শিশু শ্ৰমিক সমাজৰ এক জ্বলন্ত সমস্যা
পৱিত্ৰ কুমাৰ পাংগিং
ভৰত চুক, ঢকুৱাখনা
আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত আৰু মানৱ সমাজৰ বাবে শ্ৰেষ্ঠ সম্পদ। কথাষাৰৰ প্ৰাসংগিকতা নিশ্চয়কৈ সকলোৱে অনুভৱ কৰিব পাৰিছে। অৱশ্যে আজিৰ শিশুক কাইলৈ দেশৰ নাগৰিক বা সমাজৰ ভবিষ্যতৰ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ’লে এক সুস্থ সবল পৰিৱেশৰ বাতাবৰণ অতীৱ প্ৰয়োজন। এই পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে দাহিত্ব আৰু কৰ্তব্যৰ কথা স্বীকাৰ কৰা উচিত। কিয়নো আজিৰ শিশুৰ ভবিষ্যতে দেশৰ বা সমাজৰ প্ৰগতিৰ বাট মুকলি কৰি উত্থানৰ দিশে আগুৱাই যোৱাত বিশেষ অৰিহণা যোগাব বুলি নিঃসন্দেহে আশা কৰিব পাৰি। যিহেতু এখন সমাজৰ শিশুসকলক কৰা ব্যৱহাৰতেই সমাজৰ আত্মপ্ৰকাশ পায়। এই সম্পৰ্কে নেলচন মাণ্ডেলাৰ চিন্তাটো প্ৰকাশ পোৱা দেখা যায়। তেওঁ কৈছিল- “There can be no keener nevelation of a society's soul than the way in which it treats it's children.” সেইয়ে সমাজ এখনৰ ভবিষ্যত উন্নতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিষয়টিয়েই হৈছে শিশুসকলৰ স্বাস্থ্য আৰু প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰাত গুৰুত্ব দিয়াটো। কিন্তু সম্প্ৰতিও এই পৰিৱেশ সম্পূৰ্ণৰূপে গঢ়ি উঠিছে বুলি কোৱা টান। কিয়নো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সাফল্যৰ চৰম অৱস্থাটো সমাজত শিশু শ্ৰমিকৰ সংখ্যা কমি যোৱা নাই। আৰু যি সময়ত আধুনিক শিক্ষাৰে সমাজ শিক্ষিত হৈছে বুলি দাবী কৰিব খোজে, যি সমাজক আধুনিক সমাজ বুলি পৰিচয় দিব খোজে, এই সময়তো শিশু শ্ৰমিক সমাজৰ চুকে-কুণে সিঁচৰিত হৈ থকাটো দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয়। শিশুৱে যি সময়ত মুক্ত মনে হাঁহি ধেমালিৰে পৰিয়াল অথবা ওচৰ চুবুৰীয়াৰ লগৰীয়াৰ সৈতে পখিলা খেদি সীমাহীন আনন্দ উপভোগ কৰাৰ সময়তে জীৱনৰ সৰ্বোচ্চ ভাৰ কান্দত লৈ এমুঠি অন্নৰ বাবে শ্ৰমদান কৰিবলগীয়া হয় তেন্তে এয়া অভিভাৱক আৰু সুধী সমাজৰ বাবে এক লজ্জিত বিষয়। এনে জ্বলন্ত সমস্যাৰ পৰা মুক্ত হোৱাৰ উত্তম উপায়টোৱে হৈছে সমাজ সচেতনতা। অন্যথা শিশু শ্ৰমিক সমাজত দিনক দিনে বৃদ্ধি পোৱাটো স্বাভাৱিক।
বৰ্তমান সময়তো শিশু শ্ৰমিক সমাজৰ বাবে এক প্ৰধান সমস্যাৰূপে দেখা দিয়াটো এক চিন্তনীয় আৰু উদ্বেগৰ বিষয়। যাৰ ভবিষ্যত অবিহনে সমাজৰ প্ৰগতিৰ পথ মুকলি হোৱাটো আশা কৰিব নোৱাৰি। ভাৰত চৰকাৰে শিশু শ্ৰমিক বন্ধ কৰাৰ লক্ষ্যৰে ১৯৭৯ চনত পোন প্ৰথমবাৰৰ বাবে “গুৰুপদ স্বামী” নামেৰে এখন কমিটি গঠন কৰে। এই কমিটিৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি শিশু শ্ৰমিক বৃদ্ধি হোৱাৰ প্ৰধান কাৰণ হৈছে দৰিদ্ৰতা আৰু অভিভাৱকৰ নিৰক্ষৰতা। ইয়াৰ উপৰিও জনসংখ্যা বৃদ্ধি, জন সচেতনতাৰ অভাৱ, শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা লোক বা উদ্যোগৰ বিৰুদ্ধে ভাৰতত কঠোৰ আইন নথকা আদিক আঙুলিয়াব লাগিব। লগতে বৰ্তমান ভাৰতবৰ্ষত শিশুসকলক ১৪ বছৰ বয়সলৈ কিতাপ পত্ৰ তথা দুপৰীয়াৰ আহাৰ বিনামূলীয়াকৈ দিয়াৰ আঁচনি গ্ৰহণ কৰিছে যদিও এনে আঁচনি দেশৰ সকলো ঠাইতে সম্পূৰ্ণৰূপে প্ৰভাৱ পেলাব পাৰিছে বুলি ক’ব নোৱাৰি। যাৰ ফলত এচাম শিশুৱে শাৰীৰিক শ্ৰম দানকে জীৱিকাৰ পথ হিচাপে বাছি লৈছে। প্ৰধানকৈ এনেবোৰ কাৰণতে সমাজত শিশু শ্ৰমিক বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। ইউনিচেফৰ মতে- শিশু শ্ৰমিক বৃদ্ধি পোৱাৰ মূখ্য কাৰণ হৈছে নাগৰিকৰ দুৰ্বল অৰ্থনীতি অৱস্থা। আৰু বিবিচি (BBC)ৰ অনুসন্ধানৰ তথ্য মতে ইয়াৰ কাৰণ দৰিদ্ৰতা আৰু জনসাধাৰণৰ শিক্ষা তথা কৰ্মৰ আন্ত:গাথনিৰ অভাৱ। উক্ত কথাবোৰৰ পৰাই নিশ্চিত ভাৱে ক'ব পাৰি যে দৰিদ্ৰতা, নিৰক্ষৰতা আৰু জনসংখ্যা বৃদ্ধি আদিয়ে প্ৰধানকৈ সমাজত শিশু শ্ৰমিক নিয়ন্ত্ৰণ কৰাত এঙাৰ সৃষ্টি কৰিছে। গুৰুপদ স্বামী কমিটিৰ পৰামৰ্শ অনুসৰিয়ে ১৯৮৬ চনত শিশু শ্ৰমিক নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হয় আৰু ১৯৮৭ চনত শিশুৰ শ্ৰমৰ ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ কৰা হয়। পিছে এই আইনখন ২০১৬ চনত কিছু সলনি কৰি “শিশু আৰু কিশোৰ শ্ৰমিক বিৰোধী আইন” হিচাবে সংশোধন কৰি প্ৰণয়ন কৰে। এই আইন অনুসৰি ১৪ বছৰৰ শিশুৰ উপৰিও ১৮ বছৰ বয়সৰ কিশোৰৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰা হয়। এই আইনৰ মতে কিশোৰ এজনে দীঘলীয়াকৈ বিদ্যালয় বন্ধ পালে আৰু বিদ্যালয়ৰ চুটি হোৱাৰ পিছত নিজৰ লগতে পৰিয়ালক ঘৰুৱা কাম-কাজত সহায় কৰিব পৰাকৈ অনুমতি প্ৰদান কৰিছে। অন্যহাতে এই আইন ভংগ কৰিলে আৰু শিশু অধিকাৰৰ পৰা বঞ্চিত কৰিলে জৰিমনা বিহাৰ ব্যৱস্হাও আইনখনত সন্নিবিষ্ট কৰা হৈছে। যদিও আইনখন কিমান কাৰ্যকৰীকৰণ কৰাত ফলপ্ৰসূ হৈছে এয়া বিচাৰ্যৰ বিষয়। কিয়নো বৰ্তমানো শিশু শ্ৰমিক সমস্যাক সমাজৰ পৰা সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰিছে বুলি ক'ব নোৱাৰি। যিহেতু শিশু শ্ৰমিক আজিও বিভিন্ন স্থানত নিয়োগ কৰা প্ৰত্যক্ষ কৰোঁ। বিশেষকৈ হোটেল-ৰেষ্টুৰেন্ট, আতচবাজী উদ্যোগ, দিয়াশলাই উদ্যোগ , প্লাষ্টিক বোটলা, ইলেকট্ৰনিক উদ্যোগ আৰু বস্ত্ৰ উদ্যোগ আদি উদ্যোগবোৰত প্ৰধানকৈ শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এচাম লোকে ঘৰৰ বন কৰা হিচাপেও ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰোঁ। এনেবোৰ পৰিৱেশৰ বাতাবৰণে শিশুসকলৰ ভবিষ্যত গঢ়াৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰিবনে? আজিৰ শিশুৰ অবিহনে ভবিষ্যতে এখন সুস্থ সৱল সমাজ আশা কৰিব পাৰিনে ? শাৰীৰিক মানসিকভাৱে সুস্থ কৰি তুলিব পাৰিবনে? এয়া এক ডাঙৰ প্ৰশ্ন। এই প্ৰশ্ন প্ৰত্যেকজন দেশৰ নাগৰিকে নিজকে সুধা উচিত। কিয়নো শিশু শ্ৰমিক নিৰ্মূল কৰাৰ দায়িত্ব আৰু কৰ্তব্য প্ৰত্যেকজন দেশৰ নাগৰিকৰ। যিহেতু এজন বা দুজন ব্যক্তিয়ে এনে সমস্যা নিৰ্মূল কৰিব পৰাটো সম্ভৱ নহয়।
আজিৰ শিশু কাইলৈ দেশৰ ভবিষ্যত। গতিকে আজিৰ শিশুৰ বাবে যদিহে সুস্থ পৰিৱেশৰ বাতাবৰণ সৃষ্টি কৰিব নোৱাৰোঁ তেন্তে দেশৰ বা সমাজৰ ভবিষ্যত আশা কৰা উচিত বুলি নাভাবোঁ। এইয়ে শিশু শ্ৰমিক দেশ বা সমাজৰ পৰা নোহোৱা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ শিশু শ্ৰমিক সমাজৰ পৰা নোহোৱা কৰিবলৈ হ’লে অভিভাৱকসকলে সম্পূৰ্ণ সচেতন হ’ব লাগিব, জনসংখ্যা বৃদ্ধি হ্ৰাস কৰা আৰু দেশৰ জনসাধাৰণ সকলোৱে এই ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাটো নিতান্তই প্ৰয়োজন লগতে চৰকাৰেও কাৰ্যকৰী ভূমিকা লৈ শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা লোক বা উদ্যোগৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো উচিত। অন্যথা দেশৰ বা সমাজৰ ভবিষ্যত প্ৰগতিৰ বাটত হেঙাৰ সৃষ্টি হোৱাটো স্বাভাৱিক।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment