নিৰ্লজ্জ
হিতেন দাস
ভৱানীপুৰ, বৰপেটা
জী থাকিব লাগে বাবেই জীয়াই আছোঁ মই।
সু-সময়ৰ এটি আশা
বুকুত বান্ধি।
কেতিয়াবা নিজৰ ওপৰতে খং উঠে
ইমান দিনে মই কি কৰিলোঁ
কি কৰি আছোঁ!
সময়েও আজিকালি মোক বৰকৈ জোকাই
তথাপি জীৱনক ভাল পাও
নিৰ্লজ্জৰ দৰে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment