুৰু আছিল আৰু এইসকলৰ মাজত দ্ৰোণাচাৰ্য্যৰ প্ৰিয় শিষ্য আছিল পাণ্ডুপুত্ৰ অৰ্জুন। তেওঁ বিচাৰিছিল যে প্ৰিয় শিষ্যজনতকৈ আন কোনোৱে যেন শ্ৰেষ্ঠ ধনুৰ্বিদ হ’ব নোৱাৰে। দ্ৰোণাচাৰ্য্যৰ এনেকুৱা মনোভাৱৰ বাবে সম্ভাৱনা থকা স্বত্বেও নীচকুলৰ বুলি একলব্যক শিষ্যত্ব প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল । কিন্তু একলব্যৰ একান্ত চেষ্টাৰে দ্ৰোণাচাৰ্য্যকেই গুৰু হিচাপে মানি শ্ৰেষ্ঠ ধনুৰ্বিদ হৈ উঠিছিল আৰু তেতিয়াই দ্ৰোণাচাৰ্য্যই গুৰুদক্ষিণাৰ নামত সেই কলংকিত ঘটনাটো সংঘটিত কৰিছিল।অতি নিদাৰুণভাৱে একলব্যৰ পৰা গুৰুদক্ষিণা হিচাপে বিচাৰিছিল একলব্যৰ সোঁহাতৰ বুঢ়া আঙুলিটো। একলব্যই মাত্ৰ এটা হুমুনিয়াহ কাৰি গুৰুৰ হাতৰ তুলি দিছিল ধনুৰ্বিদ্যাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ নিজৰ সোঁহাতৰ বুঢ়া আঙুলিটো। দ্ৰোণাচাৰ্য্য সেই সময়ৰ এজন শ্ৰেষ্ঠ অস্ত্ৰজ্ঞ শিক্ষক আছিল যদিও এই গুৰুদক্ষিণা গ্ৰহণ কৰি দ্ৰোণাচাৰ্য্য চিৰকাললৈ কুখ্যাতি ৰাখিলে তাৰ বিপৰীতে একলব্য চিৰকাললৈ শ্ৰেষ্ঠ শিষ্য হিচাপে চিহ্নিত হৈ ৰ’ল। এতিয়া তাৰ যেন সম্পূৰ্ণ ওলোটা ছবি এখন আমি দেখিবলৈ পাওঁ। যোৱা ৬ জুলাই (২০২৪) তাৰিখে শিৱসাগৰ জিলাৰ সাই বিকাশ নামৰ শিক্ষানুষ্ঠানটিৰ এজন ছাত্ৰই মাত্ৰ কেইটামান নম্বৰৰ বাবে সহপাঠীৰ সন্মুখতে তীক্ষ্ণ ছুৰীৰে নিজৰে শিক্ষাগুৰুক শ্ৰেণীকোঠাৰ ভিতৰতে নিষ্ঠুৰভাৱে হত্যা কৰে। এয়া মাত্ৰ এটা উদাহৰণহে। 

   এই খিনিতে প্ৰশ্ন হয় আমাৰ ছাত্ৰ সমাজৰ মাজত ইমান অধঃপতনৰ কাৰণ কি ? আধুনিক বুলি ভবা সমাজ খনত কিহৰ বাবে ইমান উশৃংখলতা? ইয়াৰ বাবে দায়ী কোন? আমি যদি অলপ গভীৰভাবে চিন্তা কৰোঁ, ইয়াৰ অন্তৰালত প্ৰথম আৰু প্ৰধান দায়ী আমি আৰু আমাৰ আধুনিক বুলি ভবা সমাজ ব্যৱস্থাটো। 

    যোৱা ন-দহ বছৰ শিক্ষা বৃত্তিটোৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছো আৰু তাৰ উপলব্ধিৰে কেইটামান কথা ক’ব বিচাৰিছোঁ যি কেইটাই আমাৰ ছাত্ৰ সমাজক বিপথে পৰিচালিত কৰাত নিৰ্ণায়ক ভূমিকা লৈছে বুলি আমাৰ মনে কয়। 


     অত্যাধিক নম্বৰৰ প্ৰতিযোগিতা – বৰ্তমানৰ গোটেই শিক্ষা ব্যৱস্থাটোত এটা অঘোষিত নম্বৰৰ প্ৰতিযোগিতা চলি আছে। অকল ছাত্ৰ-ছাত্ৰীৰ মনতে নহয় অভিভাৱক, শিক্ষক সকলৰ মনতো এই প্ৰতিযোগিতা চলি থাকে। সমগ্ৰ শিক্ষাব্যৱস্থা যেন কেইটামান নম্বৰৰ ওপৰতহে বৰ্তি আছে। কোনো এটা বিষয়ৰ বিষয় ভিত্তিক জ্ঞান আৰোহণ কৰাতকৈ পৰীক্ষাত প্ৰশ্নৰ উত্তৰ দি পোৱা নম্বৰ কেইটাই যেন আচল শিক্ষা। এনেধৰনৰ মনোভাৱৰ ফলত ছাত্ৰ-ছাত্ৰীৰ নম্বৰ বঢ়াইছে যদিও তাৰ বিপৰীতে অনৈতিক ভাৱে নম্বৰ আৰোহণ কৰাৰ বাবেও চিন্তা এটাৰ পথ মুকলি কৰি দিয়ে। যাৰ ফলত সাই বিকাশ নামৰ শিক্ষানুষ্ঠানটিত এনে ঘটনা সংঘটিত হৈছে। এই ক্ষেত্ৰত অভিভাৱক সকল সতৰ্ক হোৱা উচিত কিন্তু বহুক্ষেত্ৰত দেখা পাওঁ ছাত্ৰ-ছাত্ৰীতকৈ অভিভাৱক সকলৰ মাজতহে নিজৰ নিজৰ সন্তানৰ নম্বৰকলৈ এখন প্ৰতিযোগিতা চলি থাকে। এনে প্ৰতিযোগিতা বা মনোভাৱ শিক্ষা ৱ্যৱস্থা তথা সমাজ খনৰ বাবে  অশুভ। 


স্বাধীনতা বা অধিকাৰৰ অপপ্ৰয়োগ – শাস্তি প্ৰদানেৰে ছাত্ৰ-ছাত্ৰীক সঠিক পথ দেখুৱাব পাৰি বুলি আমাৰ মনে নকয়, কিন্তু কোনো এটা ব্যৱস্থাত কিছু অনুশাসনমূলক নীতি-নিয়ম থকাটো বাঞ্চনীয়। এতিয়া বিভিন্ন কাৰণত স্কুল, কলেজৰ কৰ্তৃপক্ষই অনুশাসনমূলক ব্যৱস্থা ল’ব নোৱাৰাৰ পৰিস্থিতি হৈছে। ছাত্ৰ-ছাত্ৰীৰ মাজত যদি কিবা উশৃংখলতাইও দেখা দিয়ে আৰু তেনে পৰিস্থিতিতো কৰ্তৃপক্ষই যদি কিবা অনুশাসনমূলক ব্যৱস্থা লয় তেতিয়া সৰহসংখ্যক অভিভাৱক আৰু শিকাৰু অধিকাৰ আৰু স্বাধীনতাৰ কথা দোহাই ইয়াৰ বিৰোধিতা কৰা দেখা পাওঁ। যাৰ ফলত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰা দেখা যায়। 


   ছাত্ৰ-ছাত্ৰীৰ ওপৰত হেঁচা – আমি এটা কথা প্ৰায়ে পাহৰি যাওঁ যে শিশুসকলৰ একোটা স্বাধীনচিতীয়া মন থাকে। ভূমিষ্ঠ হোৱাৰ পিচ মুহূৰ্তৰ পৰা শিশুৰ ওপৰত অভিভাৱক সকলে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰা দেখা পাওঁ। ৩ বছৰ বয়সৰ পৰা স্কুল, টিউশ্যন, গানৰ ক্লাছ, নৃত্যৰ প্ৰশিক্ষণ আদিৰ দৰে বিভিন্ন বিষয়ত নামভৰ্ত্তি কৰাই দি মানসিক হেঁচা দিয়া আৰম্ভ কৰি দিয়ে আন নালাগে এতিয়া খেলতো হেঁচা প্ৰয়োগ কৰা দেখা যায়, খেল যেন এতিয়া আমোদ-প্ৰমোদ সঁজুলি নহয়, ইমানেই প্ৰতিযোগিতা যে তেওঁলোকে খেলতো আনন্দ কৰিব পাহৰি যায়। যাৰ ফলত তেওঁলোকৰ শিশুসুলভ মনটো ভাঙি যোৱা দেখা পাওঁ। এনেধৰনৰ চাপৰ বাবে তেওঁলোকৰ মানসিক পৰিবৰ্তন হোৱা আমি পৰিলক্ষিত নকৰা নহয়।


    শিক্ষা ব্যৱস্থাৰ বিসংগতি – আমি ক’ব নোৱাৰো যে আমাৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ অশুদ্ধ কিন্তু এটা উপলব্ধি হয় যে আমাৰ শিক্ষা ব্যৱস্থা কেৰোণ মুক্ত নহয়। বৰ্তমানৰ শিক্ষাই (বেছিভাগ) আমাৰ শিকাৰু সকলক সময়ৰ লগত আগবঢ়াই নিবলৈ সক্ষম নহয়। আনহে নালাগে স্নাতকোত্তৰ ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীৰ এজনৰো কোনো ধৰণৰ ব্যৱহাৰিক জ্ঞান নাথাকে। স্কুল, কলেজত যিবোৰ শিক্ষা প্ৰদান কৰা হয় প্ৰায়বোৰ বাস্তৱ জীৱনত কোনো ধৰণৰ কামত নাহে। এনেধৰণৰ শিক্ষাইয়ো সমাজত অৰাজকতা সৃষ্টিত অৰিহণা যোগায় যেন মনেধৰে। 


  নৈতিক শিক্ষাৰ অভাৱ – আমাৰ শিক্ষা ব্যৱস্থাত যে নৈতিক শিক্ষাৰ অভাৱ ঘটিছে সেই কথা সচেতন মহলে বাৰুকৈ অনুভৱ কৰিছে। আমি শিশুসকলক সৰুৰে পৰা নৈতিকভাৱে সাৱলীল কৰাত অসমৰ্থ হৈছোঁ, এই কথা আমি স্বীকাৰ কৰিব লাগিব। যদি সমাজ এখনৰ ভৱিষ্যতৰ কাণ্ডাৰীসকলক নৈতিক ভাৱে সাৱলীল কৰা নহয় তেনেহ’লে সমাজত অৰাজকতাৰ আশংকা বাঢ়ি যোৱাতো স্বাভাৱিক। গতিকে আমি  অভিভাৱক, তথা বিদ্বান মহলে শিশুক সৰুৰে পৰা নৈতিক শিক্ষা দিয়া উচিত। 


    মাদক দ্ৰব্যৰ ব্যৱহাৰ – তুলনামূলক ভাৱে আজিকালি মাদক দ্ৰব্য সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হৈছে, নহ’বই বা কিয়? যিখন সমাজত তাৰকা বুলি গণ্য কৰা ব্যক্তি সকলেও এইবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বিজ্ঞাপন কৰে, তেনে সমাজত এইবোৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হোৱাতো সাধাৰণ কথা। সামাজিত মাধ্যম, দূৰদৰ্শনৰ বিজ্ঞাপন আদিত সঘনে দেখা পোৱা এই মাদক দ্ৰব্যৰ ওপৰত শিশু-বৃদ্ধ সকলৰে আসক্তি বাঢ়ি গৈছে। মদ, গুটখা, ড্ৰাগচ আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰা ফলত সমাজ খনত যি উশৃংখলতাই গা কৰি উঠিছে সেয়া সৰ্বজন বিদিত। গতিকে হাতে-কামে এইবোৰ বন্ধ কৰাৰ প্ৰয়োজন আহি পৰিছে। 


   মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰ – মোবাইল ফোন বৰ্তমান আমাৰ প্ৰত্যেকৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী হিচাপে পৰিগণিত হৈছে। মোবাইল নহ’লে আমি এটা দিনো যেন পাৰ কৰিব নোৱাৰো। মোবাইলৰ বহুতো উপযোগিতা থকাৰ পিছতো ইয়াৰ কুপ্ৰভাৱসমূহ আমি আওকান কৰিব নোৱাৰো। অত্যাধিক মোবাইল ব্যৱহাৰৰ ফলত শিশুৰ মানসিক চাপ, উদ্বেগ, মানসিক অশান্তি আদিৰ সৃষ্টি হ’ব পাৰে। কমবেছি পৰিমাণে আমি সকলোৱে মোবাইল আসক্ত হৈ পৰিছোঁ, মোবাইল নহ’লে যেন আমাৰ পৃথিৱীখন স্তব্ধ হৈ পৰিব। যাক আমি 'Monophobia' বা 'No Mobile Phone Phobia' বুলি ক’ব পাৰোঁ । Monophobia ৰ কবলত পৰিলে যদি হাতত মোবাইলটো নাথাকে মনত কিবা এটা ভয় লাগি থাকে যেন মোবাইল নহ’লে কিবা এটা হৈ যাব, যাৰ বাবে মোবাইল লৈ থকাটো এটা অভ্যাসত পৰিণত হৈ পৰে। তাৰোপৰি প্ৰয়োজনতকৈ অধিক মোবাইল ব্যৱহাৰৰ ফলত শিশুৰ টোপনিৰ সমস্যাই দেখা দিব পাৰে যাৰ ফলত তেওঁলোক মানসিক ভাৱে অস্থিৰ হৈ পৰিব পাৰে, শাৰীৰিক, মানসিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আনহাতে আজিকালি মোবাইলৰ দ্বাৰা আপত্তিজনক ছবি, ভিডিঅ’ আদান প্ৰদান কৰা দেখা যায় যিটো সমাজ ব্যৱস্থাটোৰ বাবে এটা ভয়াৱহ কথা। ইয়াৰ বাবে হত্যা, হিংসা, আত্মহত্যাৰ দৰে খবৰ আমি নিতৌ পাবলৈ লৈছোঁ । 



    উল্লেখ কৰা কাৰণবোৰৰ উপৰি শিৱসাগৰৰ ঘটনাটোৰ আন এটা বিষয়ক লৈ সচেতন মহল চিন্তিত হৈ পৰিছে সেইটো হৈছে অভিভাৱকে ল’ব লগা অনুশাসনমূলক ব্যৱস্থা। সন্তানক সঠিক পথত আগুৱাই নিয়াত পিতৃ-মাতৃ তথা অভিভাৱকৰ ভূমিকা অপৰিসীম। সন্তানৰ সুন্দৰ ভৱিষ্যতৰ বাবে অভিভাৱকে কঠোৰ অনুশাসনমূলক ব্যৱস্থা নল’লেও কৌশলী অনুশাসনমূলক ব্যৱস্থা লোৱা প্ৰয়োজন আছে। তাকে নকৰি আমাৰ কিছুমান ধনবান লোকৰ সন্তানক দিয়া অপৰিসীম অধিকাৰ আৰু সুবিধাৰ বাবে তেওঁলোকক স্বভাৱ চৰিত্ৰৰ ওপৰত সাংঘাটিক ধৰণে কুপ্ৰভাৱ পৰা আমি দেখিছোঁ। তেনে অধঃপতনে যোৱা সন্তানসকলে এটা সময়ত পিতৃ-মাতৃ, শিক্ষাগুৰু বা আন কাৰোৰে প্ৰতি শ্ৰদ্ধা নৰখা হয়, তেওঁলোকে নিজকে নিজে সৰ্বেসৰ্বা বুলি ধৰি লৈ এক বিশৃংখলতাৰ সৃষ্টি কৰি তোলা দেখা যায়, তেনে পৰিস্থিতিত সিহঁতক নিয়ন্ত্ৰণ কৰা অসম্ভৱ হৈ পৰে। যাৰ ফলত বহু অনাকাংক্ষিত ঘটনা ঘটা আমি দেখিছোঁ। বহু ক্ষেত্ৰত পিতৃ-মাতৃৰ উচ্চাকাংক্ষাই সন্তানক নিজ সপোন সাকাৰ কৰাত বাধা দিয়াই নহয়, তেওঁলোকক চৰম হতাশাত পেলোৱাও দেখা যায়। শেষত তেনে সন্তান বিদ্ৰোহী হৈ উঠিব পাৰে নতুবা আত্মহত্যাৰ পথো বাচি ল’ব পাৰে। গতিকে পিতৃ-মাতৃ তথা অভিভাৱকসকলৰ এই ক্ষেত্ৰত দায়িত্ব অধিক। সেয়েহে অনুভৱ কৰোঁ এনে বিপথগামী ছাত্ৰ-ছাত্ৰীৰ লগতে কাণ্ডজ্ঞানহীন অভিভাৱক তথা শিক্ষকৰো Counseling ৰ বাৰুকৈ প্ৰয়োজন হৈ পৰিছে।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages