জী আছা ?
ভাস্কৰ জে নাথ
১
সেইদিনা মই মোৰ পত্নীক কাচৰ বটলটোৰ ভিতৰত পৰি থকা বৰষুণৰ কাহিনীটো কবলৈ ধৰিলোঁ
তাৰ ভিতৰত তেওঁ সোমাই থকা দেখা কথাটোওঁ ক’লো
তেওঁৰ মুখমণ্ডলত অলপো আচৰিত হোৱা যেন মোৰ অনুভৱ নহ'ল যদিও মই কৈ গ’লো
২
কি এক দুখৰ ভঙ্গীমাত তুমি বহি আছিলা
কি এক কাতৰতা
নিঃসঙ্গতা
মই বাহিৰৰ পৰাই তোমাক প্ৰবোধ দি আছিলোঁ
তুমি নহয় অকলশৰীয়া
মই আছোঁ চোৱা তোমাক চাই ওচৰৰ পৰা
৩
তুমি কৈছিলা, যে তুমি মোৰ কথা অথবা কাহিনীটো বুজা নাই বুলি
৪
তেনেতে মই ৰং আৰু তুলিকা আনি আঁকি দেখুৱাইছিলোঁ
এটা কাচৰ বটল
তাৰ ভিতৰৰ বৰষুণ
তাৰ ভিতৰৰ তুমি
জঠৰতা
নিঃসঙ্গতা
৫
ছবিখন চাই তোমাৰ চকু ভিজিছিল
মোৰ আঙুলিৰ চকুও ভিজিছিল
এই কথা জানি যে
মই থকাৰ পাছতো তুমি এটা কাচৰ বটলৰ ভিতৰত জী আছা জী আছা
নে
মৰি আছা?
কোৱা!
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment