লৃগাং
ড॰ ৰঘুনাথ কাগ্য়ুং
আগদিনাই চহাই মৈয়াই চিকুণাই থোৱা মাটি ডৰাৰ
সূৰ্য উদয় হোৱা কোণত
তিনি মুঠন দীঘ-বাণিৰ চাৰিসীমাৰ সীমাই সীমাই
ঢলপুৱাতে মানুহজনে যেতিয়া ৰোপণ কৰে
এজোপা এজোপাকৈ তৰাফুলৰ চাৰিজোপা গছ
গছকেইজোপাৰ ডালে ডালে পাতে পাতে মেৰিয়াই পকুৱাই
বৰ্গাকৃতিৰ এটা ঘেৰা দিয়া হয় এনেচা কেঁচা সূতাৰ ৰচীৰে৷
এয়া যেন কেঁচা সূতাৰ ৰচীৰ ঘেৰা নহয় - যেন কোনো এক পাকৈত
মকৰাই ঢলপুৱাতেই গুঁঠি মেলি থোৱা এখন শুকুলা ৰঙৰ জাল৷
ঘেৰা সূতাবোৰৰ কুসুম কোমল থুঁতৰিয়ে থুঁতৰিয়ে
যেতিয়া বাদুলি ওলমাদি ওলমি ওলমি উমলি জামলি থাকে
আপোনপাহৰা হৈ আকাশৰ পৰা পুৱাতে নামি অহা শুকুলা তৰাৰ জাক
সৰগৰ পৰা নামি আহে এজন এজনকৈ ন-জন দিব্য পুৰুষ৷
লৰা-ঢপৰাকৈ আথে-বেথে আদৰি সাদৰি আনি
স্ব-স্থানে তেওঁলোকক বহুৱাই মানুহজনে
আগলিপাত এখিলাত এযোৰা কণী, গুৱা-পাণ আৰু ধূপ-চাকি জ্বলাই
শ্ৰদ্ধা আৰু সভক্তিৰে যাঁচে এবাটিকৈ আপঙৰ নৈবেদ্য
আৰু আগ নিশাই সিজাই থোৱা ‘আম্পি’ ধানৰ পুৰাঙৰ টোপোলা৷
‘দঃ আমঙ’ক প্ৰথমে স্মৰণ কৰি
প্ৰ-পিতামহসকলৰ নাম কালানুক্ৰমিক উচ্ছাৰি
ধানবোৰ টুমৰ পৰা উলিয়াই
দঃঞি-পঃলঃক সাক্ষী কৰি
যেতিয়া মানুহজনে সিঁচিবলৈ লয় মুঠি মুঠিকৈ
চহাই মৈয়াই চিকুণাই থোৱা ঠাইডোখৰত
মাটি ডৰাৰ সূৰ্য উদয় হোৱা কোণৰ চৌদিশে
নিনাদিত হৈ উঠে এই এটা শব্দ
ইৰ্ৰই
ইৰ্ৰই
ইৰ্ৰই.....
আৰু.....
আৰু লগে লগে মাটিডৰাৰ চৌদিশে গুম্ৰাগৰ তালে তালে
বাজি উঠে এই এটি গীত
‘লঃ লঃলে লঃলে লঃলে
ডাব লঃলে লঃলে লঃলে
চিচুগ টুগ্বঃ চুগ্বঃ বদিয়া
ৰৗঙাম্ গাম্বঃ গাম্বঃ বদিয়া...’
অৰ্থঃ পুৰাং - বৰা ধান টোপোলা ভাত, দঃ আমং - বসুমতী, আম্পি - বৰা ধান
দঃঞি-পঃলঃ - সূৰ্য-চন্দ্ৰ, ইৰ্ৰই - জয় হওক, গুম্ৰাগ - লৃগাঙৰ বিশেষ নৃত্য
লঃলে - লৃগাঙত গোৱা বিশেষ শ্ৰেণীৰ গীত
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment