অতীতৰ কথাৰে….
বাণীকান্ত দলে
অতীত বুলি ক’লে বহু কথাই মনলৈ আহে। বিশেষকৈ আগৰ দিনৰ কথাবোৰ। তাহানিৰ দিনৰ ৰসাল স্মৃতি ৰোমন্থন বিচাৰি কেতিয়াবা ব্যাকুল হৈ যাওঁ। কেতিয়াবা হেৰাই যাওঁ অতীতৰ বিশাল সমুদ্রত। আপোন আপোন লগা পৰিৱেশবোৰ যেন বৰকৈ আমনি দিয়ে।
আজিৰ যুগ হ’ল আধুনিক যুগ। বিভিন্ন পৰিৱেশ -পৰিস্থিতিৰ মাজেদি আগবাঢ়ি গৈ আছে পৃথিৱী আৰু লগতে সমস্ত জীৱকুল। আমি যুগৰ লগত খোজ মিলাই চলিব যাওঁতে হেৰুৱাইছোঁ নেকি কিছু কৰণীয় কাম!? আধুনিক শৈলীৰ প্ৰতি বেছি আকৃষ্ট হৈ আপোন পাহৰা হৈছোঁ নেকি?সৎ পথৰ পৰা বিচলিত হৈ অসৎ পথৰ আবেষ্টনীত সোমাই পৰিছোঁ নেকি?
হয় আমি তাহানিৰ সুমধুৰ ভাষা, কলা-কৃষ্টি, সংস্কৃতি, মৰম-চেনেহ আদি হেৰুৱাইছোঁ। আজিৰ মানৱ সমাজ সম্পূৰ্ণ যান্ত্ৰিকতাৰ কবলত। সৱেই নিমজ্জিত নিজৰ নিজৰ স্বাৰ্থ লৈ। ফলত সকলো দিশতেই আমি অৱক্ষয়ৰ ৰূপ-ৰেখা দেখা পাইছোঁ।
ইতিহাস ধৰি ৰাখিবলৈ যেন কাৰোঁ সময় নাই। চৌদিশে ব্যস্ততাৰ অজুহাততেই লাগি গৈছোঁ। যাৰ ফলত তিল তিলকৈ নিশেষ হ'ব ধৰিছে মানৱীয়তা।
কাৰোঁৰে প্ৰতি যেন বিশ্বাস আৰু আস্থা নাই। মানুহেই মানুহৰ কাল শত্রু হৈছে। কি মায়ানগৰী !? কি মহানগৰী ! সকলোতেই যেন অপমৃত্যুৰ কিৰিলি। “চৌপাশৰে ঘৰ কিঞ্চিতো নাই পৰ” বুলি ভৱা মনৰ কল্পনাবোৰ নাই।
আজি ভাবোধৰ চুবুৰীয়াৰ স্বভাৱ নাই। চুবুৰীয়াৰ মানুহে চুবুৰীয়াক চিনি নাপাই। একেলগে বহি কথা-বতৰা, সুখ-দুখৰ ভাব বিনিময়, একেলগে এসাঁজ খোৱাৰ মানসিকতা নাই। চকুত চকু থৈ কথা কোৱাৰ ৰূপ ধাৰণ কৰিব নিবিচাৰে।
এনে বিশৃংখল পৰিৱেশৰ মাজেৰেই আগবাঢ়িছে সমাজ। কিন্তু আধুনিক বুলি নিজকে পৰিচয় দিবলৈ তিলমানো লজ্জাবোধ নকৰা আজিৰ সমাজখনে কি কি আপুৰুগীয়া সম্পদ, সংস্কৃতি ধ্বংসৰ মুখলৈ ঠেলি দিলোঁ তাৰ খবৰ নাই। যন্ত্ৰৰেই পৰিচালিত হৈছোঁ আমাৰ মন-মগজু।
আজি তাঁতশালত কাপোৰ নাই। গামোচা, মেখেলা, নানা হস্তশিল্পৰ ৰং-বিৰঙৰ সাজ-পোছাক নাই। সামাজিক মাধ্যমৰ মঞ্চ দখল কৰাৰ স্বাৰ্থত কোনোবা এচকত নিজৰ কৰ্ম-সংস্কৃতি ৰাখি অমার্জিত, অসংযত, ব্যাবিচাৰ নোহোৱা আৰু অশ্লীল কথাৰ পৰিৱেশ। অসৎ পথেৰেই পাশ্চাত্য জীৱন শৈলীৰ কবলত। অকালতেই নিজৰ সতীত্ব দাহ কৰি বিলাসী জীৱনৰ কল্পনাত ডুবি গ’ল উঠি অহা প্রজন্ম। কতজনৰ নিৰ্লজ্জ আস্ফালনেৰে ভৰি পৰিল সংবাদ জগত। এয়াই হ’ল আধুনিক সমাজ।
আমি পিতৃ-পুৰুষৰ ৰীতি-নীতি, ধৰ্মীয় পৰম্পৰা, নিজা নিজা কলা-কৃষ্টি, ভাতৃত্ববোধ, মৰম-চেনেহ আদি সকলো ধূলিসাৎ কৰি কংক্রিটৰ সাজ-সজ্জাৰে নিৰ্মিত ট্ৰেকত অঘোষিত মাৰাথান প্ৰতিযোগিতাত নামি পৰিছোঁ। যাৰ ফলত অতীত পাহৰি অতি যান্ত্ৰিকতাৰ... সুমধুৰ অতীতৰ সকলো উপাদান, গুণ-গৰিমা, শৃংখলিত আৰু মাৰ্জিত বৃহত্তৰ অসমীয়া সমাজখন আকৌ উদ্ধাৰ কৰোঁ আহক। আকৌ একেলগে গাওঁ হুঁচৰি, ঐনিতম, বাগৰুম্বা। আকৌ তাঁতশালত মাকো শব্দ আৰু ধাননি পথাৰত গাভৰু ছোৱালীৰ বিহুগীত শুনোঁ। জীয়াই ৰাখোঁ চ্যুকাফা, লাচিত, সুধাকণ্ঠ, কলাগুৰুৰ বৃহত্তৰ সমাজখন। আকৌ একেলগে অতীতলৈ এখোেজ দি চাওঁ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment