জপং
সীতাৰাম দলে
পাপুঙে ডিঙিলৈকে পোৱাকৈ সদায়ে আপং পান কৰে৷ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই৷ সৰুৰে পৰাই তেওঁৰ বেছিকৈ আপং পান কৰাৰ কু-অভ্যাস আছে৷ তেওঁ মদপী নহ’বনো কেনেকৈ? পানীকেঁচুৱা সময়ৰ পৰাই যে মাকে তেওঁক আপং খুৱাই আহিছে৷ মাকজনীও এটা মাক দেই৷ কেঁচুৱাটো নকন্দাকৈ শুই থাকিবৰ বাবে আপং খুৱাই শুৱাই থৈ দিয়ে৷ সেয়ে তেনেই কম বয়সতে পাপুং একান্ত আপং ভক্ত হৈ উঠিল৷ তেওঁ আপংপ্ৰাণ হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সমাজত পুৱাৰ পৰাই ৰাতিলৈকে আপং খোৱা অভ্যাসৰো অৰিহণা আছে৷ পাপুঙে নগিন আৰু পঃৰ’ দুয়োবিধ আপঙেই সমানে গলাধঃকৰণ কৰে৷ তাৰ বাহিৰেও মাজে মাজে বজাৰৰ পৰা বিলাতী মদ কিনি আনিও ডিঙিটো তিয়ায়৷ যোৱা দুটামান বছৰ আগৰ পৰা ফটিকাতো ধৰিছে৷ বেছিকৈ মদ্যপান কৰা কাৰণে তেওঁৰ স্বাস্থ্য বেয়া হ’বলৈ ধৰিছে৷ কিন্তু তালৈ তেওঁৰ ভ্ৰূক্ষেপ নাই৷ এই লৈ ঘৈণীয়েক য়াকাচিৰ ডাঙৰ অশান্তি৷ কাবৌ-কোকালি কৰিও মানুহজনৰ অতিৰিক্ত মদ্যপানৰ কু-অভ্যাস গুচাব পৰা নাই৷ খালেও কমকৈ খাবলৈ কয় য়াকাচিয়ে৷ কিন্তু পৰিবাৰৰ কথাত তেওঁ কাণেই নিদিয়ে৷ ঘৈণীয়েকৰ কথাবোৰ ইকাণে সোমাই সিকাণে ওলাই যায়৷ এই লৈ স্বামী-স্ত্ৰীৰ মাজত ঘৰত খকা-খুন্দা লাগিয়ে থাকে৷ যেন ওচৰা-ওচৰিকৈ থোৱা পানীৰ কলহৰ মাজত খুন্দা-খুন্দি লাগিয়ে থকাৰ দৰে৷
আজিও পুৱাৰ পৰাই আপং পিবলৈ ধৰা কাৰণে ঘৈণীয়েক য়াকাচিয়ে ক’লে– ‘আপুনি ইমান বেছিকৈ এই সোপা গিলি থাকে কিয়? খালেও কমকৈ খাওকনা৷ বেছিকৈ খালে লিভাৰ বেমাৰ হয় বুলি টাউনৰ ডাক্তৰে কৈছেচোন৷ ডাক্তৰে কোৱা বেমাৰটোৱে আপোনাক পাইছেই বুলি পিঃচুৰ, চাপ্ৰাং, মৃনচেইহঁতে কৈছেই৷ পৰভু ঈশ্বৰে নকৰক, আপোনাৰ কিবা এটা হ’বলৈ হ’লে এই এমা-ডিমা ল’ৰা-ছোৱালীকেইটা লৈ মই কেনেকৈ জীয়াই থাকিম?’ ‘ধেৎতেৰি, তই কি অমূলক আৰু অমংগলীয়া কথাবোৰ চিন্তা কৰি থাক? মোৰ একো হোৱা নাই নহয়৷ আৰু নহয়ো, তই চাই থাক৷ আমাৰ জাতিৰ ক’ত মানুহ কলহে কলহে আপং খাই গ’ল, কাৰ কি হ’ল? মোৰো একো নহয় দে’-- ক’লে পাপুঙে৷ সঁচাকৈ পাপুংহঁতৰ সমাজখনত অপৰিমিতভাৱে আপং বা মদৰ ব্যৱহাৰ হয়৷ গাঁওসমূহত আপঙৰ ফল্গুনদী বৈ থকাৰ নিচিনাই আৰু ই যেন চিৰদিন বৈ থাকিব, তেনে লাগে৷ ই কিন্তু সমাজখনৰ উন্নতি-প্ৰগতিৰ বাটত অন্তৰায় হিচাপে থিয় দি আছে৷ পিছে তেওঁবিলাকৰ সৰহসংখ্যক মানুহেই এই কথা উপলব্ধি কৰিব নোৱাৰে৷ ই অতিশয় দুৰ্ভাগ্যজনক৷
কালি পাপুঙৰ বাল্যবন্ধু তামেদ নগৰৰ পৰা গাঁৱৰ ঘৰলৈ আহিছে৷ তেওঁ আহিয়ে পাপুঙৰ খবৰ ল’লে৷ তামেদ অহাৰ খবৰ পাই পাপুং আহিল৷ আজি ৰাতিপুৱাই নাও লৈ তেওঁ আহিছে৷ কিয়নো, পাপুংহঁতৰ গাঁওখন পানীত ডুবি আছে৷ অঞ্চলবাসীলৈ অমংগল কঢ়িয়াই আনি যোৱা মঙলবাৰে আবতৰীয়া বানটো আহিল৷ কেৱল পাপুংহঁতৰ গাঁওখনেই যে পানীত ডুবি আছে তেনে নহয়; তেওঁলোকৰ অঞ্চলৰ তিনিখন গাঁও পঞ্চায়তেই পানীৰ তলত৷ এতিয়া ভাদ মাহৰ তৃতীয় সপ্তাহ৷ পূৰ্বৰ হিচাপত ই আবতৰীয়া বানেই৷ পূৰ্বে ভাদ মাহত বানপানী হোৱাৰ নজিৰ নাই৷ আহাৰ-শাওণ মাহতহে বান আহিছিল৷ এতিয়া পানী আৰু বোকাময় বৰষাক বিদায় দি ঋতুৰাণী শৰতক আদৰি অনা বতৰ৷ পথাৰ আৰু বাট-পথৰ পানী শুকোৱাৰ পাচত ধৰণীক সুন্দৰ কৰি তোলা শাৰদী সুন্দৰীক আদৰা সময়৷ মুঠতে গ্ৰীষ্মৰ উষ্ণতাই দেই পুৰি নিয়া অসহ্যকৰ দিনবোৰ আৰু বৰ্ষাৰ বৰষুণৰ বিৰক্তিকৰ পৰিৱেশৰ অন্তত ক’লীয়া ডাৱৰৰ আৱৰণ গুচাই বগাকৈ বগলী জাকৰ দৰে শুকুলা মেঘে ঢৌ তুলিব লাগে নীল সুনীল আকাশত৷ কিন্তু এয়া হৈছে কি? গ্ৰীষ্ম আৰু বৰষাৰ বতৰৰ দৰে এতিয়াও বৰষুণ দিয়ে আছে৷ আৰু তাৰেই পৰিণতিত এই আবতৰীয়া বান৷ দিনকাল সঁচাকৈ বদলিল৷
‘আতাই ভালে আছ নে? আই আৰু ল’ৰা-ছোৱালীকেইটি চাগৈ কুশলে আছে? ওপৰৰ দুটা বিদ্যালয়লৈ গৈছেই হ’ব পায়?’ পাপুঙে চাঙত উঠি বহাৰ লগে লগে তামেদে সুধিলে৷ ‘আমাৰনো কি ভাল হ’ব আতাই৷ আছোঁ আৰু জীয়াই৷ বানপানীত হাবুডুবু খাই থকা দেখিছই নহয়৷’ পাপুঙৰ চমু উত্তৰ৷ বাৰু ক’চোন আতাই, ‘মদ্যপান কৰাটো তই কমাইছ নে? কমাব লাগিব দেই৷ নকমালে বিপদ আছে৷ অতিমাত্ৰা মদ্যপানৰ বহুত অপকাৰিতা আছে৷ যেনে– ‘মদে মানুহৰ যকৃৎ আৰু বৃক্ক নষ্ট কৰে৷ যকৃতক ‘লিভাৰ’ বুলি ক’লেহে চাগৈ বেছি ভালকৈ বুজি পাবি৷ বৃক্ককো ‘কিডনি’ বুলিহে আমাৰ মুলুকৰ মানুহে বেছিকৈ জানে বা কয়৷ মদ সেৱনৰ আন আন অপকাৰিতাবোৰ হৈছে– দীৰ্ঘদিন মদ সেৱন কৰিলে পেটৰ বিভিন্ন সমস্যাই গা কৰি উঠে৷ মদ্যপানৰ ফলত লিভাৰ ৰোগ হয় আৰু এই ৰোগ হ’লে ৰোগীৰ পেট আৰু ভৰিত পানী জমা হয়৷ মাংসপেশী সৰু হ’বলৈ ধৰে৷ মদে সাময়িকভাৱে মস্তিষ্কক উত্তেজিত কৰি তোলে৷ নানা স্নায়ৱিক সমস্যাই গা কৰি উঠে৷ সাময়িকভাৱে ই মস্তিষ্কক উত্তেজিত কৰি তুলিলেও পৰোক্ষভাৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক অকামিলা কৰি পেলায়৷ সেইবাবে বেছিকৈ সেৱন কৰিলে স্বাভাৱিক কাৰ্যত ব্যাঘাত জন্মে৷ সুস্থিৰভাৱে চিন্তা কৰিব পৰা আৰু দূৰলৈ ভাবিব পৰা ক্ষমতা হেৰুৱায়৷ অৰ্থাৎ বেছিকৈ মদ সেৱন কৰা মানুহ দূৰদৰ্শী হ’ব নোৱাৰে৷
আতাই, মদে যৌন জীৱনতো কু-প্ৰভাৱ পেলায়৷ মদ্যপানৰ ফলত সাময়িকভাৱে যৌন উত্তেজনা বৃদ্ধি পালেও সময়ত লাহে লাহে ই হ্ৰাস পাবলৈ ধৰে৷ পৰিণামত অক্ষম যৌন-জীৱন যাপন কৰিবলৈ বাধ্য হৈ লজ্জা, হতাশা আৰু আশংকাত ভুগে৷ আপং প্ৰস্তুত কৰোঁতে ভঁড়ালৰ ধান আধানাৰ্জি হোৱাৰ কথা আৰু আৰ্থিক অৱস্থা বেয়াৰ পৰা অধিকতৰ বেয়ালৈ গতি কৰাৰ কথা নক’লোৱেইবা৷ আৰু আতাই, সদায় মদ খোৱা মানুহৰ যক্ষ্মাৰোগ [Tuberculosis] হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি৷ মদপীক মানসিক অৱসাদগ্ৰস্ততাই গ্ৰাস কৰে৷’
‘মদে চকুৰ দৃষ্টিশক্তিৰো ক্ষতি কৰে আতাই৷ এই কথা তই জাননে নাজান নাজানো যে দৃষ্টিশক্তি স্বাভাৱিক হৈ থাকিবলৈ চকুৰ পানীৰ প্ৰয়োজন হয়৷ মদে এই পানীৰ অভাৱ ঘটায়৷ ফলত সৃষ্টি হয় শুষ্ক চকুৰ৷ শুষ্ক চকুৰ ক্ষেত্ৰত পানীৰ পৰিমাণ স্বাভাৱিক অৱস্থাতকৈ হ্ৰাস পায়৷ মদ্যপানৰ ফলত সৃষ্টি হয় ‘টক্সিক এমপ্লায়োপিক’ ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে আপ্তিক নাৰ্ভডাল ক্ষতিগ্ৰস্ত হয়৷ চকুৰ স্নায়ু যদি এবাৰ আক্ৰান্ত হয় তেন্তে দৃষ্টিশক্তি লোপ নাপায় যদিও ৰং চিনি পোৱাত অসুবিধা হয়৷ এনে হ’লে ৰঙৰ ঘনত্ব নিৰ্ণয়ত ব্যাঘাত জন্মে৷ পিছলৈ দৃষ্টিশক্তি অধিক হ্ৰাস পাবলৈ ধৰে৷ মদ্যপানৰ আৰু বহু অপকাৰিতা আছে৷ কিন্তু আজি বেছি নকওঁ, তই আমনি পাবি ৷ চা আতাই, তই মোৰ অতিকৈ চেনেহৰ বাল্যবন্ধু৷ মই সদায় তোৰ মঙল কামনা কৰি আহিছোঁ আৰু আগলৈও কামনা কৰিম৷ সেয়ে বেছিকৈ মদ নাখাবলৈ কৈ থাকোঁ৷ কাৰণ, অকালতে তোৰ কিবা এটা হ’লে মই বৰ দুখ পাম৷ আই আৰু ল’ৰা-ছোৱালীকেইটাৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব৷ মদ নাখাবলৈ কৈ থাকে বুলি বেয়া পাইছ নেকি আকৌ৷’ বেয়া নাপাবি দেই৷
‘বেয়া নাপাওঁ আতাই৷ মই তোক বেয়া পাব পাৰোঁনে? মোৰ ভালৰ কাৰণেহে তই এনেকৈ কৈছ৷ পিছে মইহে আপং খোৱা এৰিব পৰা নাই৷ অৱশ্যে আগতকৈ কমকৈ খাওঁ’, ক’লে পাপুঙে৷
‘ভাল কৰিছ আতাই৷ অত্যধিক মদ সেৱন কৰিলে আৰু কি কি অপকাৰ হয় তাৰে আৰু দুটামানৰ কথা কৈয়ে লওঁ ঃ মদ্যপান কৰি গাড়ী চলোৱাটো পথ দুৰ্ঘটনাৰ অন্যতম প্ৰধান কাৰণ৷ অত্যধিক মদ্যপানৰ ফলত মগজুত থায়ামিনৰ অভাৱে দেখা দিয়ে৷ থায়ামিনৰ অভাৱ হ’লে স্মৃতিশক্তি হ্ৰাস পায়৷ গৰ্ভৱতী মহিলাই অত্যধিক মদ্যপান কৰিলে গৰ্ভস্থ সন্তানৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ এনে প্ৰভাৱক ‘ফিটেল এলক’হলিজম ছিন্দ্ৰম’ বুলি কোৱা হয়৷ এনে হ’লে শিশুটোৰ ওজন হ্ৰাস পোৱাৰ লগতে মস্তিষ্কৰ গঠনতো ব্যাঘাত জন্মে৷ আনহাতে, শৰীৰত প্ৰয়োজনীয় ভিটামিনৰ অভাৱ হোৱা বাবে মস্তিষ্কৰ স্বাভাৱিক কাৰ্য সম্পাদনতো ব্যাঘাত জন্মিব পাৰে৷ স্বাভাৱিক কাৰ্যত বাধা জন্মিলে অচেতন হোৱাৰো শংকা বৃদ্ধি পায়৷’
‘বাৰু ঠিক আছে আতাই, অত্যধিক মদ সেৱনৰ অপকাৰিতাৰ ওপৰত তই এটা নাতিদীৰ্ঘ ৰচনাই লিখি পেলালি৷ মই ভালেই পাইছোঁ৷ বেয়া পাইছোঁ বুলি নাভাবিবি আকৌ৷ সঁচাকৈ তোৰ কথাখিনিৰ পৰা মোৰ যথেষ্ট লাভ হৈছে৷ আগতে নজনা বহু কথাই তোৰ পৰা জানিলোঁ৷ পিছে এটা কথাহে মই বুজিব পৰা নাই৷ আপঙক তই মদ বুলি যে কৈছ তাকেহে মই বুজিব পৰা নাই৷ মই জনাত আপং খাদ্যৰ পৰিপূৰক পানীয়হে, মদ নহয়৷ সাঁজপানী, জুডিমা, বিলাতী মদ, ফটিকা, ৰুহি আদিকহে মই মদ বুলি জানো--’ পাপুঙৰ মন্তব্য৷ তামেদে ক’লে, ‘কথাটো ঠিক তেনেকুৱা নহয় আতাই, অলপ বেলেগ ধৰণৰ৷ কথাটো অলপ বহলাই ক’ব লাগিব৷’ শুন--
‘আপঙো এবিধ মদেই৷ মিচিং ভাষাত ইয়াক আপং বুলি কোৱা হয়; যিদৰে আহোমে সাঁজপানী, কাৰ্বিয়ে ৰুহি, মিজুৱে জু, ডিমাছাই জুডিমা বুলি কয় তেওঁবিলাকে প্ৰস্তুত কৰা ৰাগিয়াল পানীয়ক৷ আচলতে সকলো মাদক গুণযুক্ত বা সুৰাসাৰ [Alcoholic] পানীয়ই মদ৷ মিচিঙৰ আপঙতো মাদক গুণ থাকে৷ গতিকে ইও মদ৷ অৱশ্যে ইয়াত থকা এলক’হলিক গুণৰ পৰিমাণ কম বুলি কৈছে৷ মুঠতে জু, জুডিমা, ৰুহি, বিলাতী মদ, সাঁজপানী, ফটিকা আদি মাদক গুণযুক্ত পানীয়ৰ দৰেই আপঙো এবিধ মদ৷ সেইবোৰ ৰাগিয়াল পানীয়ৰ দৰে মিচিঙৰ নগিন-পঃৰ’ আপঙেও মগজুত ক্ৰিয়া কৰে৷ সৰহ পৰিমাণে সেৱন কৰিলে মূৰত ধৰে৷ মগজু চঞ্চল বা পাতল হয়, মূৰ ঘূৰাই পৰে৷ চোকা আপং হ’লে তাৰ পৰিমাণ কম হ’লেও মগজুত ক্ৰিয়া কৰে৷ সেয়ে আপঙেই হওক বা অন্য মদেই হওক বেছিকৈ পান কৰিব নালাগে৷ একেবাৰে গ্ৰহণ নকৰাকৈ থাকিব পাৰিলে বেছি ভাল৷ ফটিকা একেবাৰে মুখত দিব নালাগে৷ কিয়নো, এইবিধ মদে সেৱনকাৰীক সোনকালে যমপুৰীলৈ পঠিয়ায়৷’ ‘আজিহে জানিলোঁ আপঙো এবিধ মদেই৷ ইমান দিনে কেতিয়াও দ’কৈ ভবা নাছিলোঁ,’ ক’লে পাপুঙে৷ ‘আচ্চা আতাই, মই যাওঁ৷ মোৰ তাতো পদধূলা দিবি দেই আতাই৷’ তেনেকৈ কৈ পাপুং যাবলৈ ওলাল৷ ‘নি(য় যাম আতাই৷ পিছে মই আপং নাখাওঁ দেই৷ কেৱল চাহ খাম৷ তাকো চেনি নিদিয়া ফিকা চাহ৷’ ক’লে তামেদে৷
তামেদহঁতৰ ঘৰৰ পৰা ঘূৰি আহি ঘৰৰ চোতাল পায়েই পাপুঙে চিঞৰি চিঞৰি ঘৈণীয়েকক ক’লে, ‘হেৰি, ল’ৰা-ছোৱালীহঁতৰ মাক, নগিন-পঃৰ’ কি আছে সোনকালে চাক৷ এইবাৰ আতাইহঁতৰ ঘৰত আপঙৰ প্ৰচলন নেদেখিলোঁ৷ আমাৰ ঘৰৰ দৰেই তেওঁলোকৰ ঘৰতো আগতে পুৱাৰ পৰাই আপং খাবলৈ পাইছিেলাঁ৷ এইবাৰ আপঙৰ চেহেৰা দেখা নপালোঁ৷ মোক চাহ খুৱাইহে পঠিয়াইছে৷’ ‘ৰাতিপুৱাতে চাহেইটো দিব৷ পুৱাই পুৱাই সিবিধ ধৰিবনে? আগতে দিলেও এতিয়া নিদিয়ে৷ এতিয়া সকলোতে পৰিৱৰ্তন আহিছে৷ গোটেই পৃথিৱীৰেই পৰিৱৰ্তন হৈছে৷ আমাৰ জাতিটোৰেই সদায় একো সলনি নোহোৱাকে থাকিব নে? আপং ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰো পৰিৱৰ্তন আহিব লাগে৷ আতাইৰ ভতিজা আৰু বোৱাৰীহঁতে এতিয়া আপং নাখায়েই৷ কেৱল তেখেতৰ বৌৱেকেহে অলপ অলপ খাই থাকে৷ ডাঙৰ ভতিজাটোৱে আপং খাই খাই নিজৰ লিভাৰ নষ্ট কৰি পেলোৱাৰ পাচত তেওঁলোকৰ ঘৰত আপঙৰ চলতি কমাইছে বোলে৷ ভতিজাটোৱে এতিয়াও মাহেষে-পষেকে হাস্পতাললৈ গৈ পানী গুচোৱাই আহে৷ ভতিজাটো কোনোমতেহে যমৰ দুৱাৰমুখৰ পৰা ঘূৰি আহিছে৷ ভাগ্যে আতাইৰ নিচিনা খুৰাৱেক এজন থকা কাৰণেহে বাচিল৷ নহ’লে কাহানিবাই সিপুৰী পালেহেঁতেন৷ শুনিছোঁ, আতায়ে বোলে সম্পূৰ্ণৰূপে আপং খোৱা এৰিছে৷ আতায়ে ভালেই কৰিছে দিয়ক৷ আমাৰহে...........৷’ তেনেকৈ আধৰুৱাকৈ কৈ য়াকাচিয়ে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷
‘থ, থ, তোৰ দীঘলীয়া ভাষণ৷ সোনকালে চাক৷ মোৰ আৰু ধৈৰ্য নাইকিয়া হৈ পৰিছে৷’ পাপুং প্ৰায় চিৎকাৰ কৰি উঠিল৷ ‘ইমান অধৈৰ্য নহ’বচোন৷ মই এতিয়া ভাতকে ৰান্ধিমনে আপঙকে চাকিম? ইপিনে শুকান খৰিও নাই৷ যিবা অলপ আছিল তাকো যোৱা নিশাৰ আপদীয়া বৰষু¸ণ জাকে ভিজাই পেলালে৷ আৰু শাক-পাচলিৰ কথানো কি ক’ম৷ ভাৰস্থখনকেই বাবা বৰমপুত্ৰৰ পানীয়ে বুৰাই পেলালে; শাক-পাচলি পাম ক’ৰ পৰা৷’ ‘তই দেখোন আকৌ লম্বা-চৌৰা ‘লেকচাৰ’ত ধৰিছ৷ এইবোৰ কথা শুনিবলৈ মোৰ ধৈৰ্য নাই বুজিছ? মোক সোনকালে আপং লাগে, চোকা আপং৷ নহ’লে মুগ্য়ঙৰ দোকানলৈ গৈ আচলটোতে ধৰিম৷’ পাপুঙে মুগ্য়ঙৰ দোকানলৈ যাম বুলি কোৱাত য়াকাচিৰ কপালৰ ৰেখা ওলাল গণিব পৰাকৈ৷ কাৰণ, মুগ্য়ঙৰ দোকানলৈ ে.যাৱা মানে কি কৰা এই কথা য়াকাচিৰ জনা আছে৷ অগত্যা ভাত ৰন্ধাৰ সলনি আপঙকে চাকিবলৈ আৰম্ভ কৰিলে য়াকাচিয়ে৷
পাপুঙে আপং খাবলৈ যি বহিল বহিলেই, উঠাৰ নামেই নোলোৱা হ’ল৷ য়াকাচিয়ে ভাত-শাক ৰান্ধি ল’ৰা-ছোৱালীহঁতক বাঢ়ি দি নিজেও খাবলৈ বহি মাত লগালে, ‘আপুনি এইসোপাকে পি থাকিবনে ভাতো খাব? মোৰ কিন্তু ভোক লাগিছে, আৰু ৰ’ব নোৱাৰোঁ৷’ পাপুঙে আপং পি আছে, পি আছে,¸ পি আছে৷ পৰিবাৰে দুবাৰকৈ মাতোঁতেও মাত দিয়া নাই৷ আনকালে আপং খাই খাই ৰামায়ণ-মহাভাৰত গায়৷ আমনি লগাকৈ বকি থাকে৷ বৰ বৰ কথা কয়৷ অমুক কৰিছোঁ তমুক কৰিছোঁ আৰn অমুক কৰিম তমুক কৰিম ইত্যাদি বহু কথা৷ কিন্তু আজি তাৰ সম্পূৰ্ণ বিপৰীত৷ গভীৰভাৱে কিবা চিন্তা কৰি থকাৰ নিচিনা লাগিছে মানুহজনক৷ বন্ধু তামেদে চিন্তাত পেলোৱা কিবা কথা কৈছে নেকি বাৰু? ভাবি ভাবিও পাৰ নাপাই য়াকাচি নিজেও ভাবুক হৈ পৰিল৷ ল’ৰা-ছোৱালীকৈইটাই ভাত খাই উঠি পানীৰ লগত উটি যোৱা কাঠ-খৰি, সাপ-বেং, পানীমেটেকা আদি চাবলৈ পিচফালৰ বাৰাণ্ডালৈ ওলাই গ’ল৷ তামোল-চালি খাই য়াকাচিয়ে টাকুৰীত সূতা কাটিবলৈ আগফালৰ বাৰাণ্ডা পালে৷ ভিতৰত পাপুং অকলে অৱগাহন কৰি থাকিল সুৰাৰ সাগৰ মহাসাগৰত৷
বহুত পৰৰ মূৰতহে পাপুঙৰ নিৰৱতা ভংগ হ’ল৷ তেওঁৰ মুখৰ পৰা মাত ওলাল৷ ইমান পৰে আপঙেই খালেনে আকাশ-পাতালেই ভাবি থাকিল নিজেই ধৰিব নোৱাৰিলে৷ কলহৰ তলি উদং হোৱা দেখিহে হুচ আহিল যে তেওঁ আপঙেই খালে৷ তেওঁ চিঞৰি চিঞৰি ঘৈণীয়েকক মাতিলে, ‘মহাৰাণীজী আপ কহা হো?’ মদ খালেই পাপুঙৰ মুখৰ পৰা হৰ হৰকৈ হিন্দী শব্দ ওলায়; ভালেকৈয়ে হিন্দী ক’ব পৰা হয়৷ ভালেমান ইংৰাজী শব্দও জিভা পিছলি ওলাই আহে৷ ঘৈণীয়েক য়াকাচিয়ে বাহিৰৰ পৰাই মাত লগালে, ‘মই ইয়াতে আছোঁ, আগ বাৰাণ্ডাত৷ ভাত খাবনে খালে?’ ‘হেৰি, ভাত খাবলৈ মন যোৱা নাইহে৷ ভোক একেবাৰে নাই৷ অলপ দোকানৰ পৰাহে আহোঁ বুলিছোঁ৷’ ‘দোকান মানে কাৰ দোকান? মুগ্য়ঙৰ দোকানলৈ নাযাব দেই--’ য়াকাচিৰ অনুনয়৷ কিয়নো, য়াকাচিয়ে জানে যে মুগ্য়ঙৰ দোকানলৈ যোৱা মানে ফটিকা গলাধঃকৰণ কৰা৷ পৰিবাৰক আশ্বস্ত কৰিবলৈকে পাপুঙে ক’লে, ‘হেৰৌ, সেই বান্দৰমুখীয়া ম্ুগ্য়ঙৰ দোকানলৈ মই মুখ ঘূৰায়ো নাচাওঁ৷ তই নিশ্চিন্ত থাক৷’ এইবুলি কৈ নাও মেলি পাপুং গ’ল মথাউৰিৰ ওপৰত থকা দোকানলৈ৷ দোকানলৈ পাপুং যি ওলাই গ’ল গ’লেই৷ কেতিয়াও উভতি নাহিল ঘৰলৈ৷
মথাউৰিৰ ওপৰত দুখন দোকান আছে-- এখন পাংকঙৰ গেলামাল ওৰফে মণিহাৰী দোকান আৰু আনখন মুগ্য়ঙৰ চাহৰ হোটেল ওৰফে মদৰ দোকান৷ পাংকঙৰ দোকানখনত গেলামালৰ লগতে মণিহাৰী সামগ্ৰীও বেচা হয়৷ আনহাতে, মুগ্য়ঙৰ দোকানত চাহৰ লগতে মদো পায়৷ মাত্ৰ মদ খোৱা জেগা আৰু চাহ খোৱা জেগাৰ মাজত পাতল তৰ্জাৰ বেৰা এখন দিয়া আছে৷ মুগ্য়ঙৰ দোকানত পদাৰ্পণ কৰিয়েই পাপুঙে এপিয়লা চাহৰ ‘অৰ্ডাৰ’ দিলে৷ তেওঁ চাহ খোৱাৰ মাজতে কথাচহকী মুগ্য়ঙে কথাৰ বকলা মেলিলে৷ প্ৰধানকৈ ভাদ মাহৰ শেহৰ ফালে হোৱা প্ৰলয়ংকৰী বানটোৰ কথাই ঠাই পালে৷
‘দিনকাল একেবাৰে বদলিল পাপুং কাইটি৷ আগতে আহাৰ-শওণ মাহতহে বান আহিছিল৷ আজিকালি ভাদ মাহো বানপানীৰ বতৰ হৈ পৰিছে৷ আমাৰ দেউতাই কৈছিল, ‘ভাদৰ পানী বাটে বাটে যায়৷’ ‘পিছে আজিকালি দেখিছোঁ ভাদৰ পানী বাটে বাটে নাযায়৷ পৃথিৱীৰ জলবায়ু যেন পিছলৈ গৈ আছে৷ পূৰ্বৰ তুলনাত সম্পূৰ্ণ এমাহ পিছুৱাই যোৱা চকুত পৰিছে৷’ একপ্ৰকাৰ স্বগতোক্তি কৰাৰ দৰেই ক’লে মুগ্য়ঙে৷ কথাৰ মাজে মাজে সিবিধ ধৰিবনে বুলি পাপুঙক সুধিবলৈও নাপাহৰিলে তেওঁ৷ পাপুঙে প্ৰথমে প্ৰত্যাখ্যান কৰিছিল৷ কিন্তু পাচত নধৰাকৈ থাকিব নোৱাৰিলে৷ তথাপি এগিলাচহে খাম বুলি ক’লে৷ পিছে এগিলাচহে খাম বুলি কৈ তিনি চাৰি গিলাচ ফটিকা গলাধঃকৰণ কৰিলে৷ লাহে লাহে বেলি লহিয়াবলৈ ধৰিলে৷ পাপুঙৰ কথাৰো লাগ-বান্ধ নোহোৱা হৈ আহিব ধৰিছে৷ ওচৰতে বহি চাহ খাই থকা দূৰ সম্পৰ্কীয় ভাগিন লাচনে কথাটো মন কৰি ঘৰলৈ যাবলৈ অনুৰোধ কৰিলে৷ কিন্তু অলপতে আন্ধাৰ হ’ব যাওকগৈ বুলি কওঁতেও পাপুঙে ঘৰলৈ যোৱাৰ নাম লোৱা নাই৷ অগত্যা লাচনে চাহ-ফটিকাৰ পইচা দিয়াই নাৱত তুলি দি যাবলৈ দিলে৷ নাৱত উঠাই দি লাচনে সুধিলে, ‘নাও বাব পাৰিবনে মামা?’ ‘খুব ভালকৈ পাৰিম৷ তই চিন্তাই নকৰিবি,’ ক’লে পাপুঙে৷ নাও মেলি পাপুং ঘৰমুৱা হ’ল৷ কিছুক্ষণৰ পাচত আন্ধি-কণা সন্ধিয়াত অদূৰত এটা শব্দ হ’ল-- ‘জপং’৷ গুৰিয়ালবিহীন নাওখনি ভটিয়নী পানীৰ সোঁতে সোঁতে টুলুং-ভুটুংকৈ ভাহি গৈ থাকিল৷
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment