ম’বাইল ফোন, গুট্‌খা আৰু উঠি অহা প্ৰজন্ম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, September 5, 2024

ম’বাইল ফোন, গুট্‌খা আৰু উঠি অহা প্ৰজন্ম

 

ম’বাইল ফোন, গুট্‌খা আৰু উঠি অহা প্ৰজন্ম

নিবেদিতা হাজৰিকা

লখিমপুৰ


    বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নানা আৱিষ্কাৰে মানৱ জীৱন সহজ কৰি তুলিছে। হাতৰ মুঠিতে সকলো পোৱা বাবে মানুহে কম সময়ত অধিক কাম কৰিবলৈ সক্ষম হৈছে। ই মানৱ জাতিৰ বাবে এক অনন্য উপহাৰ বুলি ক’লেও বঢ়াই কোৱা নহয়। বিজ্ঞানৰ নতুন -নতুন আৱিষ্কাৰে সকলো ফালে এক ব্যাপক আৰু চকুত লগা পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে।জীৱন ধাৰণ প্ৰণালীলৈ ই চকুৰ সন্মুখতে বহু পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে।মানৱৰ আদিম অৱস্থাৰ পৰা আজিৰ সময়লৈকে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধিত হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে বিজ্ঞানৰ এনে বহু শলাগ ল’ব লগীয়া দিশ আছে যদিও বিজ্ঞানৰ বহু আৱিস্কাৰ মানুহৰ ধ্বংসৰ কাৰকো হৈ পৰিছে। উদাহৰণ স্বৰূপে বৰ্তমান সময়ত বহুল ভাবে ব্যৱহৃত ম'বাইল ফোনটোৰ কথাই উল্লেখ কৰিব পাৰি।প্ৰযুক্তি বিদ্যাৰ উন্নতিৰ ফলত ম’বাইল ফোন গাঁও, নগৰ-চহৰ সকলোতে ব্যৱহাৰৰ সুচল হৈ পৰিল। অপৈনত, কম বয়সীয়া ল’ৰা-ছোৱালীৰ হাততো আজি ম'বাইল ফোন সহজ লভ্য হৈ পৰিল। আজিৰ অৰ্থবান বহু পিতৃ-মাতৃয়ে সন্তানৰ জন্মদিনত উপহাৰ হিচাপে কিতাপ, কলম আদিৰ সলনি সন্তানৰ আব্দাৰ মানি দামী ফোন উপহাৰ দি গৌৰৱ কৰা দেখা যায়। অনভিজ্ঞ, নিষিদ্ধ বস্তুৰ প্ৰতি সহজে লালায়িত হোৱা এই বয়সৰ শিশু বা চেমনীয়া কিশোৰ/কিশোৰী সকলৰ মনোজগতত সহজলভ্য এই সমূহ বস্তু বা দৃশ্যই কেনে প্ৰভাৱ পেলাব পাৰে এই কথা কেইজন অভিভাৱকে চিন্তা কৰি চাইছে ? সন্তানক এক সুস্থ জীৱনবোধৰ শিক্ষা দিয়াৰ পৰিৱৰ্তে অপৈনত বয়সত অপৈনত মানসিকতাৰ সন্তান সকলৰ হাতত ম’বাইল ফোন তুলি দি আমিয়েই যেন তেওঁলোকক বিপথগামী হোৱাৰ বাটত ইন্ধন যোগাইছো। অপৈনত মানসিকতাৰ সন্তানৰ হাতত ম'বাইল ফোন তুলি দিয়াৰ অৰ্থ হ’ল তেওঁলোকৰ চৰিত্ৰৰ অৱনতি ঘটোৱা আৰু অসামাজিক কামৰ প্ৰতি  উৎসাহ যোগোৱা।

   আদিম অৱস্থাৰ পৰা আহি আহি    মানৱ সমাজে  আজি বহুখিনি উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে। উন্নত আৰু পৰিৱৰ্তন হৈছে  জীৱন-ধাৰণ প্ৰণালীৰো। সকলো ফালে আজি বিজ্ঞানৰ জয়জয়কাৰ ধ্বনি।কিন্তু পৰিতাপৰ বিষয় যে  আমাৰ চকুৰ সন্মুখতে আজি একাংশ অবাটে যোৱা পৰিলক্ষিত লৈছে। ধ্বংসৰ মুখলৈ তিলতিলকৈ ঠেলি দিছে। নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, মুখ শুদ্ধি হিচাপে গুটখা, তিৰংগা, পৰাগ, মধু আদিৰ দৰে তীব্ৰ সুগন্ধি যুক্ত অথচ বৰ বিহ স্বৰূপ আদিয়ে তামোল -পানৰ ঠাই লোৱাৰ পাছৰে পৰা ডেকাচামৰ মুখত ইয়াৰ বিভিন্ন সুগন্ধি বিয়পি পৰা দৃশ্য তেনেই সুলভ হৈ পৰিল। শৰীৰৰ বাবে অত্যন্ত অপকাৰী এই বৰবিহ সমূহ ব্যৱহাৰকাৰীৰ  সংখ্যা কিন্তু উদ্বেগজনক ভাৱে বৃদ্ধি পাব ধৰিছে।অতি চিন্তনীয় আৰু পৰিতাপৰ কথা যে আমাৰ বিদ্যালয়, মহাবিদ্যালয়ৰ সমীপৰ পাণ দোকান বা গুমটি বোৰত ইয়াক অতি সহজে পোৱা যায়। তুলনামূলক ভাৱে কম দামী আৰু সহজ লভ্য এই ধৰনৰ বস্তুৰ প্ৰতি উঠি অহা প্ৰজন্ম অতি বেয়াকৈ  এইবোৰৰ প্ৰতি আকৰ্ষিত হৈছে। যি উঠি অহা প্ৰজন্মৰ জীৱন ধ্বংস কৰি তুলিছে। 

   নিষিদ্ধ বস্তু গ্ৰহণ আৰু নিষিদ্ধ বস্তুৰ প্ৰতি আকৰ্ষণে উঠি অহা প্ৰজন্মক খুব বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। বিভিন্ন নিচাৰ এনে সৰ্বগ্ৰাসী আৰু সৰ্বনাশী ৰূপে কিমানৰ ঘৰ, কিমানৰ সপোন অকালতে নিঃশেষ কৰিছে, কিমানৰ বুকু উদং হৈ পৰিছে সেই কথাৰ খবৰ কিমানে ৰাখিছে? 

  উঠি অহা প্ৰজন্মৰ এনে বিপথগামিতা, অধঃপতনৰ প্ৰতি আজি কিমান জন অভিভাৱক সচেতন ? আজি কেইজন ‘সমাজৰ আভিভাৱক’ আছে যি এই সমূহৰ বিষয়ে সজাগতা আনিবলৈ যত্ন কৰিছে ?      

    অৱশ্যে কেৱল যে উঠি অহা প্ৰজন্মহে এই সমূহৰ প্ৰতি আসক্ত এনে নহয়।বহু অভিভাৱকে সন্তানৰ আগতেই নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰে। বহুতৰ ঘৰত আজি এইবোৰক লৈ বিভিন্ন অশান্তি। এই সমূহেই সমাজত সৃষ্টি কৰিছে নানা ধৰনৰ বেমেজালিৰ। অসামাজিক কাৰ্য-কলাপ বৃদ্ধিত এই সমূহো বহু পৰিমানে জগৰীয়া।

  মাদক দ্ৰব্যৰ অবাধ প্ৰচলনে বহুতৰ জীৱন যে ধ্বংস কৰিছে সেই কথা আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বহুতেই এই সমূহ নিঃশেষ হোৱাটো বিচাৰে যদিও কাৰ্যত তেনে হৈ উঠা নাই ।গুটখাৰ দৰে ম'বাইল ফোনৰ অপব্যহাৰ ৰোধ কৰিব নোৱাৰিলে উঠি অহা প্ৰজন্মৰ বহু প্ৰতিভা  অকালতে আৰু চকুৰ আগতে নিঃশেষ হৈ যোৱাৰ দৃশ্য তথা দুখ বুকুত সাৱতি লৈ থকাৰ বাহিৰে আন উপায় নাথাকিব। কাকত- পত্ৰই এই বিষয়ে বিজ্ঞ সকলৰ বহুত সতৰ্কতামূলক লেখা প্ৰকাশ পাইছে তথা বহু সজাগতা মূলক সভা-সমিতি আদিৰো আয়োজন সময়ে -সময়ে হৈ আহিছে ।কিন্তু এই সমূহ কাৰ্যত আজিও সম্পূৰ্ণ সফল হ’ব পৰা নাই। কেৱল ম'বাইল ফোন বা গুটখা বুলিয়ে নহয় এনে বহু বস্তু বা বিষয় আছে যি  ধ্বংসৰ বাট মুকলি কৰে, জীৱন বিনষ্ট কৰে। সেয়ে এই সমূহৰ পৰা বাচি থাকিবলৈ বা বচাই ৰাখিবলৈ আমি নিজেও সচেতন হোৱা উচিত। সুন্দৰ এই জীৱনটো অখাদ্য, অভক্ষ, অপকৰ্ম কৰি নিঃশেষ কৰাতকৈ নিজৰ জীৱনটো সুন্দৰকৈ সজাবলৈহে যত্ন কৰা উচিত। মাদক দ্ৰব্য ব্যৱহাৰৰ কু-ফল, অভক্ষ গ্ৰহণৰ কু-ফল ব্যৱহাৰকাৰীয়ে নিজেই হে ভোগ কৰে। সেয়ে উঠি অহা প্ৰজন্ম এই সমূহ দিশৰ প্ৰতি সচেতন হ’লে বা এই কথা সমূহ অনুধাৱন কৰিব পাৰিলে নিজৰ জীৱনটো ধ্বংস হোৱাৰ পৰা নিশ্চয় নিজক বচাব পাৰিব।  


Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages