মঞ্চত উলংগ নাৰী
দীপ জ্যোতি কাকতি
আদাক দেখি উঠিল গা কেঁতুৰিয়ে বোলে মোকো খা
পশ্চিমীয়া অন্ধ অনুকৰণ
আধুনিকতাৰ আদব-কায়দা
এদেও, দুদেও লোটা নিয়াৰ চেওঁ
ইতিহাস
ওৰণি তলৰ মুখলজ্জা
এফালে সভ্য সমাজ
আনফালে
মঞ্চত নাৰীৰ দেহৰ উলংগ আহ্বান
ৱাহ-ৱাহ শিক্ষিত সমাজ
যি খন দেশত নাৰীক পূজা কৰা হয়
নাৰীৰ সন্মান কৰা হয়
নাৰীক আগস্হান দিয়া হয়
সেই খন দেশতে
উলংগ নাৰীক মঞ্চৰে সন্মান
উলংগ শৰীক মঞ্চত ৰোমাঞ্চ কৰিবলৈ
প্ৰতিজনী নাৰীক প্ৰেৰণা
যি খন সমাজত এসময়ত
মূৰৰ ওৰণি খনে জেষ্ঠ্য জনৰ আৰ্শীবাদ
সেই খন সমাজতে
আজি অচিনাকি হৈ পৰিল ওৰণি
পৰিৱৰ্তনত
স্তনত টাপলি মাৰি যৌনাঙ্গত সামান্য ফটাকানিৰে
নিজকে সজাইপৰাই
মিউজিকৰ তালে তালে
পুৰুষৰ আগত মুকলি কৰি দিয়ে
নিজৰ দেহৰ প্ৰতিটো অংগ
জাউৰিয়ে জাউৰিয়ে হাত চাপৰি
কেমেৰাই কেমেৰাই বন্দী উলংগ শৰীৰ
পেপাৰৰ সন্মুখৰ পৃষ্ঠাত উলংগ নাৰীক সন্মান
টেলিভিছনৰ পৰ্দাত সাক্ষাত্কাৰ
কবলৈ নো কি আছে
আলিবাটত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ
সচাকৈয়ে
নুবুজা সাঁথৰ দুৱাৰ দলিত
প্ৰমাণ সকলোৰে হাতে হাতে
চাওকচোন আপোনালোকে
ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামত
ৰিল বনাই ভাল পোৱা কেইগৰাকীক
শালীনতা নথকা সাজপাৰৰ বাবে
কিমান যে আমি গালি পাৰো
কিন্ত
এই খন ভদ্ৰ সমাজতে উলংগ নাৰীক সন্মান
এন্দুৰক সেন্দুৰ পিন্ধোৱা দৰে
সৌ সিদিনা
এগৰাকী উলংগ নাৰীয়ে
নিজৰ জন্ম গাৱঁত নিজকে উলংগ শৰীৰে আমোদ দিছিল
গাৱঁৰ প্ৰতিজন ডেকাক, পিতৃ সমবয়সীয়াক
মঞ্চত কৈছিল
লজ্জিত
কিন্ত উপায় নাই আছিল নো কি
নামে যাৰ দেহশ্ৰী প্ৰতিযোগিতা
তাতে আকৌ অসমীয়াত এষাৰ কথা আছে
এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment