চাৰিটা কবিতা
যতীন মিলি
এক
ৰ’দৰ ফুল
ফৰকাল দিৱসত মনাকাশত ফুলে ৰ’দৰ ফুল
বুকুৰ বাতায়ন খুলি সোমাই আহে তাৰ আলোকময় সুবাস
ৰ’দফুলা হাঁহি এমোকোৰাই স্পৰ্শ কৰিলে পথাৰ হৈ পৰে
গানৰ সেউজীয়া আকাশ
ৰ’দৰ ফুল আছে বাবেই কনেঙৰ ভিজা চুলিত ফুলে
সুগন্ধি ৰ’দৰ এখোপা সুবাস
ৰ’দৰ ফুল আছে বাবেই ঠেঁটুৱৈ ধৰা জাৰতো আমি ঠন ধৰি উঠোঁ
বগুৱা-বাই যাওঁ জীৱনৰ বাট
ৰ’দ ফুলা দিৱস এটা চাই তুমি আহিবা, ঐয়া
ডাৱৰীয়া মনৰ ব্যথাবোৰ আতৰাঁই সিদিনা প্ৰশান্তিৰে উৰুৱাম
আমাৰ ভালপোৱাৰ নিচান !
দুই
প্ৰশ্নচিহ্ন
সূৰুয গিলা মানুহৰ
বুকুৰ বহ্নিশিখাই দহন কৰেনে
তোৰ সাগৰ নীলা দুচকুৰ নদী…
জোনাক খেদা মানুহৰ
হাতৰ হাকুটিয়ে ছিঙেনে
তোৰ গোলাপ ৰঙা হৃদয়ৰ পাহি….
বৰষুণৰ নূপুৰ ভঙা মানুহৰ
কথাৰ হাতুৰীয়ে ভাঙেনে
আইৰ কোলাৰ এঘুমটি সেউজীয়া টোপনি….
তিনি
বাৰংবাৰতা
একুৰি আঙুলিৰ সৰ্পিল ঢৌ
বুকুৱে-নাভিয়ে তুলি
আত্মাৰে সহবাস
সহবাসৰ কোমল বিছনাত
সুখ সপোন বাস্তৱৰ বাৰংবাৰতা...
চাৰি
জেঠৰ এটি দুপৰীয়া
আজি কিছুদিন ধৰি
সূৰ্যটোৱে জুইৰ অঙঠা দলিয়াই থাকে মোলৈ
বতাহৰ কথাটো বাদেই
বৰষুণৰ মাত এটাকো শুনিবলৈ পোৱা নাই মোৰ চুবুৰীত
আজি কাৰো সাধ্য নাই
বুজাই বঢ়াই শান্ত কৰিবলৈ
খঙাল সূৰ্যক !
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment