“মে-ডাম-মে-ফি” ধৰ্মীয় মাঙ্গলিক অনুষ্ঠানৰ লগতে এক সামাজিক উৎসৱো হৈ পৰিছে
মিনু হাজৰিকা
মে-ডাম-মে-ফি (Me Dam Mephi) তাঈ আহোম সকলৰ এক সামাজিক পৰম্পৰাগত উৎসৱ। মে-ডাম-মে ফিৰ " অৰ্থ হ’ল, মে মানে - তৰ্পন, ডাম মানে - মৃতক আৰু ফি মানে হ’ল --- মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে ডাম মেফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাত খয়েক - লাই বুলি জনা যায়। প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম অসমলৈ আনিছিল চাওলুং চু্কাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতি বছৰে জানুৱাৰী মাহতৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ’-ফী (দউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন "ফী"ক উপাসনা কৰে।
এই পূজাত ফুৰা -তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়া ভাৱে ভোজ দিয়া হয় ৷ এই পৰম্পৰা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত। তাঈ- আহোম সকলৰ এইটো এটা জন বিশ্বাস যে পূৰ্ব পুৰুষ সকলে মৃত্যুৰ পিছত "ডাম -ফী” মানে দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি-পৰিনাতি -জীয়ৰী -বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে। টাই -আহোম সকলে আত্মাৰ পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে মৃতকৰ আত্মাই মাথোঁন কিছুদিনৰ বাবেহে ভ্ৰমি ফুৰিব লগীয়া হয়। উত্তৰ-পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁলোক ফি" বা দেৱতাৰ শাৰীলৈ উন্নিত হয়। টাই-আহোম সকলে বিশ্বাস কৰে যে, দেৱ -দেৱতা সকলক পূৰ্ব পুৰুষৰ যোগেদি পাব পৰা যায়। প্ৰয়াত পূৰ্ব পুৰুষৰ আত্মাই গৃহ দেৱতাৰ ৰূপত পৰিয়ালৰ জীৱিত সদস্য সকলক সুৰক্ষা প্ৰদান কৰে। মৃতকক কৰা পূজাৰ সন্দৰ্ভত এইদৰে কোৱা হয় - গৃহ দেৱতাই ৰক্ষা নকৰিলে, ঘৰৰ বেৰবোৰে বা ছালখনে মানুহক ৰক্ষা কৰিব নোৱাৰে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment