মিৰি জীয়ৰী কথাছবি নিৰ্মাণ আৰু মিচিং সমাজৰ ভূমিকা
হৰেন্দ্ৰনাথ দলে
মিৰি জীয়ৰী উপন্যাসৰ এক বৰ্ণিল দীঘলীয়া যাত্ৰা। বিগত ১৮৯৪ চনৰ পৰা ১৯৬৫ চনলৈ আৰু তাৰপিছত ১৯৬৫ চনৰ পৰা ১৯৯০ চনলৈকে আন এক বৈচিত্ৰময় পৰিক্ৰমা। এই দীঘলীয়া পথ পৰিক্ৰমাত মিচিং সমাজ জীৱনক তুলি ধৰিবলৈ দুগৰাকী মহান মনিষীয়ে সৃষ্টিশীল কৰ্মৰাজিৰে মহান পদক্ষেপ লৈ ইতিহাস প্ৰসিদ্ধ ঘূণাসূঁতি আৰু মিঠা মিঠা সুৰেৰে সমৃদ্ধ দিছাংমুখলৈ কাষ চাপি আহিছিল। এই দুগৰাকী মহান মনিষী হল--উপন্যাস সম্ৰাট ৰজনী কান্ত বৰদলৈ আৰু সুৰ সম্ৰাট সংগীত সূৰ্য ডঃ ভূপেন হাজৰিকা। এগৰাকী মিচিং দৰদী মনিষীয়ে মিৰি জীয়ৰী লিখি চিৰ-উজ্জীৱিত কলমেৰে তদানীন্তন মিচিং সমাজ জীৱনক কালজয়ী উপন্যাসৰূপে সজালে; আকৌ আন গৰাকী বিশ্ব-বিশ্ৰুত মনিষীয়ে প্ৰথমে গানেৰে-সুৰেৰে আৰু তাৰপিছত চেলুলয়ডত চলমান অভিযোজনাৰে মিৰি জীয়ৰী উপন্যাসৰ আধাৰত কথাছবি নিৰ্মাণ কৰি মিচিং সমাজ জীৱনৰ কাহিনী, ৰীতি-নীতি, পৰম্পৰা আৰু মিচিং যুৱ প্ৰজন্মৰ অভিনয় প্ৰতিভাকো ৰাষ্ট্ৰীয় দূৰ্শনৰ যোগেদি বিশ্ব-দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক নজিৰবিহীন বাট মুকলি কৰি থৈ গল। আপোলোক সকলোৱে শুনি সুখী হব যে ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ যোগেদি প্ৰদৰ্শিত মিৰি জীয়ৰী কথাছবিখনৰ চিত্ৰ-নাট্য লেখক আছিল শিক্ষাবিদ-পণ্ডিত আমাৰ পৰম শ্ৰদ্ধাৰ টাবুৰাম টাইদ ছাৰ। এই কথাছবি খনতেই অভিনয় কৰি ৰাজীৱ দলে মিচিং সমাজৰ প্ৰথম অভিনেতা আৰু তৃষ্ণা পেগুৱে প্ৰথম অভিনেত্ৰী হোৱাৰ সৌভাগ্য অৰ্জন কৰে।
(২)
আকৌ সেই দুগৰাকী মনিষীৰ প্ৰসংগলৈ আহো। এগৰাকী স্বনামধন্য মনিষীৰ কালজয়ী সৃষ্টিকৰ্মৰ আধাৰ আবিৰ সনা পটভূমি আছিল ঘূণাসূঁতি, লখিমপূৰ আৰু আনগৰাকী বিশ্ব-বিশ্ৰুত মনিষীৰ সৃষ্টিশীল মনৰ প্ৰাণ সঞ্চাৰণৰ অভি-কেন্দ্ৰ আছিল দিছাংমুখ, শিৱসাগৰ। মিচিং জনজীৱনৰ পটভূমিত ৰচিত 'মিৰি জীয়ৰী' উপন্যাস আৰু “বোলো অ' মিচিং ডেকাটি/ বজালি যেন পেম্পাটি/ সুৰেৰে সঁজালি দেখোন/ দিছাংমুখৰ নিশাটি” নামৰ গীতটো আছিল সেই দুগাৰী মনিষী সত্তাৰ একেডাল সোনালী সূতাৰে বন্ধা ঐতিহাসিক জপমালা, মিচিং জনজীৱনৰ প্ৰাণৰো প্ৰাণৰ চিৰ প্ৰদীপ্তমান দ্যোতিৰে তিৰবিৰাই থকা জীৱন্ত শলিতা। বিগত ১৮৯৪ খ্ৰীষ্টাব্দৰ পৰা ১৯৯০ খ্ৰীষ্টাব্দলৈ, সময়ৰ লেখেৰে প্ৰায় এক শতিকাজোৰা মিচিং সমাজ জীৱনৰ বাবে আত্ম-সমালোচনাত্মক, পুনৰীক্ষণযোগ্য দীঘলীয়া পথ-পৰিক্ৰমা। যি পথ-পৰিক্ৰমাত দুগৰাকী মনিষীয়ে স্থাপন কৰি থৈ গ’ল মিচিং সমাজক জীৱনক বিশ্ব-দৰবাৰত তুলি ধৰাৰ কাৰণে ঐতিহাসিক মাইলৰ খুঁটি। কিন্তু সঁচা অৰ্থত ক’বলৈ গ’লে আমি আজিও গভীৰভাৱে আত্ম-বিশ্লেষণ কৰি চোঁৱাৰ পৰা বিৰত আছো অথবা ইয়াৰ প্ৰাসংগিতা উপলব্ধি কৰিও আমি মৌনতা অৱলম্বন কৰি আছো। পৰিৱৰ্তিত পৰিস্থিতত অতি নিবিড়ভাৱে নিৰীক্ষণ কৰিব লগা অৱদান সমূহক নিৰ্লিপ্ততাৰে অৱজ্ঞা নকৰি জাতীয় জীৱনৰ সৃষ্টিশীল উত্থানৰ বাবেও মিচিং সমাজে উদ্যোগ লোৱা বাঞ্চনীয়।
(৩)
মিৰি জীয়ৰী কথাছবি নিৰ্মাণৰ আঁৰৰ নেপথ্য সংগীতখিনিও আপোনাসকল শুনোৱাব খুজিছো। তেতিয়া আপোনা সকলে অনুভৱ কৰিব পাৰিব ড° ভূপেন হাজৰিকাই মিচিং সমাজক কিমান ভাল পাইছিল। আপোনাসকলক মহান মনিষী গৰাকীৰ বচন-বদ্ধতাৰ সঁচা কাহিনী এটা কব খুজিছো।
অসমীয়া সাহিত্য জগতৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অমৰ সৃষ্টি “মিৰি জীয়ৰী”ৰ কাহিনীৰ আধাৰত মিচিং সমাজৰ পটভূমিত নিৰ্মাণ কৰা ‘মিৰি জীয়ৰী’ নামৰ এখন চেলুলয়ড কথা ছবিখন ১৯৯০ চনত মুক্তি পাইছিল। বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা সেই ছবিখন মিচিং সমাজৰ প্ৰথমখন মুক্তিপ্ৰাপ্ত কথাছবি। ছবিখন পৰিচালনা কৰিছিল ৰাষ্ট্ৰীয় দূৰদৰ্শনে। এই কথাছবিখনতে অভিনয় কৰি ৰাজীৱ দলেয়ে মিচিং সমাজৰ প্ৰথম অভিনেতা আৰু তৃষ্ণা পেগুৱে প্ৰথম অভিনেত্ৰী হোৱাৰ সৌভাগ্য অৰ্জন কৰে। ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ তৰফৰ পৰা ড° হাজৰিকাক মুন্সী প্ৰেমচান্দৰ গল্পৰ আধাৰত ছবি নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু মিচিং সমাজৰ প্ৰতি থকা তেওঁৰ অকৃত্ৰিম মৰম আৰু সহৃদয়তাপূৰ্ণ সামাজিক দায়বদ্ধতাৰ বাবে তেখেতে প্ৰখ্যাত গল্পকাৰ প্ৰেমচান্দৰ গল্পৰ আধাৰত ছবি নিৰ্মাণ কৰাৰ বিপৰীতে ‘মিৰি জীয়ৰী’ ছবিখন নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। মিৰি জীয়ৰী ছবিখন নিৰ্মাণৰ সময়ত পৰিচালক ড° ভূপেন হাজৰিকাদেৱে সকলোৰে আগত স্বীকাৰ কৰিছিল যে ইয়াৰ প্ৰায় ২৫ বছৰ আগতে বিগত ১৯৬৫ চনত ‘মিৰি জীয়ৰী’ কথাছবি নিৰ্মাণৰ প্ৰচেষ্টা তেখেতে মিচিং ৰাইজৰ সহযোগত হাতত লৈছিলে। স্বৰ্গীয় বিক্ৰম সিং য়েইন আৰু তেওঁ দিচাং নদীয়েদি নাৱেৰে গৈ মিচিং লোক সকলৰ ঘৰে ঘৰে দান-বৰঙণিও সংগ্ৰহ কৰিছিলে। যি সকল লোকে নগদ টকা দিব পৰা নাছিল। কিন্তু তেওঁলোকে হাঁহ-কুকুৰাকে বিক্ৰী কৰি কিছু পৰিমাণে হলেও চিনেমাখনৰ নিৰ্মাণত সহায়ক হওঁক বুলি উৎসাহ যোগাইছিল। ড° হাজৰিকাই তেওঁৰ চিৰ পৰিচিত মিচিকিয়া হাঁহিটিৰে মাথো কৈছিল- “এনেকৈ এখন চিনেমা নিৰ্মাণ কৰিব পাৰি জানো।”
Doksiri দকচিৰি, জুলাই, ২০২৪
No comments:
Post a Comment