আলি আঃয়ে লৃগাঙৰ অতীত আৰু বৰ্তমান
মিগাং ভৱ দলে
ভাৰতীয় সংবিধান অনুসৰি অসমৰ মিৰি (মিচিং) সকলৰ অতি মৰমৰ একমাত্ৰ জাতীয় প্ৰধান উৎসৱ হ’ল আলি আঃয়ে লৃগাং। অসমৰ চুক-কোণত বসবাস কৰা কৃষি কৰ্মত নিয়োজিত মিচিং সকলে এই উৎসৱ উদযাপন কৰে। মিচিং সমাজত বসুমতী আইকো সদায় সেৱা কৰে। যিয়ে মানুহক খাদ্যৰ যোগান ধৰে তেওঁৱে আমাৰ আই পৃথিৱী। অতীত এই উৎসৱ কোনো সময় নিৰ্ধাৰণ কৰি উদযাপন কৰা নাছিল। ভিন্ন অঞ্চলত ভিন্ন সময়ত সুবিধা অনুসৰি উদযাপন কৰা হৈছিল বুলি জনা যায়। পূৰ্বে ফাগুন-চ’ত মাহত আলি আঃয়ে লৃগাং পালন কৰা হৈছিল যদিও নিৰ্ধাৰিত কোনো দিন -বাৰ নাছিল। ১৯৫৬ চনৰ পৰাহে ফাগুন মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম বুধবাৰে পালন কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। আলি আঃয়ে লৃগাঙত আহু ধানৰ খেতি আৰম্ভ কৰে। আই বসুমতী (মাটি)ত সিঁচি। কেৱল আহু ধানেই নহয় তাৰ লগতে Enge (কচু), Tapa (ৰঙালাউ) Mírsí (জলকীয়া) Take:(আদা) Ali (কাঠ আলু) kopag (কল) ইত্যাদি আৱশ্যকীয় শস্য ৰোপন কৰা হয়। আলি আ:য়ে লৃগাঙৰ কাৰণে মাহেক, পষেক, সপ্তাহৰ আগতে নিত্য প্ৰয়োজনীয় খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হয়। লৃগাঙৰ কাৰণে আপং (পনীয় খাদ্য) এমাহৰ আগৰ পৰাই যতনাই ৰাখে। সপ্তাহৰ বা পষেকৰ আগতে প্ৰতি পৰিয়ালৰ পৰা এজনকৈ পুৰুষ Apta (চিকাৰ) কৰিবলৈ গৈছিল। এই চিকাৰ সমজুৱাকৈ কৰিছিল। চিকাৰত পোৱা মাছ-মাংস শুকান কৰি আনিছিল।লৃগাঙলৈ দুদিন থকা সময়ত পিঠিত পাতৰ এবোজালৈ ঘৰলৈ আহে।
লৃগাঙৰ পুৱাই ঘৰৰ জীয়ৰী-বোৱাৰী সকলে গা-পা ধুই লৈ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি উৎসৱৰ কাৰণে ৰন্ধা-বঢ়াত লাগি য়ায়। Purang (পাতত দিয়া ভাত), Apong (চাই মদ) Tí:mí (শুকান মাছ Take: (আদা) আদি মিহলাই তৈয়াৰ কৰা চাতনি) আৰু আঞ্জা তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।
বুধবাৰৰ দিনটোক মিচিং সকলে পবিত্ৰ দিন বুলি গণ্য কৰে। লৃগাঙ ঠিক দুপৰীয়াৰ পিছত ঘৰৰ মুখিয়াল বা পুত্ৰ সন্তানে Urom apin দিয়া আৰম্ভ কৰে।চাই মদ আৰু চাউল ছতিয়াই Urom apin দিয়া হয়।
আবেলি দুই-তিনি বজাত খোৱা-লোৱা আৰম্ভ কৰে। গাঁৱৰ গাম বা মুৰব্বীৰ পৰা lé:nong Barbang নেবাজে তেতিয়া লৈ খোৱা-লোৱা আৰম্ভ কৰিব নোৱাৰে। lé:nong Barbang হে উৎসৱৰ খোৱা-লোৱা সংকেত দিয়ে। সংকেত দিয়াৰ লগে লগে মুৰব্বীক এবাটি apong আৰু Purang apin প্ৰথম খোৱা আৰম্ভ কৰে।
Baríg ৰ আমন্ত্ৰণ মৰ্মে বুঢ়া সকলে সমুহীয়াভাৱে প্ৰতি ঘৰত খোৱা -লোৱা কৰে। ঠিক সেইদৰে বুঢ়া-মেথা সকলৰ পিছত আদহীয়া, ডেকাদল, গৰখীয়া আৰু সৰু ল’ৰা-ছোৱালীবোৰে ইটো ঘৰৰ পৰা সিটো ঘৰলৈ গৈ খোৱা-বোৱা কৰে। নিশা লৈ খোৱা-বোৱা চলে। আলহী বা নিমন্ত্ৰণ কৰা লোকসকল আপ্যায়নৰ বাবে ঘৰৰ জীয়ৰী -বোৱাৰী য়ে সেই দিনা কাৰো ঘৰলৈ গৈ খোৱা-বোৱা নকৰে। খোৱা-বোৱা শেষ কৰি ডেকা সকলৰ “গুমৰাগ গুমৰাগ Kekonélé gumrag” ঢোলৰ মাতত জীয়াগাভৰু নাচনীয়ে হাতত গাম খাৰু খোপাত কপৌফুল ডিঙিত বিভিন্ন অলংকাৰ পিন্ধি সাজি-কাচি লৃগাঙক আদৰিবলৈ হিয়া উজাৰি উলাই আহে।
লঃলে লঃলে গীতেৰে গুমৰাগ নৃত্যত ডেকা-গাভৰু মতলীয়া হৈ উৎসৱ জীপাল কৰে। ঘৰৰ মুৰব্বী গৃহস্থই যিমান পাৰে Purang apin, Apong আৰু টকা আগবঢ়াই লৃগাং দলক সেৱা কৰে। সেইদৰে প্ৰথম নিশা সমাপ্ত কৰে।
দ্বিতীয় দিনা পুৱাৰ পৰাই ডেকা-গাভৰুৱে নিজ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি গাঁৱৰ ইমূৰৰপৰা সিমূৰলৈকে গুমৰাগ চঃমান আৰম্ভ কৰে। গৃহস্থই যিমান পাৰি Apong, Purang আৰু টকা দি সেৱা কৰে। এইদৰে দিনটো কটায়।ঘৰৰ বুঢ়া-বুঢ়ী আৰু বোৱাৰী সকলেও দল বান্ধি ইখন ঘৰৰ পৰা সিটো ঘৰলৈ গৈ খোৱা-বোৱা কৰে। লৃগাং পালন কৰে।
তৃতীয় দিনা দপান-তৃঃপান। অৰ্থাৎ আগদিনা পোৱা Apong, Purang আৰু টকাৰে গাঁৱৰ সকলো মিলি দপান-তৃঃপান (ভোজ-ভাত) খায়। চতুৰ্থ দিনা গছ কটা, মাছ মৰা, মাটি খন্দা, পথাৰত জুই জ্বলোৱা কাম কৰিব নাপায়। কণী, সিজুৱা মাছ-মাংস, ভজা চিৰা, সান্দহ বনোৱা, টেঙা খোৱা আৰু ফলমূল খোৱা দোষনীয়। এইবোৰ ব্যৱহাৰ কৰিলে শস্য নগজে বুলি জন বিশ্বাস আছে।
পঞ্চম দিনা চাগলেন (গেনাভঙা) কাৰ্য। এই উপলক্ষে প্ৰত্যেক ঘৰৰপৰা একোজনকৈ পুৰুষ আহি ৰুগবাদ কৰে। মানে চিকাৰ কৰে।অধিক মানুহে হৈ-চৈ কৰি পহু খেদে আৰু চিকাৰী বোৰে এটা এটাকৈ ৰৈ পহু মাৰে। পহু মাৰিলে আই বসুমতী আৰু গাঁও বা ঘৰৰ পালিতা সন্তুষ্ট হৈছে বুলি বিশ্বাস কৰে। চাগলেন (গেনাভঙা) কাম চিকাৰত পোৱা বা অন্য মাছ-মাংস সমাপন কৰে। প্ৰথমে জুই (ímí) ব্যৱহিত বৰ্তন(lí:síg) জাঁকি (ki:ré) আদিত Apong, Así দি আজি লৃগাঙৰ গেনা ভাঙিছো। দায়-দোষ যেন নধৰে। এনেকৈ আলি আঃয়ে লৃগাং উৎসৱ উদযাপন কৰিছিল।
সম্প্ৰতি আলি আঃয়ে লৃগাং উদযাপন কিছু নীতি-নিয়ম বেলেগ হ’ল। Apta gínam নাইকীয়া হ’ল। আগৰ দৰে বাৰৃগ পদ্ধতি কমি গৈছে। Lé:nong Barbang নোহোৱা হ’ল। পূৰ্বৰ জেষ্ঠ্যক সন্মান আৰু সেৱা কৰা নিয়ম কমি গৈছে।
পথাৰ আৰু ঘৰৰ লৃগাং মঞ্চ পালে। বিজতৰীয়া সংস্কৃতি বিলুপ্ত কৰি শদিয়াৰ পৰা বুৰৈ ভৰলীলৈ একেই ঢোলৰ মাত, নাচনীৰ নৃত্যত ভংগিমাৰ ঐক্য, পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দৃষ্টিনন্দন হৈছে। চাৰি দিশত চাৰিডাল পি:ৰৰ ব্যৱহাৰ হৈছে। শিপা জাতীয়-Síngkíg ali, Nginti ali, Ma:yong ali, Enge ali আৰু Kamrali.
গুটি জাতীয় বীজ-Tépang,A:m আৰু Anyag আদি বীজৰ লগতে অন্তঃ পাঁচ বিদ ৰোপণ কৰাৰ নিয়ম কৰা হৈছে। লৃগগদ কাৰ্য সম্পাদন কৰিবলৈ লোৱা সামগ্ৰী সমূহ মহিলা গৰাকীয়ে হোৰা (ígín) ত ভৰাই কান্ধত বা মূৰত ওলমাই আনিব লাগিব। পুৰুষ গৰাকীয়ে Yoksa বা মিত দা আৰু দাঃনৃগ আনিব লাগিব। লৃগগদ স্থানত উপস্থিত হোৱাৰ লগে-লগে পুৰুষ আৰু মহিলাই পূৱফালে মুখ কৰি মাংগলিক নিয়ম সম্পাদন কৰিব। পুৰুষে বেদীত দাঃনৃগেৰে সৰু সৰু গাঁত লগাব আৰু মহিলাই হোৰাৰ পৰা কঠিয়া উলিয়াই ৰোপণ কৰি যাব আৰু আশীষ বচন মাতিব। ৰোপণ কৰা বীজৰ ওপৰত মাটিৰ গুৰি চপাই দি বীজবোৰ ঢাকি দিয়ে।লৃগগদ হোৱাৰ পিছত চাৰি চুকত চাৰিডাল পিঃৰ গুজি দিয়া হয়। তাৰ পাছত পি:ৰ বনৰ ফাঁকত কপাহ গুজি দিয়া হয়। পিঃৰ বনৰ পাতবোৰ একেলগে বান্ধি দিয়া হয় আৰু কেঁচা সূতাৰে প্ৰতিডাল পিঃৰৰ লগত সংযোগ কৰা হয়। তেনেদৰে কেঁচা সূতাৰে তিনিটাকৈ বান্ধিব।পি:ৰৰ গুৰিত আপং বাকি দিয়া হয়। Taku-Kubad মাংগলিক নিয়ম সম্পাদন কৰা হয়।
সেই সময়ত পুৰুষে Gonro Ugon, Mibu Galug, Dumér মহিলাই Yakan ege, Gero (lí:né), Galug (lí:né) আৰু Épo আৰু Ígín ল’ব লাগিব। ইয়াৰ উপৰিও সাহিত্য দিশত কিছু অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। আলি আঃয়ে লৃগাঙ উপলক্ষে স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা এক মহৎ প্ৰচেষ্টাই মিচিং সাহিত্যৰ ভড়াল চহকী কৰিছে। সংস্কৃতিৰ লগতে সাহিত্য চৰ্চা প্ৰয়াসেৰে কবিতা, গল্প, চিত্ৰাংকন প্ৰতিয়োগীতা পাতি ছাত্ৰ-ছাতীক উৎসাহিত কৰাৰ পৰিকল্পনাই অধিক আকৰ্ষিত কৰিছে। পূৰ্বৰ দৰে পাঁচ দিনৰ ভিতৰত লৃগাং উৎসৱ সমাপ্ত কৰিবলৈ বা:নে কেবাঙৰ নিৰ্দেশ গ্ৰহণ যোগ্যতা আছে।
সহায়ক পুথিঃ
(১) মিচিং সংস্কৃতিৰ আলেখ্য
(২) লৃ:চাং -মুখপাত্ৰ TMPK
(২০২৪ চনৰ ঢকুৱাখনা কেন্দ্ৰীয় আলি আঃয়ে লৃগাঙৰ স্মৃতি গ্ৰন্থত প্ৰকাশিত।)
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment